5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

শুভ নৱবৰ্ষঃ আপুনিও এনেদৰে আপোনজনক জনাওক শুভেচ্ছা…

আজি ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন। আজি ২০২৫ চনৰ ১ জানুৱাৰী। নতুন বছৰ বুলি এই বিশেষ দিনটোত আপুনিও আপোনজনক জনাওক শুভেচ্ছা।

শুভ নৱবৰ্ষঃ আপুনিও এনেদৰে আপোনজনক জনাওক শুভেচ্ছা…
নতুন বছৰৰ শুভেচ্ছাImage Credit source: tv9 hindi
barasha-sarma
Barasha Sarma | Published: 01 Jan 2025 09:15 AM

এই সময় নতুনৰ। আৰম্ভ হ’ল নতুন বছৰ ২০২৫। চকুৰ আগতে ২০২৪ বৰ্ষটি কেৱল স্মৃতি হৈ ৰৈ গ’ল। নতুন বুলি ক’লেই আশা,নতুন বুলি ক’লেই সপোন আৰু নতুন বুলি ক’লেই সম্ভাৱনা। সেয়ে হয়তো সকলো নতুনৰ মোহত অভ্যস্ত। ২০২৫ বৰ্ষৰ আজি যে সকলো নতুন। নতুন পুৱা, নতুন সূৰ্যৰ কিৰণ, নতুন দিন, নতুন বছৰ। পুৱা শোৱাপাটীৰ পৰা উঠি দিয়া খোজটোও বছৰৰ নতুন। মুঠতে আজি সকলো নতুন, আজি ইংৰাজী নৱবৰ্ষৰ ২০২৫ ৰ ১ তাৰিখ।

বহু অপেক্ষা, বহু প্ৰস্তুতিৰ অন্তত বহু আশা লৈ আহিল ইংৰাজী নৱবৰ্ষ ২০২৫। কালি নিশাটো বিভিন্নজনে ধুম ধামেৰে পুৰণিক বিদায় দি নতুনক আদৰিলে। নতুন বছৰ বুলি আজি বহুতে পিকনিক যাব, মন্দিৰলৈ যাব বা আন কোনোবা ঠাইত ফুৰিবলৈ যাব। ভাল বেয়াৰ মাজেৰে পাৰ হ’ল ২০২৪। আহিবলগীয়া দিন কেইটা যাতে ভাল হয় তাৰ বাবে আপুনিও আপোনজনক প্ৰেৰণ কৰক শুভকামনা। তলত উল্লেখ কৰা ধৰণে প্ৰেৰণ কৰিব পাৰে শুভকামনা।

 

  1. শুভ নৱবৰ্ষ ২০২৫। আহিবলগীয়া দিন কেইটাই তোমাৰ জীৱনলৈ সুখ- সমৃদ্ধি কঢ়িয়াই আনক।
  2. হেপ্পী নিউ য়েৰ ২০২৫। তোমাৰ আৰু তোমাৰ পৰিয়ালৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ নতুন বৰ্ষৰ হিয়াভৰা শুভেচ্ছা।
  3. এই সময় নতুনক আদৰাৰ। অতীতৰ পৰা শিক্ষা লৈ বৰ্তমানত ভালদৰে আগবাঢ়ি যোৱা , Happy new year 2025
  4. Happy new year 2025, আশা কৰো তোমাৰ জীৱনলৈ সকলো সুখ, সফলতা আৰু সমৃদ্ধি আহক। সদায় সুখী হোৱা।
  5. Happy new year 2025,  নেদেখাজনলৈ প্ৰাৰ্থনা, সফলতা তোমাৰ সংগী হওক, সুখ তোমাৰ ছাঁ হওক, আৰু শান্তি তোমাৰ লগত থাকক। তোমালৈ হিয়াভৰা শুভেচ্ছা।
  6. Happy new year 2025. তোমালৈ নৱবৰ্ষৰ বহুত শুভেচ্ছা। তুমি সদায় সুখী হোৱা, বিচৰা সকলো খিনি যাতে পোৱা ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা। স্বাস্থ্যবান হোৱা তুমি।
  7. এই নতুন বছৰত তোমাৰ সকলো সপোন পূৰণ হওক। Happy new year 2025
  8. আহক দুবাহু মেলি নতুন বছৰ আঁকোৱালি লও, সুখ- শান্তি বোৰ জেপত ভৰাই থও। Happy new year 2025
  9. আজি নতুন  পুৱা। আহিবলগীয়া সকলো দিন সুখৰ হওক তোমাৰ। Happy new year 2025
  10. Happy new year 2025, নতুন মানে আশা, নতুন মানে সম্ভাৱনা। নতুন আশা লৈ জীৱনত আগবাঢ়ি যোৱা। তোমালৈ বহুত শুভকামনা।
  11. Happy new year 2025 সুখ, সমৃদ্ধি, সফলতা হওক তোমাৰ সংগী, দীৰ্ঘায়ু হোৱা তুমি, তোমালৈ নৱবৰ্ষৰ শুভেচ্ছা।
  12. এই নতুন বছৰত নতুন আশাৰে প্ৰতিটো দিন আৰম্ভ কৰক।Happy new year 2025
  13. নতুন বছৰে আপোনাক সুখ আৰু সফলতাৰ পথত লৈ যাওক। নতুন বছৰৰ শুভেচ্ছা থাকিল।
  14. নতুন বছৰে আপোনাৰ জীৱনত প্ৰেম আৰু সমৃদ্ধি কঢ়িয়াই আনক… নতুন বছৰৰ শুভেচ্ছা থাকিল!

Latest News