Happy Rongali Bihu: প্ৰিয়জনক এনেকৈ জনাওক ৰঙালী বিহুৰ শুভেচ্ছা…

Rongali bihu wishes in Assamese: পদুলিত হেঁপাহৰ ৰঙালী বিহু। সমূহ অসমীয়া অতি উলহ-মালহেৰে পালন কৰে হেঁপাহৰ ৰঙালী বিহু। বিহু হৈছে অসমীয়াৰ প্ৰাণ, ই অসমীয়াৰ আয়ুস ৰেখা।

Happy Rongali Bihu: প্ৰিয়জনক এনেকৈ জনাওক ৰঙালী বিহুৰ শুভেচ্ছা...

ৰঙালী বিহুৰ শুভেচ্ছা

Updated On: 

14 Apr 2025 14:32 PM

পদুলিত হেঁপাহৰ ৰঙালী বিহু। কাইলৈ অসমীয়াই পালন কৰিব গৰু বিহু। ইয়াৰ পাছৰে পৰা ক্ৰমান্বয়ে পালন কৰা হ’ব ৭ বিহু। অসমীয়াই পালন কৰা ৭ বিহু কেইটা- ‘গৰু বিহু’, ‘মানুহ বিহু’, ‘গোসাঁই বিহু’, ‘তাঁতৰ বিহু’, ‘নাঙলৰ বিহু’, ‘জীয়ৰী বা চেনেহী বিহু’, আৰু ‘চেৰা বিহু’।  চতৰ সংক্ৰান্তিৰ দিনাৰ পৰা পালন কৰা হয় বিহু। ইংৰাজী তাৰিখ অনুসৰি এইবাৰ ১৪ এপ্ৰিলত পালন কৰা হ’ব গৰু বিহু আৰু ১৫ এপ্ৰিলত মানুহ বিহু।

বিহুৰ সৈতে অসমীয়াৰ বিশেষ সম্পৰ্ক আছে। বিহুৰ পৰম্পৰা সলনি হ’লেও বিহুক লৈ মানুহৰ আবেগ কমি যোৱা নাই। এই সময়চোৱাত আপোনজনক বিহুৱান দিয়াৰ লগতে সৰুজনে জ্য়েষ্ঠজনৰ পৰা আশীৰ্বাদ লয়। ইয়াৰ বিপৰীতে ডেকা-গাভৰু সকলোৱে মিলি বিহু গীত গাই আনন্দ কৰে।

আপুনিও আপোনজনক তলত দিয়া ধৰণে বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিব পাৰে-

  • হেঁপাহৰ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ অলেখ শুভকামনা।
  • ব’হাগে লৈ আনিছে হেঁপাহৰ বতৰা। ৰঙালীৰ ৰঙেৰে ৰঙীণ হৈ পৰক আপোনাৰ জীৱন। আপোনালৈ হেঁপাহৰ ৰঙালী বিহু আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা।
  • চ’তে গৈয়ে গৈয়ে বহাগ পালেহি, ফুলিলে ভেবেলী লতা, কৈনো কৈ থাকিলে ওৰকে নপৰে ব’হাগৰ বিহুটিৰ কথা। আপোনালৈ হেঁপাহৰ ৰঙালী বিহুৰ শুভেচ্ছা।
  • বিহু অসমীয়াৰ প্ৰাণ, ই আমাৰ আয়ুস ৰেখা। সকলোলৈ ৰঙালী বিহুৰ বহুত  বহুত শুভেচ্ছা।
  • কপৌ ফুলৰ সুবাসত, কুলিৰ মাতত, ঢোলৰ চাপৰত বিহু আহে। আপোনালৈ ৰঙালী বিহুৰ বহুত শুভেচ্ছা।
  • বহাগ বিহুৰ শুভেচ্ছা জনালো। আশা কৰো আহিবলগীয়া বছৰটি সুখেৰে ভৰি পৰক। ৰঙালী বিহু আৰু বহাগ বিহুৰ শুভেচ্ছা।
  • আজি বিহুৰ উৰুকা, কাইলৈ বিহুৰ ভুৰুকা, অ আই বিহুৱান কাটিব হ’ল- আপোনালৈ হেঁপাহৰ ৰঙালী বিহুৰ শুভেচ্ছা।
  • দেউতাৰ পদুলিত, গোন্ধাইছে মধুৰী, কেতেকী মলে-মলাই অ’ গোবিন্দই ৰাম- ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনালো।
  • আপোনালৈ ৰঙালী বিহুৰ শুভেচ্ছা। আশা কৰো হেঁপাহৰ বিহুৱানখনে আপোনাজনৰ সৈতে আপোনাৰ সম্পৰ্ক আৰু সুদৃঢ় কৰি তোলক।
  • হেঁপাহৰ বিহুৱানত, ঢোলৰ চাপৰ, পেঁপাৰ মাতত অসমীয়াৰ বিহু। আশা কৰো ৰঙালীয়ে ৰঙীন কৰি তোলক আপোনাৰ জীৱন। আপোনালৈ ৰঙালী বিহুৰ বহুত শুভেচ্ছা।
  • ৰঙালী বিহুৰ শুভেচ্ছা। এই শুভক্ষণত সকলোৰে মংগল কামনা কৰিছো।
  • বাপতিসাহোন ৰঙালী বিহুৰ শুভেচ্ছা। এই বিহুয়ে কঢ়িয়াই আনক অফুৰন্ত  আনন্দ।
  • ৰঙালী বিহুৰ শুভেচ্ছা। আশা কৰো ৰঙালীৰ ৰং আৰু নতুন বছৰে আপোনাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ-শান্তি আৰু সমৃদ্ধি।
  • হেঁপাহৰ ব’হাগ বিহুৰ শুভেচ্ছা। বিহুয়ে মুকলি কৰক সকলোৰে মনত, জীৱন ভৰাই তোলক আনন্দৰে। আপোনালৈক ৰঙালী বিহুৰ শুভেচ্ছা।

 

অন্য খবৰ পঢ়কঃ Rongali bihu: ষড়যন্ত্ৰৰ পৰা জাতীয় উৎসৱলৈ… বিহুৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ…

মন পচন্দৰ জীৱনসংগী পাবলৈ কি কি কৰিব লাগিব? প্ৰেমানন্দ মহাৰাজে ক'লে...
আজৱ! এইখন দেশত নিষিদ্ধ কণ্ডম, চেনিটেৰী পেড, গৰ্ভ নিৰোধক ব্যৱহাৰত...
যকৃতৰ কৰ্কট ৰোগ হোৱাৰ পূৰ্বে কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
বিহুৰ সময়ত সাতশাকী খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে? তালিকাত কি কি শাক আছে...