শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি খাব পাৰে দৈ, পিছে নকৰিব এনে ভুলঃ অন্যথা পৰিব পাৰে বিপদত

স্বাভাৱিকতেই দৈ খালে বহু উপকাৰ পোৱা যায়। পিছে কেতিয়াবা নিজৰ ভুলৰ বাবে এনে উপকাৰিতাৰ পিছতো দৈ বিপদৰ কাৰণ হৈ পৰিব পাৰে। স্বাস্থ্যৰ বাবে অতি উত্তম যদিও দৈ খোৱাৰ সময়ত কিছুমান বিশেষ কথা মনত ৰাখিব লাগে। এই বিষয়ে জানো আহক।

গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি খাব পাৰে দৈ, পিছে নকৰিব এনে ভুলঃ অন্যথা পৰিব পাৰে বিপদত
দৈ খাওঁতে মনত ৰাখক এনে কথা
monjit-dutta
Monjit Dutta | Published: 18 Apr 2025 22:55 PM

গ্ৰীষ্মকালত মানুহে সাধাৰণতে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ যিমান পাৰে ঠাণ্ডা বস্তু খাই ভাল পায়। দৈও এনে খাদ্যৰ ভিতৰত অন্যতম। স্বাস্থ্যৰ বাবে অতি উত্তম যদিও দৈ খোৱাৰ সময়ত কিছুমান বিশেষ কথা মনত ৰাখিব লাগে। দৈত প্ৰ’বায়’টিক অৰ্থাৎ স্বাস্থ্যকৰ বেক্টেৰিয়া থাকে। ই আন্ত্ৰিক স্বাস্থ্যৰ বাবে অতি উপকাৰী। স্বাভাৱিকতেই দৈ খালে বহু উপকাৰ পোৱা যায়। পুৱা বা দুপৰীয়া সময়ত সাধাৰণতে দৈ খাব লাগে। ইয়াত উপলব্ধ ভিটামিন আৰু খনিজ পদাৰ্থই  শৰীৰক পুষ্টি প্ৰদান কৰে। মগজুৰ স্বাস্থ্য উন্নত কৰাৰ লগতে ই পেশীক শক্তি প্ৰদান কৰে আৰু হাড় মজবুত কৰে।

পিছে কেতিয়াবা নিজৰ ভুলৰ বাবে এনে উপকাৰিতাৰ পিছতো দৈ বিপদৰ কাৰণ হৈ পৰিব পাৰে। জয়পুৰৰ আয়ুৰ্বেদ বিশেষজ্ঞ কিৰণ গুপ্তাৰ মতে, দৈ কেতিয়াও ৰাতি খাব নালাগে। ৰাতি দৈ খোৱাৰ ফলত  বহু অসুবিধাৰ সন্মুখীন হ’ব পাৰে বুলি তেওঁ কয়। তদুপৰি আমি কিছুমান বস্তুৰ সৈতে দৈ খোৱাৰ পৰা সদায় বিৰত থাকিব লাগে। এই বিষয়ে জানো আহক-

কেতিয়াও দৈত নিমখ দি খাব নালাগে

কিছু লোকে জিৰা গুড়ি আৰু নিমখ দি দৈ খাবলৈ ভাল পোৱা দেখা যায়। কিন্তু আয়ুৰ্বেদৰ মতে এই অভ্যাস স্বাস্থ্যৰ বাবে উপকাৰী নহয়। দৈ নিমখৰ লগত খাব নালাগে। একেদৰে দৈত চেনি দি খোৱাটোও সঠিক বুলি গণ্য কৰা নহয়।

টেঙা খাদ্যৰ লগত দৈ নাখাব

দৈ কেতিয়াও কোনো টেঙা ফল বা আন যিকোনো টেঙা খাদ্যৰ লগত মিহলাই খাব নালাগে। ইয়াৰ ফলত আপোনাৰ আন্ত্ৰিক স্বাস্থ্যৰ ক্ষতি হয়। অৱশ্যে দৈ খোৱাৰ সময়ত তাত আমলখি গুড়ি, মৌ মিহলাই খাব পাৰি। ইয়াৰ ফলত শৰীৰত পুষ্টিকৰ উপাদান পোৱা যায়।

সেউজীয়া পাতৰ শাক-পাচলিৰ লগত দৈ নাখাব

পালেঙৰ দৰে শাকৰ লগত কেতিয়াও দৈ নাখাব। কাৰণ ইয়াত অক্সালেটৰ পৰিমাণ অত্যন্ত বেছি। আৰু দৈত থকা কেলচিয়ামৰ বাবে ইয়াক হজম কৰাত কঠিন হৈ পৰে। ইয়াৰ ফলত পাচনতন্ত্ৰৰ সমস্যা হ’ব পাৰে।

আমিষ খাদ্যৰ সৈতে খোৱাৰ পৰা বিৰত থাকক

দৈ আমিষ খাদ্যৰ সৈতে বা আমিষ খাদ্য খোৱাৰ পিছত লগে লগে খাব নালাগে। বিশেষকৈ দৈ মাছৰ লগত খাব নালাগে। ইয়াৰ ফলত কেৱল হজম শক্তিৰ ক্ষতি হোৱাই নহয়, শৰীৰৰ pH ভাৰসাম্যতো বিঘিনি ঘটিব পাৰে। যাৰ বাবে আপোনাৰ বহুতো স্বাস্থ্যজনিত সমস্যা হ’বলৈ আৰম্ভ কৰে।

তদুপৰি দৈ খোৱাৰ আগতে কেতিয়াও গৰম নকৰিব। এনে কৰিলে দৈৰ পুষ্টিকৰ উপাদানসমূহ নষ্ট হৈ যায় আৰু ইয়াৰ সেৱনৰ পৰা শৰীৰে কোনো লাভ নাপায়।