শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Cucumber Benefits : উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, তিয়ঁহৰ স্বাস্থ্যৰ উপকাৰিতা কি ? জানক

ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হজম শক্তি উন্নত কৰা আৰু ছাল সুস্থ কৰি ৰখালৈকে তিয়ঁহৰ বহু উপকাৰী গুণ আছে। অৱশ্যে তিয়ঁহ খোৱাৰ উপযুক্ত সময় জানেনে ? ইয়াৰ উপকাৰিতা কি জানক...

Cucumber Benefits : উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে, তিয়ঁহৰ স্বাস্থ্যৰ উপকাৰিতা কি ? জানক
তিয়ঁহ
manas-borah
Manas Borah | Published: 02 Mar 2025 11:06 AM

তিয়ঁহ স্বাস্থ্যৰ বাবে অতি উপকাৰী । গৰম দিনত প্ৰায় সংখ্যক লোকে তিয়ঁহ খাদ্যৰ তালিকাত ৰাখে । তিয়ঁহে কেৱল শৰীৰক হাইড্ৰেট কৰাই নহয়, পুষ্টিৰ প্ৰদান কৰে । ওজন হ্ৰাসৰ পৰা আৰম্ভ কৰি হজম শক্তি উন্নত কৰা আৰু ছাল সুস্থ কৰি ৰখালৈকে তিয়ঁহৰ বহু উপকাৰী গুণ আছে। অৱশ্যে তিয়ঁহ খোৱাৰ উপযুক্ত সময় জানেনে ? ইয়াৰ উপকাৰিতা কি জানক…

তিয়ঁহৰ উপকাৰিতা কি ?

  • তিয়ঁহ কম কেলৰি আৰু উচ্চ আঁহযুক্ত খাদ্য। যিয়ে ওজন কমাবলৈ সহায় কৰে ।
  • তিয়ঁহে শৰীৰক হাইড্ৰেট কৰি ৰাখে। ইয়াত থকা আঁহে কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যা দূৰ কৰে আৰু পাচনতন্ত্ৰ উন্নত কৰে।
  • তিয়ঁহত থকা এন্টিঅক্সিডেন্টে ছাল সুস্থ কৰি ৰাখে। ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে । ইয়াৰ উপৰিও তিয়ঁহে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।
  • তিয়ঁহত থকা পটাছিয়াম আৰু মেগনেছিয়ামে ৰক্তচাপৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।

ৰাতিপুৱা তিয়ঁহ খাব পাৰে

যদি আপুনি ইয়াক ডিটক্স হিচাপে ব্যৱহাৰ কৰিব বিচাৰে তেন্তে ৰাতিপুৱা খালী পেটত তিয়ঁহ খাব পাৰে। ই পেট পৰিষ্কাৰ কৰাত সহায় কৰে। শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱাত সহায় কৰে। লগতে ইয়াত আঁহৰ পৰিমাণ বেছি আৰু পানীৰ পৰিমাণো অতি বেছি। গতিকে ই হজম শক্তি উন্নত কৰাত সহায় কৰে। কিন্তু খালী পেটত বেছিকৈ তিয়ঁহ খালে কিছুমান মানুহৰ গেছৰ সমস্যা হ’ব পাৰে। যদি আপোনাৰ এচিডিটিৰ সমস্যা আছে তেন্তে ৰাতিপুৱা খালী পেটত তিয়ঁহ নাখালে ভাল।

দুপৰীয়া তিয়ঁহ খাব পাৰে

দুপৰীয়াৰ আহাৰৰ লগত তিয়ঁহৰ চালাড বনাই খাব পাৰে । ই হজম শক্তি উন্নত কৰে আৰু গ্ৰীষ্মকালত শৰীৰক শীতল আৰু হাইড্ৰেট কৰি ৰাখে। দুপৰীয়া তিয়ঁহ খালে ভাল। ওজন কমাবলৈ সহায় কৰে ।

ৰাতি তিয়ঁহ খাব পাৰে

ৰাতি লঘু আহাৰ খাব বিচাৰিলে খাদ্যৰ তালিকাত তিয়ঁহ ৰাখিব পাৰে। ইয়াত ৯০ শতাংশতকৈ অধিক পানী থাকে। যিয়ে শৰীৰক হাইড্ৰেট কৰি ৰাখে আৰু পাচনত সহায় কৰে। কিন্তু ৰাতি বেছিকৈ তিয়ঁহ খালে গেছৰ সমস্যা হ’ব পাৰে। ইয়াৰ ফলত বদহজম হ’ব পাৰে।