Cumin and Turmeric Water: পুৱা জিৰা আৰু হালধিৰ পানীয় সেৱন কৰিলে কি উপকাৰ পাব পাৰি ? জানক
অসমীয়া লোকসকলে বিভিন্ন ৰোগৰ ঔষধ হিচাপেও হালধি ব্যৱহাৰ কৰে । যদি জিৰা আৰু হালধি একেলগে পানীত মিহলাই খোৱা যায় তেতিয়া স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়। এই প্ৰতিবেদনৰ জৰিয়তে জানক জিৰা আৰু হালধি একেলগে মিহলাই খোৱাৰ উপকাৰিতা কি ?
সুস্বাস্থ্য বজাই ৰখাৰ বাবে জিৰা আৰু হালধি অতি উপকাৰী । আমাৰ অসমীয়া সমাজত এই দুয়োবিধক মছলা হিচাপে ব্যৱহাৰ কৰা হয় । এই মছলা দুবিধত থকা স্বাস্থ্যকৰ উপাদানে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে । অসমীয়া লোকসকলে বিভিন্ন ৰোগৰ ঔষধ হিচাপেও হালধি ব্যৱহাৰ কৰে । যদি জিৰা আৰু হালধি একেলগে পানীত মিহলাই খোৱা যায় তেতিয়া স্বাস্থ্যৰ বহু উপকাৰ পোৱা যায়।
এগিলাচ পানীত আধা চামুচ জিৰা আৰু লগতে অকনমান হালধি মিহলাই লব লাগে । ইয়াৰ পাছত উতলাই ঠাণ্ডা কৰি এই পানীয় খাব পাৰে । যদি আপুনি কোনো ঔষধ সেৱন কৰি আছে তেন্তে জিৰা আৰু হলুদ পানী খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ লওক। এই প্ৰতিবেদনৰ জৰিয়তে জানক জিৰা আৰু হালধি একেলগে মিহলাই খোৱাৰ উপকাৰিতা কি ?
জিৰা আৰু হালধি পানীৰ উপকাৰিতা
- জিৰা আৰু হালধি পানী পুৱা সেৱন কৰিলে আমাৰ পাচনতন্ত্ৰ শাক্তিশালি হয় । ই সজম শক্তি উন্নত কৰে । জিৰাই পাচন এনজাইম সক্ৰিয় কৰে, যাৰ ফলত খাদ্যৰ হজম শক্তি উন্নত হয়।
- ইফালে হালধিত থকা প্ৰদাহ নিবাৰণকাৰী গুণ পাচনতন্ত্ৰৰ বাবে উপকাৰী । ই পেটৰ প্ৰদাহ কমায় আৰু পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে ।
- বদহজম আৰু গেছৰ বাবেও জিৰা আৰু হালধি পানী উপকাৰী । পুৱা এই পানী সেৱন কৰিলে বদহজম আৰু গেছৰ দৰে সমস্যাৰ পৰা সকাহ পাব পাৰি ।
- কোষ্ঠকাঠিন্য সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত এই পানীয় উপকাৰী । এই পানী সেৱন কৰিলে এই সমস্য়াৰ পৰা উপশম পাব পাৰি । জিৰাত থকা আঁহে কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰাত সহায় কৰে।
- জিৰা আৰু হালধিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে । ই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। লগতে হালধিত থকা কাৰকুমিনয়ে বহু ধৰণৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে ।
- এই দুয়োবিধ পানী ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত উপকাৰী । এই পানী সেৱন কৰিলে বিপাকীয় ক্ৰিয়া বৃদ্ধি পায় । ইয়াৰ ফলত ওজন হ্ৰাস কৰাত সহায়ক হয় ।
- হালধিত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিয়ে ছালৰ সমস্যা দূৰ কৰাত সহায় কৰে ।
- জিৰা আৰু হালধি দুয়োটা হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী। এই পানী সেৱন কৰিলে কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায় আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।