5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

New year 2025: নতুন বছৰত হ’ব খোজে নেকি সুখী আৰু স্বাস্থ্যৱান? তেন্তে এই টিপচ্ আপোনাৰ বাবে…

Happy New year 2025 resolutions :নতুন বছৰলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। এই সময়খিনিত বহুতে নতুনক আদৰাৰ প্ৰস্তুতি কৰে। ইয়াৰোপৰি বহুতে নতুন বছৰক লৈ বিভিন্ন সংকল্প গ্ৰহণ কৰে।

New year 2025: নতুন বছৰত হ’ব খোজে নেকি সুখী আৰু স্বাস্থ্যৱান? তেন্তে এই টিপচ্ আপোনাৰ বাবে…
ভাল অভ্যাস
barasha-sarma
Barasha Sarma | Published: 29 Dec 2024 21:43 PM

বছৰটো শেষ হ’বলৈ মাজত মাত্ৰ দুটা দিন বাকী। এই সময়চোৱাত প্ৰতিজনে প্ৰস্তুতি চলাইছে নতুন বছৰক আদৰাৰ। নতুন বছৰত বহুতে বহু ধৰণ সংকল্প লয়। কোনোৱে যদি কেৰিয়াৰৰ ক্ষেত্ৰত আগবঢ়াৰ সংকল্প লয়, আন কিছুমানে ব্যক্তিগত সম্পৰ্ক উন্নতি কৰিব বিচাৰে। ইয়াৰোপৰি আন কিছুমানে শৰীৰৰ অৱস্থা উন্নত কৰিবৰ বাবে এটা ভাল জীৱনশৈলী আঁকোৱালি ল’ব বিচাৰে। বৰ্তমান সময়ত সবাতোকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে স্বাস্থ্যৰ যত্ন লোৱা। বয়সৰ লগে লগে আমাৰ খাদ্যৰ ৰুটিনৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ যদি আপুনি ২০২৫ চনত ৩০ত ভৰি দিব বা তাৰ ওচৰা ওচৰি তেন্তে তলত দিয়া দিশবোৰত গুৰুত্ব দিয়া দৰকাৰ।

প্ৰতি বয়সৰ মানুহে নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিয়া দৰকাৰ। কিন্তু বয়স বৃদ্ধিৰ লগে লগে ই আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। গতিকে কিছুমান ব্যৱস্থা পূৰ্বতে গ্ৰহণ কৰিলে স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিব পাৰি।

খাদ্য

পৰিয়ালৰ আন সদস্যৰ লগতে আপুনি আপোনাৰ খাদ্যত গুৰুত্ব দিয়া দৰকাৰ। প্ৰতিদিনে পুৱা খাদ্য গ্ৰহণ কৰা দৰকাৰ। ইয়াৰোপৰি প্ৰটিন, ফাইবাৰ, কেলচিয়াম আৰু ভিটামিন ডি সমৃদ্ধ খাদ্য খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। ইয়াৰ ফলত পেশী, হাড়ৰ মজবুত হোৱাৰ লগতে ওজন নিয়ন্ত্ৰণ ৰখাতো সহায় হয়।

টোপনি

ভাল স্বাস্থ্যৰ বাবে ভাল টোপনি প্ৰয়োজনীয়। গতিকে নিশা দেৰিলৈ থকা স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। প্ৰতিদিনে নিশা সোনকালে শুৱাৰ অভ্যাস গঢ়ি তুলিব লাগে আৰু পুৱা সোনকালে উঠিব লাগে। কমেও ৭ ঘণ্টা ভাল টোপনি লোৱা আৱশ্যক।

যোগাসন

বেছিভাগ মহিলাই জীম যাব নোৱাৰে। গতিকে দিনটো নিজৰ বাবে কমেও ৩০ মিনিট সময় উলিয়াই যোগাসন কৰিব লাগে। যোদাসনে মন আৰু শৰীৰ দুয়োটাকে সুস্থ কৰি ৰাখে।  তদাসন, বৃক্ষাসন, বালাসন, অনুলোম-বিলোম, সেতুবন্ধাসন আদি সহজ যোগাসন কৰিব পাৰে। ইয়াৰ বাহিৰেও কিছুমান ষ্ট্ৰেচিং ব্যায়াম, ৰছী জপিয়াই বা খোজ কঢ়া আদি কৰিব পাৰে। প্ৰতিদিনে পুৱা বা সন্ধিয়া কমেও ২০-২৫ মিনিট খোজ কঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগে।

নিজৰ বাবে সময়

নিজৰ বাবে সময় উলিওৱা অতি আৱশ্যক। নিজক সুখী কৰি ৰাখিবলৈ এয়া উত্তম উপায়। সপ্তাহত, ১৫ দিন বা এমাহত এটাৰ পৰা দুদিন কেৱল নিজৰ বাবে ৰাখক। এই সময়ত আপুনি ফুৰিব যাব পাৰে বা বন্ধু বান্ধৱীক লগ কৰিব পাৰে বা নিজে ভালপোৱা যিকোনো কাম কৰিব পাৰে।

ছাল আৰু চুলিৰ যত্ন

মহিলাসকলে নিজকে ধুনীয়া কৰি ৰাখি ভাল পায়। গতিকে ইয়াৰ বাবে ছাল আৰু চুলিৰ ভাল যত্ন লোৱাটো অতি প্ৰয়োজনীয়। ফেচ পেক, মূৰত মালিচ কৰা, চুলিৰ মাস্ক লগোৱা আদিৰ লগতে বিভিন্ন ধৰণৰ বিউটি টিপচ গ্ৰহণ কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ Happy new year 2025: আপোনজনলৈ এনেকৈ প্ৰেৰণ কৰক নৱবৰ্ষ ২০২৫ ৰ শুভকামনা…

Latest News