প্ৰতিদিনে মাত্ৰ এচামুচ ৰঙালাও গুটি আপোনাৰ দেহৰ বাবে হৈ পৰিব অমৃত! চাওক উপকাৰিতা
বিশেষজ্ঞসকলে বহু সময়ত কিছুমান বীজৰ আচৰিত উপকাৰিতা সম্পৰ্কে মত প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। তেনে এক উপকাৰী বীজ হৈছে ৰঙালাওৰ গুটি। আকাৰত সৰু হ’লেও ৰঙালাও গুটিৰ দেহত অনন্য উপকাৰিতা সাধনৰ ক্ষমতা আছে। প্ৰতিদিনে মাত্ৰ এচামুচ ৰঙালাও গুটিয়ে আপোনাৰ দেহক মূল্যৱান উপকাৰিতা প্ৰদান কৰিব।

ৰঙালাও গুটিৰ উপকাৰিতা
নিজকে সুস্থ, সবল আৰু নিৰোগী কৰি ৰাখিবলৈ বৰ্তমান সময়ত প্ৰতিগৰাকী লোকেই বিশেষ যত্ন লয়। স্বাস্থ্যসন্মত জীৱনশৈলীৰ লগতে সঠিক খাদ্যাভ্যাসে এগৰাকী ব্যক্তিক সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলে। স্বাস্থ্য বিশেষজ্ঞসকলে নিজকে সুস্থ কৰি ৰাখিবলৈ এগৰাকী ব্যক্তিয়ে দৈনন্দিন খাদ্যাভ্যাস কিদৰে পালন কৰিব লাগে সেই সম্পৰ্কে বহু সময়ত মতামত আগবঢ়াইছে। আমি বিভিন্ন সময়ত তেওঁলোকৰ মতামত ভালদৰে মন নকৰাৰ ফলত কিছুমান সহজলভ্য অথচ স্বাস্থ্যৰ বাবে পৰম উপকাৰী খাদ্যদ্ৰৱ্যৰ কথা অজ্ঞাত হৈ ৰওঁ।
বিশেষজ্ঞসকলে বহু সময়ত কিছুমান বীজৰ আচৰিত উপকাৰিতা সম্পৰ্কে মত প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। তেনে এক উপকাৰী বীজ হৈছে ৰঙালাওৰ গুটি। আকাৰত সৰু হ’লেও ৰঙালাও গুটিৰ দেহত অনন্য উপকাৰিতা সাধনৰ ক্ষমতা আছে। প্ৰতিদিনে মাত্ৰ এচামুচ ৰঙালাও গুটিয়ে আপোনাৰ দেহক মূল্যৱান উপকাৰিতা প্ৰদান কৰিব। ৰঙালাও গুটি দেহৰ বাবে প্ৰয়োজনীয় বহু পুষ্টিকৰ উপাদানৰে ভৰপূৰ।
এই বীজ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ পৰা আৰম্ভ কৰি মগজুৰ কাৰ্যক্ষমতা উন্নত কৰালৈকে সকলোতে বিশেষভাৱে সহায়ক। ৰঙালাও গুটিত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম থাকে, যি ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। হৃদযন্ত্ৰক সঠিকভাৱে কাম কৰাত সহায় কৰে। ৰঙালাও গুটিত লগতে এন্টিঅক্সিডেন্ট আৰু স্বাস্থ্যকৰ চৰ্বি থাকে, এইসমূহে বেয়া কলেষ্টেৰল (LDL) হ্ৰাস কৰে আৰু ভাল কলেষ্টেৰল (HDL) বৃদ্ধি কৰে।
ৰঙালাও গুটিত ট্ৰিপ্ট’ফেন নামৰ এবিধ এমিনো এচিড থাকে, ই আপোনাৰ শৰীৰত প্ৰাকৃতিক টোপনিৰ হৰম’ন – চেৰ’টনিন আৰু মেলাটনিন উৎপাদন কৰাত সহায় কৰে। শোৱাৰ পূৰ্বে এচামুচ ৰঙালাও গুটি খালে ভাল টোপনি আহে। ইয়াত থকা মেগনেছিয়ামে আপোনাৰ পেশী আৰু স্নায়ু অধিক শিথিল কৰি তোলে। এই বীজ স্মৃতিশক্তি বৃদ্ধি কৰাতো সহায়ক হয়। বিশেষকৈ ইয়াত থকা জিংকে স্নায়ুৰ সংকেত প্ৰদান আৰু মগজুৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ইয়াত প্ৰচুৰ পৰিমাণে জিংক আৰু ভিটামিন ই থাকে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আৰু সংক্ৰমণৰ পৰা ৰক্ষা কৰাত এই দুটা হৈছে অত্যন্ত গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান। জিংকে ঘাঁ ভাল কৰাত আৰু চৰ্দিৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে, আনহাতে ভিটামিন ই- এ এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে, প্ৰদাহ কমায়, আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখে।
ভাল হজম শক্তি হৈছে ব্যক্তিৰ সামগ্ৰিক স্বাস্থ্যৰ ভেটি। অন্ত্ৰৰ বাবে ৰঙালাও গুটি যথেষ্ট উপকাৰী। ইয়াত উপলব্ধ ফাইবাৰে পাচনত সহায় কৰে, কোষ্ঠকাঠিন্য ৰোধ কৰে আৰু সুষম আন্ত্ৰিক মাইক্ৰ’বায়’মক প্ৰসাৰিত কৰে। ৰঙালাও গুটিৰ প্ৰাকৃতিক এন্টিপেৰাচাইটিক গুণে আন্ত্ৰিক ক্ষতিকাৰক বেক্টেৰিয়া নিৰ্মূল কৰাত সহায় কৰে আৰু আপোনাৰ পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে।