তেজত চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব…ডায়েবেটিছ ৰোগীৰ বাবে স্বাস্থ্যসন্মত ব্ৰেকফাষ্টত কি কি খাদ্য ৰাখিব ?
ডায়েবেটিছ ৰোগীৰ বাবে খাদ্যাভ্যাস সঠিকভাৱে ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ, নহ’লে তেজৰ চুগাৰ বৃদ্ধি হোৱাৰ আশংকা থাকে। কিছুমান মানুহৰ খাদ্য খোৱাৰ পিছত চুগাৰ দ্ৰুতগতিত বৃদ্ধি পায়। এনে অৱস্থাত ৰাতিপুৱাটো স্বাস্থ্যসন্মত ব্ৰেকফাষ্টেৰে আৰম্ভ কৰিব লাগে।
ডায়েবেটিছ এনে এটা সমস্যা যিটো শৰীৰৰ পৰা একেবাৰে নাইকীয়া কৰিব নোৱাৰি । স্বাস্থৰ অপকাৰী খাদ্যাভ্যাস, অস্বাস্থ্যকৰ জীৱনশৈলী, অতিৰিক্তি ওজন বৃদ্ধি ইত্যাদি কাৰণত বহু লোকৰ কম বয়সতে ডায়েবেটিছ হোৱা দেখা যায় । বহু লোকে জেনেটিকভাৱে এই ৰোগত আক্ৰান্ত হয় । ডায়েবেটিছ ৰোগীৰ বাবে খাদ্যাভ্যাস সঠিকভাৱে ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ, নহ’লে তেজৰ চুগাৰ বৃদ্ধি হোৱাৰ আশংকা থাকে। কিছুমান মানুহৰ খাদ্য খোৱাৰ পিছত চুগাৰ দ্ৰুতগতিত বৃদ্ধি পায়। এনে অৱস্থাত ৰাতিপুৱাটো স্বাস্থ্যসন্মত ব্ৰেকফাষ্টেৰে আৰম্ভ কৰিব লাগে।
তেজৰ চুগাৰ বৃদ্ধি হোৱাৰ আঁৰত বহু কাৰণ থাকিব পাৰে, যেনে- বহু সময়ত পৰ্যাপ্ত টোপনি অভাৱৰ ফলত কৰ্টিছল, গ্লুকগন আদি হৰম’ন বৃদ্ধিয়ে চুগাৰৰ মাত্ৰাত প্ৰভাৱ পেলায় । এনে পৰিস্থিতি স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট কৰাটো অতি প্ৰয়োজনীয়।
মাল্টিগ্ৰেইন ব্ৰেডৰ সৈতে কণী
ডায়েবেটিছ ৰোগীয়ে সপ্তাহত তিনিদিন এটা কণী ব্ৰেকফাষ্টৰ তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে। কম তেল বা মাখন দি কণীৰ আধা সিজোৱা অমলেট বনাই মাল্টিগ্ৰেইন ব্ৰেডৰ সৈতে টোষ্ট হিচাপে খাব পাৰে । এই দুয়োটা খাদ্যত পুষ্টিকৰ উপাদান থাকে আৰু লগতে তেজৰ চুগাৰ মাত্ৰাত প্ৰভাৱ নেপেলায় ।
শাক-পাচলি
ডায়েবেটিছ ৰোগীৰ বাবেও স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট অতি প্ৰয়োজনীয় । বীন, পটল, পিয়াঁজ, সেউজীয়া মৰিচা, তৰকাৰী পাত, ধনিয়া, বিলাহী, বাদাম, কেপচিকাম আদি বস্তু দি চেমোলিনাৰ পৰা স্বাস্থ্যকৰ জলপান তৈয়াৰ কৰিব পাৰে। চেমোলিনাৰ গ্লাইচেমিক ইনডেক্স কম আৰু শাক-পাচলি বহু পুষ্টিকৰ উপাদানৰ ভঁৰাল। ইয়াৰ লগতে আপুনি গ্ৰীণ টিও খাব পাৰে।
মচুৰ দালিৰ চিলা আৰু মাখন
ডায়েবেটিছ ৰোগীৰ বাবেও মচুৰ ডাল চিলা(Moong Dal Cheela) এটা ভাল পুষ্টি সমৃদ্ধ বিকল্প। মচুৰ দাইলখিনি ৰাতি তিয়াই ৰাতিপুৱা পিহি লওক। কিছু দেশী ঘিউ বা অলিভ অইলত চিলা বনাওক, লগতে দৈ বা মাখনো লব পাৰে। এই ব্ৰেকফাষ্ট কেৱল ডায়েবেটিছ ৰোগীৰ বাবেই নহয় সকলোৰে বাবে অতি উপকাৰী।
মাখানা ভাজি খাব
মাখানাখিনি আধা চামুচ দেশী ঘিউত ভাজি খাব পাৰে। এই ব্ৰেকফাষ্টটোও সোৱাদযুক্ত হ’ব আৰু তেজত চুগাৰ পৰিমাণ বৃদ্ধিত কোনো ভয় নাথাকে । ইয়াৰ লগতে একাপ গাখীৰ খাব পাৰে। কিছু সময়ৰ পাছত এটা আপেল খাব পাৰে।