বসন্ত কালত কিয় তিতা কেৰেলা খাব লাগে ? ইয়াৰ উপকাৰিতা কি ? জানক

তিতা কেৰেলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ছালৰ বাবেও ই অতি উপকাৰী । আমাৰ অসমীয়া সমাজত প্ৰচলিত ধাৰণা অনুসৰি, বসন্ত কাল অহাৰ লগে লগে বিভিন্ন ৰোগৰ সংক্ৰমণ বৃদ্ধি পায় । এই সংক্ৰমণৰ ৰোধ কৰাৰ ক্ষেত্ৰত তিতা কেৰেলা অতি উপকাৰী বুলি কোৱা হয় ।

বসন্ত কালত কিয় তিতা কেৰেলা খাব লাগে ? ইয়াৰ উপকাৰিতা কি ? জানক

তিতা কেৰেলা

Published: 

05 Mar 2025 19:11 PM

তিতা কেৰেলা বহুতে খাই ভাল নাপায় । কিন্তু স্বাস্থ্যৰ বাবে তিতা কেৰেলা অতি উপকাৰী । তিতা কেৰেলাত বহু ধৰণৰ পুষ্টিকৰ উপাদন থাকে । তিতা কেৰেলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে ছালৰ বাবেও ই অতি উপকাৰী । আমাৰ অসমীয়া সমাজত প্ৰচলিত ধাৰণা অনুসৰি, বসন্ত কাল অহাৰ লগে লগে বিভিন্ন ৰোগৰ সংক্ৰমণ বৃদ্ধি পায় । এই সংক্ৰমণৰ ৰোধ কৰাৰ ক্ষেত্ৰত তিতা কেৰেলা অতি উপকাৰী বুলি কোৱা হয় । কোৱা হয় যে,  তিতা কেৰেলা খালে বসন্ত ৰোগৰ সম্ভাৱনা হ্ৰাস পায় ।

তিতা কেৰেলাৰ স্বাস্থ্যৰ উপকাৰিতা কি জানক…

  1. কোৱা হয় যে, তিতা কেৰেলা খালে শৰীৰৰ তেজ পৰিস্কাৰ কৰে । ইয়াৰ লগতে মূৰৰ বিষৰ লগতে ছালৰ এলাৰ্জি, ভাগৰ লগা আদি সমস্যা দূৰ কৰে তিতা কেৰেলাই ।
  2. তিতা কেৰেলা যকৃতৰ বাবে অতি উপকাৰী বুলি কোৱা হয় । তিতা কেৰেলাই যকৃতৰ কাৰ্যক্ষমতা উন্নত কৰাৰ লগতে শৰীৰৰ বিষাক্ত পদাৰ্থ আঁতৰ কৰাত সহায় কৰে।
  3. কলেষ্টেৰল হ্ৰাসৰ কৰাত সহায় কৰে তিতা কেৰেলাই । কোৱা হয় যে, তিতা কেৰেলাই শৰীৰৰ ক্ষতিকাৰক কলেষ্টেৰল হ্ৰাস কৰে। ইয়াৰ ফলত হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস পায় ।
  4. ডায়েৰিয়া বা কলেৰাৰ ৰোগ উপশম কৰাৰ ক্ষেত্ৰত তিতা কেৰেলা অতি উপকাৰী। তদুপৰি ডায়েবেটিছ ৰোগীৰ বাবেও তিতা কেৰেলা উপকাৰী ।
  5. তিতা কেৰেলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু সকলো ধৰণৰ সংক্ৰমণ ৰোধ কৰাত সহায় কৰে।
  6. তিতা কেৰেলাই কোষ্ঠকাঠিন্য, কফ আৰু পাচনতন্ত্ৰৰ সমস্যা দূৰ কৰে। যদি আপুনি তিতা কেৰেলা খায় তেন্তে আপোনাৰ কেতিয়াও হজম শক্তিৰ সমস্যা অনুভৱ নকৰিব। তদুপৰি, ভোক নলগা সমস্যাও দূৰ কৰে তিতা কেৰেলাই ।
গাখীৰ চাহত নিমখ দি খালে কি হয়? বিশেষজ্ঞৰ পৰা জানক
সপোনত কেতিয়াবা শ্মশান দেখিছে নেকি? তেন্তে জানক ইয়াৰ অৰ্থ...
একেৰাহে এমাহ গাখীৰৰ সৈতে জালুক মিহলাই খালে কি হয় জানেনে?
অনন্ত আম্বানীৰ বনতাৰাত কি কি আৰু কিমান জীৱ-জন্তু আছে?