বসন্ত কালত কিয় তিতা কেৰেলা খাব লাগে ? ইয়াৰ উপকাৰিতা কি ? জানক
তিতা কেৰেলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ছালৰ বাবেও ই অতি উপকাৰী । আমাৰ অসমীয়া সমাজত প্ৰচলিত ধাৰণা অনুসৰি, বসন্ত কাল অহাৰ লগে লগে বিভিন্ন ৰোগৰ সংক্ৰমণ বৃদ্ধি পায় । এই সংক্ৰমণৰ ৰোধ কৰাৰ ক্ষেত্ৰত তিতা কেৰেলা অতি উপকাৰী বুলি কোৱা হয় ।

তিতা কেৰেলা
তিতা কেৰেলা বহুতে খাই ভাল নাপায় । কিন্তু স্বাস্থ্যৰ বাবে তিতা কেৰেলা অতি উপকাৰী । তিতা কেৰেলাত বহু ধৰণৰ পুষ্টিকৰ উপাদন থাকে । তিতা কেৰেলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ছালৰ বাবেও ই অতি উপকাৰী । আমাৰ অসমীয়া সমাজত প্ৰচলিত ধাৰণা অনুসৰি, বসন্ত কাল অহাৰ লগে লগে বিভিন্ন ৰোগৰ সংক্ৰমণ বৃদ্ধি পায় । এই সংক্ৰমণৰ ৰোধ কৰাৰ ক্ষেত্ৰত তিতা কেৰেলা অতি উপকাৰী বুলি কোৱা হয় । কোৱা হয় যে, তিতা কেৰেলা খালে বসন্ত ৰোগৰ সম্ভাৱনা হ্ৰাস পায় ।
তিতা কেৰেলাৰ স্বাস্থ্যৰ উপকাৰিতা কি জানক…
- কোৱা হয় যে, তিতা কেৰেলা খালে শৰীৰৰ তেজ পৰিস্কাৰ কৰে । ইয়াৰ লগতে মূৰৰ বিষৰ লগতে ছালৰ এলাৰ্জি, ভাগৰ লগা আদি সমস্যা দূৰ কৰে তিতা কেৰেলাই ।
- তিতা কেৰেলা যকৃতৰ বাবে অতি উপকাৰী বুলি কোৱা হয় । তিতা কেৰেলাই যকৃতৰ কাৰ্যক্ষমতা উন্নত কৰাৰ লগতে শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে।
- কলেষ্টেৰল হ্ৰাসৰ কৰাত সহায় কৰে তিতা কেৰেলাই । কোৱা হয় যে, তিতা কেৰেলাই শৰীৰৰ ক্ষতিকাৰক কলেষ্টেৰল হ্ৰাস কৰে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস পায় ।
- ডায়েৰিয়া বা কলেৰাৰ ৰোগ উপশম কৰাৰ ক্ষেত্ৰত তিতা কেৰেলা অতি উপকাৰী। তদুপৰি ডায়েবেটিছ ৰোগীৰ বাবেও তিতা কেৰেলা উপকাৰী ।
- তিতা কেৰেলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু সকলো ধৰণৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে।
- তিতা কেৰেলাই কোষ্ঠকাঠিন্য, কফ আৰু পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰে। যদি আপুনি তিতা কেৰেলা খায় তেন্তে আপোনাৰ কেতিয়াও হজম শক্তিৰ সমস্যা অনুভৱ নকৰিব। তদুপৰি, ভোক নলগা সমস্যাও দূৰ কৰে তিতা কেৰেলাই ।