এইসমূহ অভ্যাসে দুৰ্বল কৰি তোলে হৃদযন্ত্ৰ, জানক বিশেষজ্ঞই কি কয়…

Heart care: আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ হৃদযন্ত্ৰ। কিন্তু আজিকালি বিভিন্নজন হৃদৰোগৰ সমস্যাত ভোগা দেখা যায়। তেনেস্থলত আমি আমাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰখা অত্যন্ত আৱশ্যক।

এইসমূহ অভ্যাসে দুৰ্বল কৰি তোলে হৃদযন্ত্ৰ, জানক বিশেষজ্ঞই কি কয়...

হৃদৰোগ

Published: 

13 Feb 2025 06:56 AM

আমাৰ শৰীৰৰ মহত্বপূৰ্ণ অংগ হৈছে হৃদযন্ত্ৰ। কিন্তু আজিকালি বহুলোক হৃদযন্ত্ৰৰ সমস্যাত ভোগা দেখা যায়। বেয়া জীৱনশৈলী, খাদ্যভাষ আদিৰ বাবে এনে হয়। যাৰ বাবে বিভিন্ন সময়ত হাৰ্ট এটেকৰ খবৰ পোহৰলৈ আহে। যুৱক-যুৱতীৰ পৰা বৃদ্ধলৈকে, বিভিন্নজনে হৃদৰোগৰ লগত জড়িত সমস্যাত ভোগা দেখা যায়। গতিকে হৃদযন্ত্ৰ সুস্থ কৰি ৰথা অত্যন্ত আৱশ্যক। এনে পৰিস্থিতিত দৈনন্দিন কোনবোৰ ভুলে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে সেয়া জনাটো জৰুৰী।

গুৰুগ্ৰামৰ মাৰিংগো এছিয়া হাস্পতালৰ অধ্যক্ষ তথা কাৰ্ডিঅ’লজি ডাঃ সঞ্জীৱ চৌধুৰীয়ে কয় যে, আমাৰ ভুল অভ্যাসে হৃদযন্ত্ৰ দুৰ্বল কৰিব পাৰে। বেয়া জীৱনশৈলী, ব্যায়ামৰ অভাৱ, মানসিক চাপ আৰু উচ্চ চেনিযুক্ত খাদ্যই হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে। এনে ক্ষেত্ৰত আনি কিছুমান অভ্যাস বাদ দিব লাগে।

ধুমপান

হৃদযন্ত্ৰৰ বাবে চিগাৰেট, বিড়ি সেৱন কৰা ক্ষতিকাৰক। চিগাৰেটৰ ধোৱাই আপোনাৰ হৃদযন্ত্ৰৰ ক্ষতি কৰিব পাৰে। ইয়াৰ বাবে ধমনীত তেজৰ গোট গঠন হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত হাৰ্ট এটেক আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। যদি আপুনি আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ যত্ন ল’ব বিচাৰে তেন্তে এইবোৰ সেৱন কৰা বন্ধ কৰিব লাগে।

ব্যায়াম

আজিকালি ব্যস্ত জীৱনশৈলীৰ বাবে বহু মানুহে ব্যায়াম বা শাৰীৰিক ক্ৰিয়া-কলাপৰ প্ৰতি গুৰুত্ব নিদিয়ে। কিন্তু হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ নিয়মীয়া ব্যায়াম কৰা গুৰুত্বপূৰ্ণ। বেছি একো নকৰিলেও যদি প্ৰতিদিনে মাত্ৰ ৩০-৪০ মিনিটসময় খোজ কাঢ়ে তেন্তে ই হৃদযন্ত্ৰৰ বাবে লাভদায়ক হয়। যিসকল লোকে ব্যায়াম নকৰে তেওঁলোকৰ মেদবহুলতা, উচ্চ ৰক্তচাপ, ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা বেছি থাকে। অৱশ্যে ব্যায়ামো নিৰ্দিষ্ট সময়ৰ বাবে কৰা উচিত।

স্বাস্থ্য পৰীক্ষা

বহু মানুহে ডাঙৰ সমস্যা নোহোৱা পৰ্যন্ত চিকিৎসালয়লৈ নাযায়। কিন্তু হৃদযন্ত্ৰৰ লগত জড়িত এনে বহু সমস্যা আছে যাৰ বিশেষ কোনো লক্ষণ নাথাকে। গতিকে ৩০ বছৰ বয়সৰ পিছত মাজে মাজে হৃদযন্ত্ৰৰ পৰীক্ষা কৰিব লাগে। সময়ে সময়ে ৰক্তচাপ, কলেষ্টেৰল আৰু চেনি পৰীক্ষা কৰি ল’লে হৃদৰোগ প্ৰতিৰোধত সহায়ক হয়।

এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ
২০২৫-২৬ বিত্তীয় বৰ্ষৰ অসম বাজেটৰ কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা...
গৌতম গম্ভীৰে কিমান পেঞ্চন লাভ কৰে জানেনে? শুনিলে হ'ব আচৰিত...
ফাইনেলত জয়ী হোৱাৰ পাছতো ভাৰতে চেম্পিয়নছ ট্ৰফী দেশলৈ আনিব নোৱাৰে, কাৰণ জানেনে?