জানেনে, অনন্য গুণৰ ভাণ্ডাৰ চফ-মিছিৰিৰ মিশ্ৰণঃ লাভ কৰিব অনেক সুফল.... | Health benefits of eating fennel sugar candy daily Assam news - Assam Tv9

জানেনে, অনন্য গুণৰ ভাণ্ডাৰ চফ-মিছিৰিৰ মিশ্ৰণঃ লাভ কৰিব অনেক সুফল….

চফৰ সৈতে মিছিৰি একেলগে মিশ্ৰণ কৰি খোৱা আপোনালোকে কেতিয়াবা দেখিছেনে? দেশৰ বহু ঠাইত এই উপকৰণবিধৰ প্ৰচলন আছে। বিশেষকৈ খাদ্য কোৱাৰ পিছত এই মিশ্ৰণ খোৱা হয়। আপুনি হয়তো এই মিশ্ৰণৰ উপকাৰিতাৰ বিষয়ে জ্ঞাত নহয়! এই মিশ্ৰণে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিয়া সুফলৰ বিষয়ে জানিলে আপুনি যথেষ্ট লাভৱান হ’ব।

জানেনে, অনন্য গুণৰ ভাণ্ডাৰ চফ-মিছিৰিৰ মিশ্ৰণঃ লাভ কৰিব অনেক সুফল....

চফ আৰু মিছিৰিৰ আছে অনেক উপকাৰিতা

Published: 

21 Jul 2024 22:21 PM

আমাৰ সমাজত প্ৰাকৃতিকভাৱে উৎপাদিত মছলাৰ আছে এক সুকীয়া স্থান। অধিকাংশ ভাৰতীয় লোকৰ পাকঘৰতে সাধাৰণতে এনে প্ৰাকৃতিক মছলাৰ ব্যৱহাৰেই পৰিলক্ষিত হয়। ইয়াৰ আঁৰত আছে এক বিশেষ কাৰণো। এই প্ৰাকৃতিক মছলাবোৰ কেৱল সোৱাদৰ দিশৰ পৰাই নহয়, ঔষধি গুণেৰে ভৰপূৰ এই মছলাসমূহ স্বাস্থ্যৰ ক্ষেত্ৰতো অত্যন্ত উপকাৰী। ভাৰতীয় সমাজত বহুল প্ৰচলিত এনে এবিধ মছলা হৈছে চফ। চফ মছলা হিচাপে ব্যৱহাৰ কৰাৰ লগতে মুহুদী হিচাপেও আমাৰ সমাজত ব্যৱহাৰ কৰা হয়। অনন্য গুণেৰে ভৰপূৰ চফৰ বিভিন্ন ৰেচিপিও খাদ্য ৰসিকসকলৰ প্ৰিয়।

চফৰ সৈতে মিছিৰি একেলগে মিশ্ৰণ কৰি খোৱা আপোনালোকে কেতিয়াবা দেখিছেনে? দেশৰ বহু ঠাইত এই উপকৰণবিধৰ প্ৰচলন আছে। বিশেষকৈ খাদ্য কোৱাৰ পিছত এই মিশ্ৰণ খোৱা হয়। আপুনি হয়তো এই মিশ্ৰণৰ উপকাৰিতাৰ বিষয়ে জ্ঞাত নহয়! এই মিশ্ৰণে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত দিয়া সুফলৰ বিষয়ে জানিলে আপুনি যথেষ্ট লাভৱান হ’ব। চাওঁ আহক এই বিষয়ে-

 

পাচনতন্ত্ৰৰ সমস্যা ৰোধ কৰে

খাদ্য খোৱাৰ পিছত কিছু সময় চফ আৰু মিছিৰি একেলগে চোবাই খাব লাগে। এই মিশ্ৰণে খাদ্য সঠিকভাৱে হজম কৰাত সহায় কৰে আৰু এচিডিটি, গেছ, বদহজমৰ দৰে সমস্যা ৰোধ কৰে। যিসকল লোকে প্ৰায়ে পেটৰ সমস্যাত ভুগি থাকে, তেওঁলোকে দৈনিক খাদ্য খোৱাৰ পিছত এইদৰে চফ আৰু মিছিৰিৰ খোৱাৰ অভ্যাস কৰিব লাগে।

 

মুখৰ দুৰ্গন্ধ দূৰ কৰে

বহু সময়ত মুখৰ দুৰ্গন্ধৰ বাবে আমি হীনমান্যতাত ভূগিব লগা হয় বা লজ্জাজনৰ পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়। এনে পৰিস্থিতিত যদি আপুনি খাদ্য খোৱাৰ পিছত চফ আৰু মিছিৰি একেলগে চোবাই খায়, তেন্তে আপুনি মুখৰ দুৰ্গন্ধৰ পৰা ৰক্ষা পৰে।

 

পেটৰ তাপ কম হয়

চফ আৰু মিছিৰিক তুলনামূলকভাৱে শীতল খাদ্যবস্তু হিচাপে গণ্য কৰা হয়। এই দুই খাদ্যবস্তুৰ শীতল গুণৰ বাবে একেলগে খালে পেটৰ তাপ শান্ত হয় আৰু স্বাস্থ্যজনিত সমস্যাৰ পৰা ৰক্ষা পৰে। গৰমৰ দিনত এইদৰে চফ আৰু মিছিৰি মিহলাই খোৱাটো অত্যন্ত উপকাৰী।

তদুপৰি দৈনিক চফ আৰু মিছিৰি এইদৰে খালে চকু সুস্থ হৈ থাকে। লগতে ই তেজত হিম’গ্লবিন বৃদ্ধি কৰাৰ সমান্তৰালকৈ ৰক্তচাপো নিয়ন্ত্ৰণ কৰে।

দীপাৱলীৰ দিনটোত নকৰিব এই ভুল!
নছৰল্লাহৰ মৃত্যুৰ এমাহৰ পাছত নতুন নেতা নিৰ্বাচিত কৰিলে হিজবুল্লাহে...
পৰম্পৰা ৰক্ষা কৰি প্ৰদূষণমুক্ত দীপাৱলী কেনেকৈ উদযাপন কৰিব ? জানক
দেৱালীৰ সময়ত ভাগ্য ফুলিব এই ৫ ৰাশিৰ! লাভ কৰিব চাকৰি, ধন-সম্পত্তি...