5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

Happy Raksha Bandhan 2024 Wishes: ৰাখীবন্ধনত আপোনাৰ ভাতৃ-ভগ্নীলৈ পঠিয়াওক এই বিশেষ ১০টা শুভেচ্ছাবাণী

ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন। যিটো দিনত বায়েকে অথৱা ভনীয়েকে তেওঁৰ ককায়েক বা ভায়েকৰ হাতত ৰাখী নামৰ সূতা এডাল বান্ধি দিয়ে। আৰু সেই ৰাখীডালতে প্ৰকাশ পাই উঠে যেন মৰম-চেনেহবোৰ ইজনে সিজন প্ৰতি থকা মংগলকামনা, প্ৰতিশ্ৰুতিবোৰ। সেয়েহে ৰাখীবন্ধন প্ৰেম আৰু ভাতৃত্ববোধৰ এক সমন্ধয়ৰ উৎসৱ বুলিও কোৱা হয়।

Happy Raksha Bandhan 2024 Wishes: ৰাখীবন্ধনত আপোনাৰ ভাতৃ-ভগ্নীলৈ পঠিয়াওক এই বিশেষ ১০টা শুভেচ্ছাবাণী
ৰাখীবন্ধন
Follow Us
barasha-misra
Barasha Misra | Updated On: 15 Aug 2024 19:58 PM

ৰাখী বন্ধনৰ কিছু নিয়ম আছে। যেনে, ৰাখী পিন্ধাৰ সময়ত ভাতৃয়ে পূব দিশে মুখ কৰি বহিব লাগে। বিপৰীত দিশে অৰ্থাৎ পশ্চিম ফালে মুখ কৰি বহি ৰাখী পিন্ধাব লাগে ভগ্নীয়ে। নতুন পোছাক, গহণা, টকা বা আন কোনো উপহাৰ দিয়ে ভাতৃয়ে ভগ্নী নাইবা বাইদেউক বা ভগ্নী নাইবা বাইদেউৱে ভাতৃ–দাদাক। ৰাখী পিন্ধোৱাৰ সময়ত কোনো ৰুমাল বা আন কোনো পৰিষ্কাৰ কাপোৰেৰে নিজৰ মূৰ ঢাকি ৰাখিব লাগে ভাতৃয়ে। ভাতৃৰ সোঁহাতৰ মণিবন্ধনত ৰাখী পিন্ধাব লাগে। কঁপালত আঁকি দিব লাগে চন্দনৰ ফোট। অকণমান চাউল ভাতৃৰ ওপৰত ছটিয়াই দিয়া শুভ বুলি ধৰণা কৰা হয়। ৰাখী পিন্ধাই দিয়াৰ পিছত ইজনে সিজনৰ মুখ মিঠা কৰিব লাগে।

Raksha Bandhan Wishes & Quotes : যদি আপোনাৰ ভাতৃ-ভগ্নী দূৰত থাকে তেন্তে এই বিশেষ বাৰ্তা প্ৰেৰণ কৰি আপোনাৰ আপোনজনক ৰাখীবন্ধনৰ শুভেচ্ছা জনাব পাৰে।

১. জনম জনমৰ সম্বন্ধ আমাৰ,
বিশ্বাস আৰু মৰমেৰে ভৰা,
ব’লা ইয়াক মৰমৰ এনাজৰীৰে বান্ধো,
ৰাখীৰ মৰমৰ বান্ধোনত।
Happy Raksha Bandhan 2024!

২. চন্দনৰ ফোট আৰু ৰেচমৰ সূতা,
শাওনৰ সুবাস আৰু বৰষুণৰ শব্দ।
ভাইৰ আশা আৰু ভনীয়েকৰ মৰম
শুভ ৰাখীবন্ধন।

৩. কেঁচা সূতাৰে তৈয়াৰ কৰা ৰাখী,
প্ৰেম আৰু দুষ্টামিৰ আন এটা নাম ৰাখী,
ভাতৃৰ দীৰ্ঘায়ুৰ অন্য নাম ৰাখী,
ভগ্নীৰ পৰিত্ৰ মৰমৰ প্ৰতীক হৈছে এই ৰাখী।
Happy Raksha Bandhan 2024!

৪. কিছুমান সম্পর্কই জীবনতটো
জীপাল কৰি ৰাখে,
তাৰ ভিতৰত ভাই – ভনীৰ সম্পর্কটো
হ’ল শ্রেষ্ঠ।
শুভ ৰাখী বন্ধন

৫. Dear Brother
ৰাখী বন্ধাৰ পিছত ভাল Gift দিবলৈ
সাজু হৈ থাকা
শুভ ৰাখী বন্ধন

৬. যেতিয়াই তোমাৰ মোৰ দৰকাৰ হ’ব
মই সেই ঠাইত উপস্থিত থাকিম।
তোমাক বহুত ভালপোৱা আৰু
শুভেচ্ছা পঠালোঁ।
শুভ ৰাখী বন্ধন

৭. মা-দেউতাৰ পৰা মই
যি উপহাৰ পাইছো সেয়া হ’ল ভাইটি।
শুভ ৰাখী বন্ধন

৮. মোৰ ভাই যেন সকলো সময়ত
সুস্থ আৰু ভালে থাকে,
জীৱন যেন হয় আনন্দময়
তাৰেই কামনা কৰোঁ।
শুভ ৰাখী বন্ধন

৯. ভাই ভনী সম্পর্ক হৈছে জোনাকৰ দৰে
যিমান নহওঁক কাজিয়া কিন্তু
সম্পর্ক থাকে অটুট।
শুভ ৰাখী বন্ধন

১০. ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয়,
ই হৈছে স্নেহৰ ৰঙেৰে ৰঞ্জিত
আত্মীয়তাৰ বান্ধোন।
শুভ ৰাখী বন্ধন

Latest News