দৈনিক মূৰৰ বিষত ভুগিছে নেকি? হ’ব পাৰে এনে চিন্তনীয় ৰোগৰ লক্ষণ….

মূৰৰ বিষ আমাৰ সকলো লোকৰ ক্ষেত্ৰতে দেখা দিয়া এক সাধাৰণ সমস্যা। বিভিন্ন কাৰণত কেতিয়াবা আমি এই সমস্যাত ভুগিব পাৰোঁ। পিছে কিছুমান লোকে প্ৰায় দৈনিকভাৱে মূৰৰ বিষৰ সমস্যাত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়। যদি এইদৰে মূৰৰ বিষ বহুদিনলৈকে থাকে, তেতিয়া এনে সমস্যাক আওকাণ কৰা উচিত নহয়।

দৈনিক মূৰৰ বিষত ভুগিছে নেকি? হ’ব পাৰে এনে চিন্তনীয় ৰোগৰ লক্ষণ….

প্ৰতিনিধিত্বমূলক ছবি

Published: 

21 Feb 2025 18:47 PM

মূৰৰ বিষ আমাৰ সকলো লোকৰ ক্ষেত্ৰতে দেখা দিয়া এক সাধাৰণ সমস্যা। বিভিন্ন কাৰণত কেতিয়াবা আমি এই সমস্যাত ভুগিব পাৰোঁ। পিছে কিছুমান লোকে প্ৰায় দৈনিকভাৱে মূৰৰ বিষৰ সমস্যাত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায়। যদি এইদৰে মূৰৰ বিষ বহুদিনলৈকে থাকে, তেতিয়া এনে সমস্যাক আওকাণ কৰা উচিত নহয়। প্ৰায় দৈনিকভাৱে হোৱা এনে সমস্যা বহু ৰোগৰ লক্ষণ হ’ব পাৰে। দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কাৱালজিৎ সিঙে এই সন্দৰ্ভত মতামত আগবঢ়াইছে।

চিকিৎসকগৰাকীয়ে কয় যে মূৰৰ বিষ এটা সাধাৰণ সমস্যা। কোনোবা নহয় কোনোবা সময়ত সকলোৰে এনে সমস্যা হয়। কিন্তু যদি দীৰ্ঘদিন ধৰি এই সমস্যা থাকে, তেতিয়া ই কিছুমান ৰোগৰ লক্ষণ হ’ব পাৰে। ডাঃ সিঙে উল্লেখ কৰা মতে মূৰৰ বিষ মাইগ্ৰেইনৰ লক্ষণ। মাইগ্ৰেইন হৈছে এক প্ৰকাৰৰ মূৰৰ বিষ আৰু এই বিষ সাধাৰণতে মূৰৰ এটাফালে হয় আৰু অত্যন্ত বিষ হয়।

মাইগ্ৰেইনৰ এই সমস্যা যিকোনো সময়তে হ’ব পাৰে। মাইগ্ৰেইনৰ সমস্যা পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত সাধাৰণতে বেছি দেখা যায়। তদুপৰি এই ৰোগসমূহৰো লক্ষণ হ’ব পাৰে এনে মূৰৰ বিষ-

চাইনাচাইটিছ ৰোগ

চাইনাচাইটিছো এক সাধাৰণ ৰোগেই। এই ৰোগে নাকত যথেষ্ট সমস্যাৰ সৃষ্টি কৰে। এই ৰোগ চাইনাছত দেখা দিয়ে আৰু মূৰৰ বিষো হয়। চাইনাচাইটিছৰ দৰে মেনিনজাইটিছ নামৰ আন এক ৰোগো আছে। এই মেনিনজাইটিছ হৈছে মগজু আৰু মেৰুদণ্ডৰ চাৰিওফালে থকা কলাত হোৱা এক প্ৰকাৰৰ সংক্ৰমণ আৰু ইয়াৰ ফলত মূৰৰ বিষ হয়। চাইনাচাইটিছ ৰোগ ঔষধৰ দ্বাৰা নিয়ন্ত্ৰিত হয় যদিও কিছুমান ক্ষেত্ৰত ৰোগীক অস্ত্ৰোপচাৰ কৰিবলগীয়া হ’ব পাৰে।

উচ্চ ৰক্তচাপ

উচ্চ ৰক্তচাপ ৰোগক সাধাৰণ ভাষাত চাইলেণ্ট কিলাৰ বোলা হয়। কাৰণ এই ৰোগৰ লক্ষণসমূহ সহজে ধৰা নপৰে। কিন্তু যদি আপুনি দীৰ্ঘদিন ধৰি মূৰৰ বিষত ভুগি আছে তেতিয়াহ’লে আপোনাৰ ৰক্তচাপ পৰীক্ষা কৰাব লাগে। বহু লোকৰ উচ্চ ৰক্তচাপৰ বাবেও দৈনিক মূৰৰ বিষ হয়।

ব্ৰেইন টিউমাৰ

ব্ৰেইন টিউমাৰ হৈছে মগজুত হোৱা এক প্ৰকাৰৰ টিউমাৰ। এই ৰোগৰ ফলতো মূৰৰ বিষ হয়। যদি মূৰৰ বিষৰ লগতে মূৰ ঘূৰোৱা, দৃষ্টিশক্তি হ্ৰাস পোৱা আৰু শৰীৰৰ ভাৰসাম্য ৰক্ষা কৰাত অসুবিধাৰ সন্মুখীন হয়, তে্তিয়া এয়া ব্ৰেইন টিউমাৰৰ লক্ষণ হ’ব পাৰে। সেয়ে এনে লক্ষণ কেতিয়াও আওকাণ কৰা উচিত নহয়।

লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক
মাহেকীয়াৰ পেটৰ বিষ কেনেকৈ দূৰ কৰিব?
ৰাতিপুৱা খালী পেটত মাখানা খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক...
মহাশিৱৰাত্ৰিত মহাদেৱক কি বস্তু অৰ্পন কৰিলে ভাল ফল পোৱা যায়?