Winter Health Tips: শীতকালত স্বাস্থ্য সুস্থ কৰি ৰখাৰ উপায় কি ? কৰক এই চাৰিটা কাম…
পৰিৱৰ্তিত বতৰৰ বাবে মানুহৰ চৰ্দি, জ্বৰ, কাহ আদি ভাইৰাছৰ সমস্যাৰ সৃষ্টি হয় । ঠাণ্ডা দিন কেইটাত স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হোৱাটো প্ৰয়োজনীয় । ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকিলে ঠাণ্ডাৰ পৰা শৰীৰে নিজকে ৰক্ষা কৰিবলৈ সক্ষম হ’ব ।
নৱেম্বৰ মাহ আৰম্ভ হোৱাৰ লগে লগে ঠাণ্ডা দিনবোৰ আৰম্ভ হয় । এই সময়ত ৰাতিপুৱা আৰু গধূলি ঠাণ্ডা আৰু দিনত গৰম হয় । এই পৰিৱৰ্তিত বতৰৰ বাবে মানুহৰ চৰ্দি, জ্বৰ, কাহ আদি ভাইৰাছৰ সমস্যাৰ সৃষ্টি হয় । ঠাণ্ডা দিন কেইটাত স্বাস্থ্যৰ প্ৰতি অধিক সচেতন হোৱাটো প্ৰয়োজনীয় । ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকিলে ঠাণ্ডাৰ পৰা শৰীৰে নিজকে ৰক্ষা কৰিবলৈ সক্ষম হ’ব । সেয়েহে এতিয়াৰ পৰা স্বাস্থ্যৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয়।
বতৰৰ পৰিৱৰ্তনৰ লগে লগে খাদ্যাভ্যাস আৰু কাপোৰ-কানিও সলনি কৰাটো প্ৰয়োজনীয়। শীতকালত কেৱল ডাঠ কাপোৰ পিন্ধিবই লাগিব এনে নহয়, ইয়াৰ উপৰিও আপুনি আপোনাৰ ৰুটিনতো কিছু পৰিৱৰ্তন কৰিব লাগে। ইয়াৰ দ্বাৰা ঠাণ্ডা দিন কেইটাত ৰোগৰ পৰা হাত সাৰি থাকিব পাৰিব ।
পুষ্টি সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰক
শীতকালত খাদ্যত কিছু শস্য অন্তৰ্ভুক্ত কৰক। এই সময়ছোৱাত সেউজীয়া শাক-পাচলি আৰু বতৰৰ শাক-পাচলি আৰু ফল-মূল খাব লাগে। ইয়াৰ ফলত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকিব আৰু শীতকালতো আপুনি সক্ৰিয় অনুভৱ কৰিব। শীতকালত কণী, মাছ, কুকুৰা মাংসও অন্তৰ্ভুক্ত কৰিব পাৰে ।
হালধিৰ গাখীৰ
হালধি গাখীৰে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাই নহয়, ই শীতকালত চৰ্দি, কাহ, জ্বৰ আদি ঋতুজনিত সমস্যা ৰোধ কৰে । এই সমস্যাবোৰ হ’লে হালধি গাখীৰে বহুখিনি সকাহ দিয়ে। প্ৰতি দিনে অলপ হালধি মিহলাই কুহুমীয়া গাখীৰ খাব লাগে। ইয়াৰ দ্বাৰা শৰীৰৰ জঠৰতা, বিষ আদিৰ পৰাও উপশম পোৱা যায়। আপোনাৰ টোপনিও ভাল হ’ব।
শৰীৰত তৰল পদাৰ্থৰ ভাৰসাম্য বজাই ৰাখক
শীতকালত মানুহে পানী কমকৈ খাবলৈ আৰম্ভ কৰে, ইয়াৰ বাবেই ছালৰ শুকান হোৱা সমস্যা আৰম্ভ হয় আৰু ই আপোনাৰ স্বাস্থ্যৰ বাবেও অতি ক্ষতিকাৰক হ’ব পাৰে। গতিকে শৰীৰত থকা তৰল পদাৰ্থখিনি ভাৰসাম্য ৰক্ষা কৰি ৰাখক যাতে বিষাক্ত পদাৰ্থবোৰ ওলাই আহি থাকে। শীতকালত প্ৰচুৰ পৰিমাণে পানী খোৱাৰ লগতে খাদ্যত চূপ আদি অন্তৰ্ভুক্ত কৰক।
দৈনিক শাৰীৰিক ক্ৰিয়া-কলাপ কৰক
শীতকালত এলাহ বেছি হয় আৰু ইয়াৰ বাবে মানুহে ফিটনেছৰ প্ৰতি গুৰুত্ব দিব নোৱাৰে, আনহাতে শীতকালত ভজা খাদ্যও বহুত খোৱা হয় । সেয়েহে দৈনিক ৱৰ্কআউট বা যোগাসন কৰাত মনোনিৱেশ কৰাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাহিৰেও ঘৰতে চিৰি বগাই যোৱা, ৰাতিপুৱা সাৰ পোৱাৰ পিছত কিছু সময়ৰ বাবে খৰখেদাকৈ খোজ কঢ়া আদি অভ্যাস কৰিব পাৰে ।