5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Happy new year 2025: আপোনজনলৈ এনেকৈ প্ৰেৰণ কৰক নৱবৰ্ষ ২০২৫ ৰ শুভকামনা…

Happy new year 2025: এই সময় পুৰণিক বিদায় দি নতুনক আদৰাৰ। মাজত মাত্ৰ কেইটামান দিন বাকী। ইয়াৰ পাছতেই আহিব নতুন বছৰ ২০২৫। ইয়াকে লৈ বিভিন্নজনে আৰম্ভ কৰিছে প্ৰস্তুতি।

Happy new year 2025: আপোনজনলৈ এনেকৈ প্ৰেৰণ কৰক নৱবৰ্ষ ২০২৫ ৰ শুভকামনা…
শুভ নৱবৰ্ষ ২০২৫Image Credit source: META AI
barasha-sarma
Barasha Sarma | Updated On: 29 Dec 2024 22:10 PM

নতুন বছৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী।  আজিৰ পৰা প্ৰায় ২টা দিন পাছতেই আহিব ইংৰাজী নতুন বছৰ ২০২৫। ইতিমধ্যে আহিবলগীয়া বছৰটোক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে বিভিন্নজনে। ২০২৪ বৰ্ষটিত বিদায় দি নতুনক আদৰাৰ সময়ত বনভোজলৈ গৈছে বিভিন্নজন। মুঠতে আহিবলগীয়া নতুন সময়ক লৈ বিভিন্নজনে কৰিছে পৰিকল্পনা। এই সময়চোৱাত আত্মীয় স্বজনৰ পৰা, বন্ধু বান্ধৱী, প্ৰিয়জন সকলোকে সকলোৱে জনাই নতুন বছৰৰ শুভকানা। ওচৰৰ পৰা নহলেও হোৱাটছ এপ, ফেচবুক আদিৰ জৰিয়তে এই শুভকামনা জনাব পাৰিব।

তলত উল্লেখ কৰা ধৰণে আপুনি আপোনজনক জনাব পাৰে নতুন বছৰৰ শুভেচ্ছা-

  • নতুন বছৰৰ এই সময়চোৱাত তোমাৰ আৰু তোমাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ নতুন বছৰৰ বহুত বহুত শুভেচ্ছা।  আশা কৰো আহিবলগীয়া সময়খিনি তোমাৰ বাবে শুভ হওক।
  • Happy new year বন্ধু। আশা কৰো নতুন বছৰটি তোমাৰ বাবে অধিক সুখকৰ হওক।
  • নতুন বছৰৰ বহুত শুভেচ্ছা। আশা কৰো নতুন বছৰে তোমাৰ জীৱনলৈ সুখ- সমৃদ্ধি কঢ়িয়াই আনক।
  • এই সময় নতুনক আদৰাৰ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা এটাই, আহিবলগীয়া সময়ত তোমাৰ জীৱনলৈ আহক সকলো সুখ -শান্তি। Happy new year.
  • নতুন বছৰৰ প্ৰতিটো দিন তোমাৰ বাবে ৰঙীণ আৰু সুখময় হৈ উঠক।Happy new year 2025.
  • অতীতৰ বেয়া সময় পাহৰি নতুনকৈ  সকলো আৰম্ভ কৰাৰ সময় এয়া। আশা কৰো ইংৰাজী নতুন বৰ্ষলৈ তোমালৈ লৈ আনক সকলো সুখ, শান্তি আৰু প্ৰগতি।
  • কেৱল প্ৰথম দিনটোয়ে নহয়, আহিবলগীয়া প্ৰতিটো  দিনে তোমাৰ সুখৰ হওক. বিচৰা সকলো বস্তু যেন তুমি নতুন বছৰত লাভ কৰা।  Happy new year 2025.
  • ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা। আহিবলগীয়া প্ৰতিটো দিন তোমাৰ সুখৰ হওক।Happy new year 2025.
  • নতুন বছৰৰ নতুন কিৰণে তোমাৰ জীৱন উজ্বলাই তোলক। তোমাৰ লগতে তোমাৰ পৰিয়ালেও যেন নতুন বছৰত সকলো সুখ-শান্তি লাভ কৰে। Happy new year 2025.
  • নতুন বছৰৰ শুভেচ্ছা। তোমাৰ সুখ, শান্তি, প্ৰগতিৰ কামনা কৰিছো। ইশ্বৰে মংগল কৰক তোমাৰ। Happy new year 2025.
  • Happy new year 2025 বন্ধু। আশা কৰো আহিবলগীয়া সময়খিনি আমাৰ বন্ধুত্ব আৰু মধুৰ হৈ উঠক।
  • ২০২৪ ৰ প্ৰতিটো ধুনীয়া সময়ৰ বাবে সকলোকে ধন্যবাদ। আশা কৰো আহিবলগীয়া বছৰটো সকলোৰে শুভ হওক।Happy new year 2025.
  • হেপ্পী নিউ য়েৰ। নতুন বছৰৰ নতুন পুৱাই তোমাৰ জীৱনলৈ কঢ়িয়াই আনক সকলো কিৰণ। Happy new year 2025.

হোৱাটছ এপ বাৰ্তা

  • জীৱনৰ প্ৰতিটো পথত সফলতা হওক তোমাৰ সংগী, জীৱনৰ প্ৰতি সময়ত সুখ হওক তোমাৰ ছাঁ, তোমালৈ ইংৰাজী নতুন বছৰৰ বহুত বহুত শুভেচ্ছা।Happy new year 2025.
  • নতুন বছৰ আহে, নতুন বছৰ যায়! আশা কৰো, এই নতুন বছৰত তুমি মনে বিচৰা সকলো বস্তু লাভ কৰা। তোমালৈ Happy new year 2025.
  • নৱবৰ্ষত আপোনাৰ জীৱন আনন্দৰে ভৰি ভৰক। সু স্বাস্থ্যৰ অধিকাৰী হওক আৰু সফলতাৰ উচ্চ শিখৰলৈ গতি কৰক। আপোনালৈ নতুন বছৰৰ শুভেচ্ছা।
  • নতুন বছৰ, নতুন পুৱা আৰু নতুন আশা। প্ৰাৰ্থনা এটাই, আহিবলগীয়া সময়খিনিত তোমাৰ জীৱনত সংযোগ হওক আৰু বহুত ভাল লগা জীৱনৰ পৃষ্ঠা। তোমালৈ নৱবৰ্ষৰ শুভেচ্ছা।
  • হাঁহি আৰু আনন্দৰে আৰম্ভ কৰা নতুন বছৰ। আহিবলগীয়া সময়খিনিও হওক তোমাৰ বাবে সুখৰ সময়। তোমালৈ নতুন বছৰৰ শুভেচ্ছা।
  • এই সময় নতুনক আদৰাৰ। জীৱন নামৰ সংগ্ৰামখনত পুনৰ ১২ টা অধ্যায়, ৩৬৫ টা পৃষ্ঠা সংযোগ কৰাৰ সময় এয়া। আশা কৰো, প্ৰতিটো পৃষ্ঠাত তোমাৰ নামৰ লিখা থাকক সফলতা আৰু আনন্দ। Happy new year 2025.
  • দুবাহু মেলি আঁকোৱালি লোৱা নতুন বছৰক । ভগৱানৰ ওচৰত প্ৰাৰ্থনা, ২০২৫ য়ে তোমাক দিয়ক সুখ- শান্তি আৰু সমৃদ্ধি।Happy new year 2025.

 

Latest News