Vitamin D : সূৰ্যৰ ৰশ্মিৰ পৰা শৰীৰে কেনেকৈ ভিটামিন ডি লাভ কৰে? জানক…

শৰীৰৰ বাবে ভিটামিন ডি অতি প্ৰয়োজন । শৰীৰত ভিটামিন ডি অভাৱ হ’লে দেখা পোৱা লক্ষণবোৰৰ ভিতৰত আছে- দুৰ্বলতা অনুভৱ কৰা, সোনকালে ভাগৰুৱা হোৱা, পেশীৰ বিষ, মেজাজৰ পৰিৱৰ্তন আদি । এই সমস্যাৰ পৰা হাত সাৰিবলৈ শৰীৰত উপযুক্ত পৰিমাণৰ ভিটামিন ডি থকাটো অতি প্ৰয়োজনীয়।

Vitamin D : সূৰ্যৰ ৰশ্মিৰ পৰা শৰীৰে কেনেকৈ ভিটামিন ডি লাভ কৰে? জানক...

ভিটামিন ডি

Updated On: 

11 Nov 2024 12:40 PM

শৰীৰটো সক্ৰিয় হৈ থাকিবলৈ সকলো ধৰণৰ ভিটামিনৰ প্ৰয়োজন হয় । শৰীৰৰ বাবে ভিটামিন ডি অতি প্ৰয়োজন । ভিটামিন ডিয়ে কেলচিয়াম আৰু ফছফৰাছ শোষণত সহায় কৰে । ইয়াৰ ফলত হাড় শক্তিশালী হয়। ই মেজাজ উন্নত কৰাত সহায় কৰিব পাৰে । কিন্তু যদি শৰীৰত ইয়াৰ অভাৱ হয়, তেন্তে ইয়াৰ বাবেই এজন ব্যক্তিয়ে স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে ।

শৰীৰত ভিটামিন ডি অভাৱ হ’লে দেখা পোৱা লক্ষণবোৰৰ ভিতৰত আছে- দুৰ্বলতা অনুভৱ কৰা, সোনকালে ভাগৰুৱা হোৱা, পেশীৰ বিষ, মেজাজৰ পৰিৱৰ্তন আদি । এই সমস্যাৰ পৰা হাত সাৰিবলৈ শৰীৰত উপযুক্ত পৰিমাণৰ ভিটামিন ডি থকাটো অতি প্ৰয়োজনীয়। কিন্তু আজিকালি বেছিভাগ মানুহৰে ভিটামিন ডিৰ অভাৱ হোৱা দেখা যায়।

বৰ্তমান সময়ত মানুহে ভিটামিন ডিৰ অভাৱৰ বিষয়ে অধিক সচেতন । বিশেষকৈ Covid ৰ পিছত বহুতে স্বাস্থ্যৰ প্ৰতি অতি সতৰ্ক হ’বলৈ আৰম্ভ কৰিছে । যদি শৰীৰত ভিটামিন ডিৰ লগত জড়িত লক্ষণ দেখা দিয়ে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি প্ৰয়োজন ।

ৰ’দৰ সংস্পৰ্শ কম হোৱাৰ বাবে শৰীৰত ভিটামিন ডিৰ অভাৱৰ আটাইতকৈ ডাঙৰ কাৰণ। বিশেষকৈ চহৰ অঞ্চলত পুৱাৰে পৰা নিশালৈকে দিনটো অফিচত কাম কৰি থকাৰ সকলৰ ভিটামিনৰ ডি অভাৱ হোৱা দেখা যায় । ইয়াৰ উপৰিও ভিটামিন ডি যুক্ত খাদ্য কমকৈ খোৱাটো ইয়াৰ অভাৱৰ অন্যতম কাৰণ। আনহাতে সূৰ্য্যৰ ৰশ্মিক ভিটামিন ডিৰ সৰ্বোত্তম উৎস বুলি গণ্য কৰা হয়।

যেতিয়া সূৰ্যৰ পোহৰত উপস্থিত UVB ৰশ্মি ছালৰ সংস্পৰ্শলৈ আহে তেতিয়া ভিটামিন ডি উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হয়। এই প্ৰক্ৰিয়াত ছালৰ বাহ্যিক তৰপত (এপিডাৰ্মিছ) থকা ৭-ডিহাইড্ৰ’কলেষ্টেৰল নামৰ পদাৰ্থৰ সৈতে ছালে ক্ৰিয়া কৰে। তাৰ পিছত যকৃতে ৭-ডিহাইড্ৰ’কলেষ্টেৰল ভিটামিন ডি ৩ (ক’লেকেলচিফেৰল)লৈ ৰূপান্তৰিত কৰে আৰু বৃক্কই ইয়াক কেলচিট্ৰ’ললৈ ৰূপান্তৰ কৰে।

কিন্তু UVB ৰশ্মি স্বাস্থ্য আৰু ছালৰ বাবেও ক্ষতিকাৰক হ’ব পাৰে। গতিকে ৰাতিপুৱা ৮ বজাৰ আগতে বা বিয়লি ৪ বজাৰ পিছত ১৫ৰ পৰা ২০ মিনিট ৰ’দত বহিবলৈ চেষ্টা কৰক আৰু লগতে ছানস্ক্ৰীণ ব্যৱহাৰ কৰক।

ফ্ৰিজৰ ওপৰত ভুলতেও নাৰাখিব এইসমূহ বস্তু, আৰম্ভ হ'ব বেয়া দিন!
ছালৰ উজ্বলতা বঢ়াবলৈ ঘৰতে তৈয়াৰ কৰক এই সামগ্ৰী...
বিশ্বৰ সবাতোকৈ দৰিদ্ৰ দেশ কেইখন, য'ত এজন ব্যক্তিৰ বছৰি আয় মাত্ৰ ৬০ হাজাৰ টকা...
দেশৰ এখন অভিশপ্ত নদী, যাক স্পৰ্শ কৰিবলৈ ভয় কৰে মানুহে, কাৰণ..