ফল খোৱাৰ লগে লগে পানী খাই নেকি? তেন্তে সাৱধান, হ’ব পাৰে এই সমস্যা…
Health tips: সুস্থভাৱে জীয়াই থাকিবলৈ মানুহে জীৱনশৈলীত কিছু পৰিবৰ্তন কৰা দৰকাৰ। ইয়াৰ বাবে সদায় আপুনি একোট়াকৈ হ'লেও ফল খাব পাৰে। কিন্তু এই ক্ষেত্ৰত আপুনি জানেনে ফল খোৱাৰ সঠিক উপায়?

আমাৰ জীৱনশৈলীয়ে আমাৰ স্বাস্থ্যৰ ওপৰত যথেষ্ঠ প্ৰভাৱ পেলায়। কিন্তু বৰ্তমান ব্যস্ততাৰ বাবে সুস্থ জীৱনশৈলী বজাই ৰখাতো ক্ৰমান্বয়ে কঠিন কৰি পৰিছে। সকলো মানুবে বিচাৰে ফিট আৰু সুস্থ হৈ থাকিব।সকলোৱে বিচাৰে তেওঁলোকৰ যেন ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকে, সহজে ওজন বৃদ্ধি নহয় বা তেওঁলোক সুস্থ হৈ থাকে। কিন্তু মানুহে ভাৱে যে সুস্থ হৈ থাকিবলৈ বহু কঠিন নিয়ম বা জীৱনশৈলী মানি চলিব লগা হয়। অৱশ্যে এয়া সঁচা নহয়। স্বাস্থ্যৱান হৈ থাকিবলৈ কোনো বিশেষ নিয়ম নাই। কিন্তু যদি আপুনি জীৱনশৈলীত কিছু পৰিবৰ্তন কৰে তেন্তে সুস্থ আৰু ফিট হৈ থাকিব।
ভাল স্বাস্থ্যৰ বাবে প্ৰতিদিনে ফল-মূল খোৱা আৱশ্যক। যদি আপুনি ফলমূল খোৱাৰ সঠিক উপায় জানে তেন্তে ইয়াৰ পৰা শৰীৰে বহু উপকাৰ লাভ কৰে। যদি এয়া নকৰে তেন্তে স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। এনে এটা ভুল হ’ল ফল খোৱাৰ লগে লগে পানী খোৱা। এনে কৰিলে স্বাস্থ্যৰ ক্ষতি হ’ব পাৰে।
পাচন তন্ত্ৰত প্ৰভাৱ
যদি আপুনি ফল-মূল খোৱাৰ লগে লগে পানী খায়, তেন্তে ইয়াৰ প্ৰভাৱ হজম প্ৰক্ৰিয়াত পৰে। ইয়াৰ ফলত হজম প্ৰক্ৰিয়া লেহেমীয়া হয় আৰু বদহজম, এচিডিটি, পেট ফুলাৰ দৰে সমস্যা হয়। ইয়াৰ বাবে আপোনাৰ শৰীৰে ফলৰ পুষ্টিকৰ উপাদানসমূহ সঠিকভাৱে শোষণ কৰিবলৈ সক্ষম নহয় আৰু সম্পূৰ্ণ সুফল নাপায়। বিশেষকৈ টেঙা ফল খোৱাৰ পিছত পানী খালে হজমত প্ৰভাৱ পৰে।
পিএল লেভেলত সমস্যা
ফল খোৱাৰ লগে লগে পানী খালে শৰীৰত পানীৰ পৰিমাণ বাঢ়ি যায়। ইয়াৰ ফলত শৰীৰৰ পি এইচ লেভেল অৱনতি ঘটিব পাৰে। কিছুমান ফলত প্ৰচুৰ পৰিমাণে পানী থাকে আৰু সেয়েহে তৎক্ষণাত পানী খালে বমি পৰ্যন্ত হ’ব পাৰে।
ব্লাড চুগাৰ বৃদ্ধি
ফল-মূল খোৱাৰ লগে লগে পানী খালে হজম প্ৰক্ৰিয়া নষ্ট হয় আৰু ইয়াৰ ফলত শৰীৰত গ্লুক’জৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ ফলত ডায়েবেটিছ ৰোগ হ’ব পাৰে। বিশেষকৈ ডায়েবেটিছ ৰোগীয়ে ফল-মূল খোৱাৰ লগে লগে পানী খাব নালাগে।
চৰ্দি কাহ
ফল-মূল খোৱাৰ লগে লগে পানী খালে শৰীৰত কফ বৃদ্ধি পায়, যাৰ ফলত কাহ, চৰ্দি আৰু ডিঙিৰ বিষ হ’ব পাৰে। বয়োজ্যেষ্ঠ ব্যক্তিসকলে প্ৰায়ে কয় যে, ফল-মূল খোৱাৰ পিছত পানী খালে কাহ হয়। ফলমূল সদায় খাদ্য খোৱাৰ আগতে বা আধা ঘন্টা পাছত খাব লাগে। ফল খোৱাৰ লগে লগে পানী খোৱা অভ্যাস ত্যাগ কৰিব লাগে।