শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Promise Day Wishes: প্ৰমিচ ডে’ত এইদৰে প্ৰিয়জনক জনাওক শুভেচ্ছা! অধিক মজবুত হ’ব আপোনাৰ সম্পৰ্ক…

যদি আপুনি আপোনাৰ সংগীক প্ৰমিচ ডে’ত বিশেষ ধৰণে শুভেচ্ছা জনাব বিচাৰে, তেন্তে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে। ইয়াত এটাতকৈ অধিক শুভেচ্ছা বাৰ্তা  দিয়া হৈছে, যিয়ে  আপোনাৰ কাম সহজ কৰি তুলিব। মাত্ৰ এটা কথা মনত ৰাখিব লাগিব যে এই শুভেচ্ছাবোৰৰ লগতে আপোনাৰ সংগীক বিশেষ অনুভৱ কৰাব..

Promise Day Wishes: প্ৰমিচ ডে’ত এইদৰে প্ৰিয়জনক জনাওক শুভেচ্ছা! অধিক মজবুত হ’ব আপোনাৰ সম্পৰ্ক…
প্ৰমিচ ডে’
trishna-kalita
Trishna Kalita | Updated On: 11 Feb 2025 09:02 AM

ভেলেণ্টাইন সপ্তাহৰ ৫ম দিনটো প্ৰমিচ ডে’ হিচাপে পালন কৰা হয়। দম্পতী অথবা প্ৰেমিক যুটীয়ে প্ৰতি বছৰে ১১ ফেব্ৰুৱাৰীত প্ৰমিচ ডে’ উদযাপন কৰে। কিন্তু বহু সময়ত মানুহে ভাবি নাপায় যে এই বিশেষ দিনটোত নিজৰ সংগীক কেনেকৈ শুভেচ্ছা জনাব? প্ৰতি বছৰে নতুন কিবা এটা কৰাৰ হেঁপাহত মানুহে এটা সাধাৰণ কাম পাহৰি যায় আৰু সেয়া হ’ল নিজৰ সংগীক বিশেষ ধৰণেৰে প্ৰমিচ ডে’ শুভেচ্ছা জনোৱা। এই ক্ষেত্ৰত এটা সৰু ভুলে আপোনাৰ সমগ্ৰ পৰিকল্পনা নষ্ট কৰিব পাৰে।

যদি আপুনিও প্ৰমিচ ডে’ ৰ দিনা এটা সুন্দৰ বাৰ্তাৰ জৰিয়তে আপোনাৰ সংগীক শুভেচ্ছা জনাব বিচাৰে, তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে। ইয়াত এটাতকৈ অধিক শুভেচ্ছা বাৰ্তা  দিয়া হৈছে, যিয়ে  আপোনাৰ কাম সহজ কৰি তুলিব। মাত্ৰ এটা কথা মনত ৰাখিব লাগিব যে এই শুভেচ্ছাবোৰৰ লগতে আপোনাৰ সংগীক বিশেষ অনুভৱ কৰিবলৈ কিছু উপহাৰ বা ছাৰপ্ৰাইজ দিয়ক। যিয়ে এই দিনটো অধিক বিশেষ কৰিব…

 

  1. “প্ৰতিশ্ৰুতি কাগজত লিখা কথা নহয়, প্ৰতিশ্ৰুতি হৃদয়ত ৰখা হয় আৰু গোটেই জীৱন পালন কৰা হয়।” Happy Promise Day!
  2. মই আপোনাক এনেই দেখুৱাবলৈ প্ৰতিশ্ৰুতি নিদিওঁ, এইটো ক’ম যে যেতিয়াই আপুনি পিছলৈ ঘূৰি চাব, তেতিয়াই মোক আপোনাৰ লগত পাব। Happy Promise Day!
  3. সম্পৰ্কবোৰ প্ৰতিশ্ৰুতিৰ ওপৰত নহয়, বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে… আৰু মই আপোনাক প্ৰতিশ্ৰুতি দিছোঁ যে মই কেতিয়াও আপোনাৰ বিশ্বাস ভংগ হ’বলৈ নিদিওঁ।
  4. জীৱনত কেতিয়াও চকুলো নাহিব বুলি প্ৰতিশ্ৰুতি নিদিওঁ, কিন্তু নিশ্চিতভাৱে ক’ম যে প্ৰতিটো চকুলোৰ আগত মই আপোনাৰ সমৰ্থক হ’ম।
  5. যদি আপুনি কেতিয়াবা অকলশৰীয়া অনুভৱ কৰে তেন্তে মনত ৰাখিব, মই সেইজন ব্যক্তি যিয়ে সদায় আপোনাৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিছে।
  6. প্ৰতিশ্ৰুতি দিয়াটো সহজ, পালন কৰাটো কঠিন… কিন্তু মই আপোনাক কেৱল সেইবোৰ প্ৰতিশ্ৰুতি দিম যিবোৰ মই গোটেই জীৱন পালন কৰিব পাৰিম।
  7. এইটো নকওঁ যে মই আপোনাৰ প্ৰতিটো সমস্যা দূৰ কৰিম, কিন্তু প্ৰতিশ্ৰুতি দিছোঁ যে যেতিয়ালৈকে মোৰ উশাহ থাকিব তেতিয়ালৈকে মই আপোনাৰ লগত প্ৰতিটো সমস্যাৰ সন্মুখীন হ’ম।
  8. প্ৰেম কেৱল শব্দৰ খেল নহয়, ইয়াক পূৰণ কৰিব লাগিব। প্ৰতিশ্ৰুতি দিছোঁ যে প্ৰতি মুহূৰ্তত মই আপোনাক অনুভৱ কৰাম যে আপুনিয়েই মোৰ পৃথিৱী।
  9.  প্ৰতিশ্ৰুতি দিছোঁ পৰিস্থিতি যিয়েই নহওক, মই আপোনাক কেতিয়াও অকলশৰে এৰি নাযাওঁ, কাৰণ আপুনি অবিহনে মোৰ জীৱন আধৰুৱা।
  10. প্ৰতিশ্ৰুতি কেৱল দিয়াৰ বাবেই নহয়, প্ৰতিশ্ৰুতি পালন কৰাত যি সন্তুষ্টি পোৱা যায়, সেয়া আন একোৱে দিব নোৱাৰে। মই আপোনাক প্ৰতিশ্ৰুতি দিছোঁ যে মই আপোনাৰ লগত প্ৰতিটো মুহূৰ্ত কটাম, অন্তৰেৰে।

প্ৰমিচ ডে দম্পতীৰ অথবা প্ৰেমিক যুটীয়ে বাবে এক অতি বিশেষ দিন। এই দিনটোত তেওঁলোকে গোটেই জীৱন ইজনে-সিজনৰ লগত থকাৰ প্ৰতিশ্ৰুতি দিয়ে। এই সুন্দৰ দিনটো আপুনি আপোনাৰ সংগীৰ বাবে স্মৰণীয় কৰি তুলিব পাৰে। সম্ভৱ হ’লে আগতীয়াকৈ আপোনাৰ সংগীৰ বাবে ডেটৰ পৰিকল্পনা কৰক। তেওঁলোকক কিছুমান ছাৰপ্ৰাইজ আৰু উপহাৰ দিয়ক যিবোৰ তেওঁলোকে বহুদিনৰ পৰা বিচাৰি আহিছিল। ইয়াৰ উপৰিও আপোনাৰ সংগীৰ সৈতে এক সুন্দৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে।

লগতে পঢ়ক: কিয় উদযাপন কৰা হয় প্ৰমিচ ডে’? বিশেষ দিনটোৰ গুৰুত্ব আৰু প্ৰয়োজনীতা সম্পৰ্কে জানক