শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে ? জানক

হৃদৰোগৰ পৰা হাত সাৰিবলৈ কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিব ? এই প্ৰতিবেদনৰ জৰিয়তে জানক কি কি খাদ্য খালে হৃদৰোগ সম্ভাৱনা হ্ৰাস পায় আৰু সুস্থ জীৱন-যাপন কৰাত সহায় কৰে ।

হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ কেনেকুৱা ধৰণৰ খাদ্য খাব লাগে ? জানক
হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ কি কি খাদ্য় খাব লাগে ?
manas-borah
Manas Borah | Published: 26 Jan 2025 12:22 PM

সমগ্ৰ বিশ্বৰ লগতে দেশত হৃদৰোগত আক্ৰান্ত ৰোগীৰ মৃত্যু সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে । বিশেষকৈ শীতকালত এই সংখ্যা অধিক বৃদ্ধি পায় । যুৱক-যুৱতীসকলো এই ৰোগৰ বলি হৈছে । হৃদৰোগৰ আঁৰৰ কাৰণ হৈছে অস্বাস্থ্যকৰ খাদ্য আৰু জীৱনশৈলী । এই অস্বাস্থ্যকৰ খাদ্য আৰু জীৱনশৈলীয়ে মানুহৰ মেদবহুলতা, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপৰ সমস্যা বৃদ্ধি কৰিছে। এই সমস্যাই হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে ।

হৃদৰোগৰ পৰা হাত সাৰিবলৈ কেনেকুৱা ধৰণৰ খাদ্য গ্ৰহণ কৰিব ? এই প্ৰতিবেদনৰ জৰিয়তে জানক কি কি খাদ্য খালে হৃদৰোগ সম্ভাৱনা হ্ৰাস পায় আৰু সুস্থ জীৱন-যাপন কৰাত সহায় কৰে ।

সেউজীয়া পাতৰ শাক-পাচলি

সেউজীয়া শাক-পাচলি খোৱাৰ উপকাৰিতাৰ কথা সকলোৱে জানে। সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন, মিনাৰেল আৰু ফাইবাৰ থাকে। ইয়াক হৃদযন্ত্ৰৰ বাবে ভাল বুলি গণ্য কৰা হয় । পালেং শাক, কচু,ব্ৰকলিকে ধৰি বহু শাক-পাচলিত আঁহৰ পৰিমাণ বেছি আৰু ই আমাৰ শৰীৰত কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস কৰি হৃদৰোগ প্ৰতিৰোধ কৰে। সেয়েহে সেউজীয়া পাতৰ শাক-পাচলি খাব লাগে।

ফল-মূল

ফল-মূলত কেলৰি কম আৰু পুষ্টিকৰ উপাদান বেছি। ইয়াত বহুতো উপাদান থাকে যিয়ে কলেষ্টেৰল হ্ৰাস কৰে আৰু হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে। ব্লুবেৰী, ষ্ট্ৰবেৰী,ব্লেকবেৰীকে ধৰি বহুতো ফল আমাৰ শৰীৰৰ বাবে উপকাৰী। বহু ফল-মূলত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। ফল-মূলে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে ।

মাছ

হৃদযন্ত্ৰৰ লগত জড়িত ৰোগবোৰ আঁতৰাই ৰাখিবলৈ মাছ খাব পাৰে। মাহত ৩ৰ পৰা ৪ সাজ মাছ খাব লাগে। কাৰণ মাছত ওমেগা-৩ ফেটি এচিড থাকে, যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ আৰু প্ৰদাহ কমোৱাত সহায় কৰে।

গোটা শস্য

খাদ্যত গোটা শস্য অন্তৰ্ভুক্ত কৰিলে এই ৰোগৰ পৰা হাত সাৰিব পাৰি। গোটা শস্যত মেগনেছিয়াম আৰু পটাছিয়ামৰ দৰে খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে থাকে। ইয়াৰ উপৰিও ইয়াত অধিক আঁহ পোৱা যায়, যিয়ে কলেষ্টেৰল হ্ৰাস কৰে আৰু তেজৰ চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে।

মচুৰ দাইল

মচুৰ দাইল হৈছে প্ৰটিন আৰু আঁহৰ আটাইতকৈ ডাঙৰ উৎস। হৃদযন্ত্ৰৰ সমস্যা আঁতৰাই ৰাখিবলৈ প্ৰটিন আৰু আঁহৰ অধিক প্ৰয়োজন হয় আৰু এই দুয়োটা দাইলত প্ৰচুৰ পৰিমাণে থাকে। ই হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবে উপকাৰী।

এই খাদ্য সামগ্ৰীসমূহ আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিলে হাৰ্ট এটেক আৰু হৃদৰোগ সম্পৰ্কীয় সমস্যাৰ সম্ভাৱনা হ্ৰাস পাব পাৰে। ইয়াৰ উপৰিও হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰাখিবলৈ নিয়মীয়া ব্যায়াম আৰু সঠিক জীৱনশৈলীও প্ৰয়োজনীয়।