Happy Holi 2025: হোলীৰ শুভেচ্ছাঃ আপোনজনক প্ৰেৰণ কৰক ‘হোলী গীত’ৰ সৈতে ৰঙৰ উৎসৱৰ শুভকামনা…
Happy holi 2025 wish: মাত্ৰ এটা দিন পাছতেই সমগ্ৰ দেশবাসীয়ে উলহ-মালহেৰে পালন কৰিব ৰঙৰ উৎসৱ ফাকুৱা। এই সময়চোৱাত সকলোৱে মিলি এজনে আনজনক ৰং লগাই, হোলী গীত গাই আনন্দ কৰে।

মাত্ৰ এটা দিন পাছতেই সমগ্ৰ দেশবাসীয়ে পালন কৰিব ৰঙৰ উৎসৱ ফাকুৱা। ইতিমধ্যে ইয়াৰ বাবে সাজু হৈছে দেশবাসী। এই সময়চোৱাত অসমৰ বিভিন্ন স্থানত দৌল উৎসৱ পালন কৰা হয়। মুঠতে হোলী মানে আনন্দ, সুখ, প্ৰেম আৰু ৰঙৰ উৎসৱ । হিন্দু পঞ্জিকা অনুসৰি ১৩ মাৰ্চ বৃহস্পতিবাৰৰ পৰা পুৱা ১০:৩৫ বজাৰ পৰা ফাগুন মাহৰ পূৰ্ণিমা আৰম্ভ হ’ব। এই তিথি ১৪ মাৰ্চ দুপৰীয়া ১২:২৩ বজাত শেষ হ’ব। এনে পৰিস্থিতিত ২০২৫ চনৰ ১৪ মাৰ্চত হ’ব ৰঙৰ উৎসৱ হোলী।
হোলী সদায় পৰিয়াল বা বন্ধু বৰ্গৰ সৈতে খেলি ভাল লাগে। কিন্তু কেতিয়াবা বিভিন্ন কাৰণত ঘৰৰ পৰা বা বন্ধুবৰ্গৰ পৰা আঁতৰত থাকি হোলী উদযাপন কৰিবলগীয়া হয়। তেনেস্থলত আপুনি ফোন বা মেছেজৰ জৰিয়তে আপোনজনক ফাকুৱা বা হোলীৰ শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে। তলত কেইটামান শুভেচ্ছা বাৰ্তা উল্লেখ কৰা হ’ল-
- ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত শুভেচ্ছা। হোলীৰ ৰঙে ৰঙীণ কৰি তোলক আপোনাৰ জীৱন।
- হোলীৰ বহুত বহুত শুভেচ্ছা। আশা কৰো আবিৰৰ ৰঙে সুখ-শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক আপোনাৰ জীৱনলৈ।
- আপোনাৰ আৰু আপোনাৰ পৰিয়াললৈ হোলীৰ বহুত শুভেচ্ছা। হোলীৰ নানা ৰঙীৰ ৰঙৰ দৰে ৰঙীণ হৈ পৰক আপোনাৰ জীৱন। happy holi
- ফাকুৱাৰ শুভেচ্ছা। আশা কৰো এই শুভ ক্ষণে তোমাৰ জীৱনলৈ কঢ়িয়াই আনক অনবিল প্ৰেম আৰু সুখ-শান্তি , সমৃদ্ধি।happy holi
- হোলীৰ শুভেচ্ছা। আশা কৰো হোলীৰ ৰঙে জিলিকাই তোলক আমাৰ পৃথিৱী। happy holi
হোলী গীতৰ সৈতে শুভেচ্ছা-
- ৰঙৰে জুই জ্বলিল আজি পলাশৰ ডালতে/ ফাগুণৰে বা লাগিল নিকুঞ্জবনতে/ আহা আমি খেলো হোলী বসন্ত বেলাতে,- হোলীৰ বহুত শুভেচ্ছা। (কন্ঠঃ জুবিন গাৰ্গ)।
- আজি ফাগুণৰ এই মধুৰ লগন, মন মোৰ উৰি নাচে জাগে ত্ৰিভুবন,খেল হোলী কমল লোচন- হোলীৰ বহুত শুভেচ্ছা। (কণ্ঠ- পাপন)
- শ্যাম খেলে হোলী গোপ-গোপী মিলি বৃন্দাবনে, আজি ময়ুৰ-ময়ুৰী নাচে বনে বনে- সকলোলৈ হোলীৰ বহুত শুভেচ্ছা ( কণ্ঠঃ দীক্ষু)
- শ্যাম কানু খেলে হোলী আবিৰ উৰাই, দুলি দুলি নাচে সবে ৰঙে ৰং লগায়- সকলোলৈ ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা । (কণ্ঠঃ জুবিন গাৰ্গ)
- মধুকৰে গুঞ্জৰে কি বাতৰি পায়, চুমা চুমি কৰে ফুলে মধু মলয়াই – সকলোললৈ হোলীৰ বহুত শুভেচ্ছা। (কণ্ঠঃ জুবিন গাৰ্গ)
- আহা হোলি খেলো ভাই আজি মিলন গীতটি গায়- ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত শুভেচ্ছা।(কণ্ঠঃ জুবিন গাৰ্গ)
- ফাগুণ বনত কোনে মুৰুলী বজাই,আজি মনৰ যমুনা নদী বৈছে উজায়- সকলোলৈ ফাকুৱাৰ শুভেচ্ছা। (কণ্ঠঃ জুবিন গাৰ্গ)
- আহা আমি খেলো হোলী সুৰে সুৰে দুলি দুলি, অনুৰাগ যাচো প্ৰাণ খুলি, বাউলী ফাগুণী বাৱে মিলন গীত গায়- সকলোলৈ ফাকুৱাৰ শুভেচ্ছা। (কণ্ঠঃ জুবিন গাৰ্গ)
- মাধৱী ৰূপালী নিশা, প্ৰাণত পৰশ তৃষা, জাগে বৰষ তৃষা, শ্যাম সংগে নাচে গোপী আনন্দ কৰিয়া- সকলোলৈ ফাকুৱাৰ শুভেচ্ছা। (কণ্ঠঃ জুবিন গাৰ্গ)
- ব্ৰজ গোপ গোপী মাজে নাগৰ কানাই নাচে, জনে জনে কুমকুম যাচে,ভৱনে ভৱনে আজি ৰং ৰূপ উঠে জাগি, সবে মিলি হৰি সংগ হৰিগুণ গায়-সকলোলৈ ফাকুৱাৰ শুভেচ্ছা। (কণ্ঠঃ জুবিন গাৰ্গ)
অন্য খবৰ পঢ়কঃ Holi wishes: আপোনজনক এনেদৰে প্ৰেৰণ কৰক ৰঙৰ উৎসৱ হোলীৰ শুভ বাৰ্তা…