Valentine’s day wish: ভেলেন্টাইন ডে’ত আপোনজনক এনেকৈ প্ৰেৰণ কৰক ৰোমান্টিক বাৰ্তা, বাঢ়িব মৰম…
Valentine's Day wish: প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীৰ দিনটো ভেলেন্টাইন ডে' হিচাপে পালন কৰা হয়। এই দিনটো প্ৰেমৰ দিন হিচাপে উদযাপন কৰা হয়। যাৰ বাবে প্ৰতিগৰাকী প্ৰেমিক প্ৰেমিকাৰ বাবে এই দিনটো বিশেষ।

ভেলেন্টাইন ডে'ৰ শুভেচ্ছাImage Credit source: tv9 hindi
মাজত মাত্ৰ কেইটামান ক্ষণ! কিছুসময় পাছতে সমগ্ৰ বিশ্বই পালন কৰিব ভেলেন্টাইন ডে’ (Valentine’s day)। এই দিনটো প্ৰেমৰ দিন হিচাপে পালন কৰা হয়। যাৰ বাবে এইদিনটোত প্ৰতিগৰাকী প্ৰেমিক প্ৰেমিকাই আনন্দৰে ভেলেন্টাইন ডে’ পালন কৰে। এই বিশেষ দিনটোত বিভিন্নজনে আপোনজনক ভেলেন্টাইন ডে’ৰ শুভেচ্ছা জনাই। এই শুভেচ্ছাৰ জৰিয়তে আপুনি প্ৰকাশ কৰিব পাৰে আপোনজনৰ প্ৰতি থকা মৰম ভালপোৱা। গতিকে আপুনিও আপোনাৰ সংগীক কিছুমান বিশেষ বাৰ্তা প্ৰেৰণ কৰি এই দিনটো তেওঁৰ বাবে বিশেষ কৰি তুলিব পাৰে। তলত দিয়া ধৰণে আপুনি সংগীক ভেলেন্টাইন ডে’ৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিব পাৰে-
- তোমালৈ ভেলেন্টাইন ডে’ৰ বহুত শুভেচ্ছা। বহুত ভালপাওঁ তোমাক।
- মই বিচাৰো আজিৰ দৰে প্ৰতিটো ভেলেন্টাইন ডে’ত তুমি মোৰ সংগী হোৱা। তোমালৈ ভেলেন্টাইন ডে’ৰ বহুত শুভেচ্ছা।
- তুমি মোৰ জীৱন, তুমি মোৰ জীয়াই থকাৰ প্ৰেৰণা, তুমি মোৰ সুখ! তুমিয়েই মোৰ ভেলেন্টাইন। তোমালৈ ভেলেন্টাইন ডে’ৰ শুভেচ্ছা।
- তোমাৰ মাত্ৰ এটা হাঁহিয়ে মোৰ জীৱন পোহৰাই তোলে। তুমি সুখী হোৱা সদায়। তোমাৰ সুখতে মই বিচাৰি পাওঁ অপৰিসীম আনন্দ। তোমাক মই বহুত ভালপাওঁ। তোমালৈ ভেলেন্টাইন ডে’ৰ বহুত শুভেচ্ছা।
- তুমি জানানে, মোৰ সবাতোকৈ প্ৰিয় প্ৰেমৰ কাহিনী হৈছে আমাৰ প্ৰেম। তোমালৈ ভেলেন্টাইন ডে’ৰ বহুত শুভেচ্ছা। মই বিচাৰো চিৰজীৱন তুমি মোৰ লগত থকা।
- সুখৰ সংঞ্জা কিবা আছে জানো? কিন্তু যেতিয়া মই তোমাৰ মাত শুনো, তোমাৰ হাঁহিটো দেখো, তোমাৰ হাতত ধৰো…সেই প্ৰতিটো সময়তে মই সুখ অনুভৱ কৰো। বহুত ভালপাওঁ তোমাক। ভেলেন্টাইন ডে’ৰ শুভেচ্ছা জান।
- তোমাৰ লগত থকা প্ৰতিটো সময় মোৰ বাবে সবাতোকৈ মূল্যবান। তোমালৈ ভেলেন্টাইন ডে’ৰ শুভেচ্ছা। আশা কৰো, আমাৰ মৰম যেন সদায় এনেকৈ থাকে। মইও প্ৰতিশ্ৰুতি দিছো, সময় যেনেকুৱাই নহওক, মই তোমাক সদায় ভাল পাই যাম।
- মই নকওঁ, তোমাৰ বাবে জোনবাই আনি দিম, দামী উপহাৰ দিম আদি। কিন্তু এটা কথা জানো, তোমাৰ মুখত হাঁহি বিৰিঙাব পৰা প্ৰতিটো কামেই মই কৰিব পাৰিব। কাৰণ নিজতকৈ বেছি তোমাক ভালপাওঁ মই। তোমালৈ ভেলেন্টাইন ডে’ৰ শুভেচ্ছা।
- প্ৰেম মানে কি তুমি জানানে? প্ৰেম মানে তুমি. তোমাতেই মই বিচাৰি পাওঁ পৃথিৱীৰ সমস্ত মৰম- ভালপোৱা। তোমালৈ ভেলেন্টাইন ডে’ৰ শুভেচ্ছা।
- তোমাৰ সান্নিধ্যত বিচাৰি পাওঁ মই পৃথিৱীৰ সমস্ত সুখ, তোমাৰ এটা হাঁহিত পাহৰি যাওঁ সকলো দুখ। তোমাকৈ মোৰ ভালপোৱাৰ আৰম্ভ আৰু তোমাতেই শেষ। তোমালৈ ভেলেন্টাইন ডে’ৰ বহুত শুভেচ্ছা।
- মই বহুত ভাগ্যবান যে তোমাক মোৰ জীৱনত প্ৰেম হিচাপে পাইছো। তোমালৈ ভেলেন্টাইন ডে’ৰ শুভেচ্ছা।
- প্ৰেমক বিশ্বাস কৰাৰ একমাত্ৰ কাৰণ তুমি… তোমালৈ ভেলেন্টাইন ডে’ৰ শুভেচ্চা।
- প্ৰতিটো পলে মোক তোমাৰ কথা সোঁৱৰাই দিয়ে। তোমাক পাই মই সুখী। আশা কৰো, তুমি যেন মোৰ লগত সদায় এনেকৈ থকা। তোমালৈ ভেলেন্টাইন ডে’ৰ শুভেচ্ছা।
- কেৱল প্ৰেমেই নহয়, তুমি মোৰ বন্ধু, তুমি পৰিয়াল, তুমি মোৰ সকলো। তোমালৈ ভেলেন্টাইন ডে’ৰ শুভেচ্ছা।
- মোক ইমান মৰম-ভালপোৱা, যত্ন লোৱাৰ বাবে তোমাক বহুত ধন্যবাদ। তুমি মোৰ জীৱনত থকা বাবে মই চিৰ কৃতজ্ঞা। তোমাক বহুত ভালপাওঁ মই। তোমালৈ ভেলেন্টাইন ডে’ৰ শুভেচ্ছা।