শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দেহৰ আভ্যন্তৰীণ উপকাৰিতাই নহয়, সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰতো মহৌষধি তুলসী, জানেনে আপুনি?

ভাৰতত হাজাৰ হাজাৰ বছৰ ধৰি আয়ুৰ্বেদিক চিকিৎসাত তুলসীৰ পাত ব্যৱহাৰ হৈ আহিছে। ঔষধি গুণেৰে ভৰপূৰ এই পাত কেৱল দেহৰ আভ্যন্তৰীণ উপকাৰিতাৰ বাবেই ব্যৱহৃত হয়, এনে নহয়। ছালৰ বাবেও অত্যন্ত উপকাৰী তুলসী। কিন্তু তুলসীৰ এই গুণাগুণৰ বিষয়ে অধিকাংশ লোকেই জ্ঞাত নহয়।

দেহৰ আভ্যন্তৰীণ উপকাৰিতাই নহয়, সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰতো মহৌষধি তুলসী, জানেনে আপুনি?
ছালৰ ক্ষেত্ৰত তুলসীৰ উপকাৰিতাImage Credit source: TV9 Bangla
monjit-dutta
Monjit Dutta | Published: 26 Apr 2025 23:24 PM

হিন্দু ধৰ্মত তুলসীৰ মান্যতাৰ কথা আমি সকলোৱে জানো। ধৰ্মীয় বিশ্বাস অনুসৰি তুলসীক অত্যন্ত পবিত্ৰ হিচাপে গণ্য কৰি অহা হৈছে। ইয়াৰ সমান্তৰালকৈ তুলসীৰ ঔষধি গুণৰ বিষয়েও কম-বেছি পৰিমাণে আমি সকলোৱেই জ্ঞাত। ভাৰতত হাজাৰ হাজাৰ বছৰ ধৰি আয়ুৰ্বেদিক চিকিৎসাত তুলসীৰ পাত ব্যৱহাৰ হৈ আহিছে। ঔষধি গুণেৰে ভৰপূৰ এই পাত কেৱল দেহৰ আভ্যন্তৰীণ উপকাৰিতাৰ বাবেই ব্যৱহৃত হয়, এনে নহয়। ছালৰ বাবেও অত্যন্ত উপকাৰী তুলসী। কিন্তু তুলসীৰ এই গুণাগুণৰ বিষয়ে অধিকাংশ লোকেই জ্ঞাত নহয়।

তুলসীত শক্তিশালী এণ্টিমাইক্ৰ’বিয়াল থাকে, যি ছালৰ যিকোনো সংক্ৰমণক নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। মূৰৰ বিষ হ’লে তুলসীৰ পাত পানীত উতলাই নাকত ভাপ ল’লেও উপশম লাভ কৰিব পাৰি। ডিঙিৰ বিষ হ’লেও এই টিপছে কামত দিয়ে। লগতে তুলসীৰ পাতৰ চাহ বনাই খালেও যথেষ্ট উপকাৰিতা লাভ কৰা যায়।

শালমইনাৰ চিকিৎসাতো তুলসীৰ পাত উপযোগী। ইয়াৰ বাবে তুলসীৰ পাত আৰু নিমৰ পাত ভালদৰে ধুই ৰাতিটো পানীত তিয়াই থ’ব লাগে। ৰাতিপুৱা এই পাতবোৰ একেলগে পিহি তাৰ লগত অলপ মৌ মিহলাই লওক। এতিয়া মুখত লগাই ১৫ মিনিট ৰাখিব। তাৰ পিছত কুহুমীয়া পানীৰে মুখখন ধুব। প্ৰতিদিনে পুৱা মুখখন এনেদৰে পৰিষ্কাৰ কৰিলে সাত দিনৰ ভিতৰত শালমইনাৰ সমস্যা কমি যাব।

তুলসীৰ পাত, ওটছ, মৌ, হালধি একেলগে পিহি এটা স্ক্ৰাব বনাওক। এতিয়া মুখত লগাই ৫ মিনিটমান ৰাখিব। এই স্ক্ৰাব শুকাই গ’লে ১৫ মিনিটৰ পিছত কুহুমীয়া পানীৰে মুখখন ধুব। কিন্তু এই স্ক্ৰাব সপ্তাহত তিনিদিনতকৈ বেছি ব্যৱহাৰ নকৰিব। মুখৰ পৰা ক’লা দাগ আঁতৰোৱাতো তুলসীৰ পাত উপযোগী। কেঁচা হালধি, মৌ, তুলসীৰ পাত নিয়মিতভাৱে মুখত লগাব লাগে। ১৫ মিনিট ৰাখি মুখখন ধুব। এই অভ্যাসেও আপোনাক সহায় কৰিব।

ছালৰ উজ্জলতাৰ বাবেও তুলসীৰ পাত ব্যৱহাৰ কৰিব পাৰে। তুলসীৰ পাত ভালদৰে পানীত উতলাই লওক। এতিয়া এই পানী চেকি ঠাণ্ডা কৰি স্প্ৰে বটলত ভৰাই দিব। প্ৰতি নিশা শুবলৈ যোৱাৰ পূৰ্বে মুখত এই পানী ছটিয়াই ল’ব। এইদৰে আপোনাৰ ছালৰ হেৰুওৱা উজ্জ্বলতা পুনৰ ঘূৰি অহা দেখিবলৈ পাব।