Rose Day 2025 Messages: এপাহ গোলাপেৰে যদি প্ৰেমৰ প্ৰস্তাৱ দিও গ্ৰহণ কৰিবানে… Rose Dayত এইদৰে দিয়ক প্ৰিয়জনক ৰোমান্টিক মেছেজ

Happy Rose Day 2025: আজি ৭ ফেব্ৰুৱাৰী, এই দিনটোৰ পৰা প্ৰেমৰ সপ্তাহৰ আৰম্ভণি। আজি 'Rose Day'। এই বিশেষ দিনটোত গোলাপ ফুল দিয়াৰ লগতে এই সুন্দৰ বাৰ্তাবোৰৰ সহায় লৈও প্ৰিয়জনক প্ৰেমৰ অনুভৱ প্ৰকাশ কৰিব পাৰে।

Rose Day 2025 Messages: এপাহ গোলাপেৰে যদি প্ৰেমৰ প্ৰস্তাৱ দিও গ্ৰহণ কৰিবানে... Rose Dayত এইদৰে দিয়ক প্ৰিয়জনক ৰোমান্টিক মেছেজ

Rose Dayত প্ৰিয়জনক দিয়ক ৰোমান্টিক মেছেজ

Updated On: 

07 Feb 2025 10:44 AM

Rose Day 2025 Quotes, Messages and Romantic Shayari: ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ ভেলেণ্টাইন সপ্তাহ, এই দিনটো হয়তো সাধাৰণ মানুহৰ বাবে মাত্ৰ এটা স্বাভাৱিক শুকুৰবাৰ, কিন্তু প্ৰেম উদযাপন কৰাসকলৰ বাবে আজি এটা অতি বিশেষ দিন। ‘Rose Day’ৰ দিনটোত প্ৰেমিক-প্ৰেমিকাইয়ে নিজৰ সংগীক এজোপা গোলাপ ফুল উপহাৰ দি মনৰ অনুভূতি প্ৰকাশ কৰে।

গোলাপৰ প্ৰতিটো ৰঙে এক অনন্য বাৰ্তা প্ৰদান কৰে। ৰঙা গোলাপে প্ৰেমৰ গভীৰতা প্ৰতিফলিত কৰে, হালধীয়া ৰঙে বন্ধুত্ব আৰু আনন্দৰ প্ৰতীক, বগা গোলাপে সত্য আৰু বিশুদ্ধতাক প্ৰতিনিধিত্ব কৰে, আনহাতে কমলা ৰঙে আবেগ আৰু উৎসাহ প্ৰকাশ কৰে। এই বিশেষ উপলক্ষে আপোনজনক এটি সুন্দৰ গোলাপ দিয়াৰ লগতে মৰমৰ শব্দৰে নিজৰ অনুভৱ প্ৰকাশ কৰি এই দিনটোক আৰু অধিক স্মৰণীয় কৰি তুলিব পাৰে।

এই দিনটোত প্ৰেমিক-প্ৰেমিকাই ইজনে সিজনক এইদৰে ৰোমান্টিক বাৰ্তা দিব পাৰে…

  • এপাহ গোলাপেৰে যদি প্ৰেমৰ প্ৰস্তাৱ দিও গ্ৰহণ কৰিবানে, হেৰোৱা হৃদয়খনে যদি তোমাক বিচাৰে, ওচৰলৈ আহিবানে? Rose Dayৰ শুভেচ্ছা
  • আপোনাৰ হাতত ধৰি জীৱনটো কৰি তোলিব খোজো গোলাপৰ দৰে ৰঙীণ আৰু পবিত্ৰ… Rose Dayৰ শুভেচ্ছা
  • আপুনি গোলাপৰ দৰে সুক্ষ্ম অনুভৱ, চৌপাশে মোৰ জীৱনত সুৱাস বিলাবলৈ… Rose Dayৰ শুভেচ্ছা
  • গোলাপৰ দৰে তোমাৰ হাঁহি, তোমাৰ ওচৰত থাকিলে হৈ পৰোঁ প্ৰেমত বাউলী, Rose Dayৰ শুভেচ্ছা
  • তুমি প্ৰেম! বুকুৱে বুকুৱে বোৱালা নৱতম সৃষ্টিৰ ধাৰ…  Rose Dayৰ শুভেচ্ছা
  • মোৰ হৃদয় সাগৰৰ তুমি এটি মুকুতা, এটি হাঁহিৰে যেন সোপোন ৰচা মোৰ জীৱনৰ এটি কবিতা… Rose Dayৰ শুভেচ্ছা
  • ভালপোৱাৰ প্ৰমাণ এপাহি ৰঙা গোলাপেৰে নিদিলেও হ’ব, তাতকৈ মোক ভালপোৱাৰ কেইটামান শব্দ দিয়া… যাক হৃদয়ৰ এচুকত সাঁচি ৰাখিব পাৰোঁ… Rose Dayৰ শুভেচ্ছা

 

 

হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ