গ্ৰীষ্মকালত বৃদ্ধি পাই ‘হিট ষ্ট্ৰ’ক’ৰ আশংকা, জানক ইয়াৰ লক্ষণসমূহৰ বিষয়ে…

Heat Stroke symptoms: গ্ৰীষ্মকালত মানুহৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে। ইয়াৰোপৰি গৰমৰ দিনত হিট ষ্ট্ৰ'কৰ আশংকা বৃদ্ধি পায়। হিট ষ্ট্ৰ'কত আক্ৰান্ত হোৱাৰ পূৰ্বে কিছুমান বিশেষ লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

গ্ৰীষ্মকালত বৃদ্ধি পাই হিট ষ্ট্ৰকৰ আশংকা, জানক ইয়াৰ লক্ষণসমূহৰ বিষয়ে...

গৰম

Published: 

16 Apr 2025 16:37 PM

গৰম লাহে লাহে বৃদ্ধি হব ধৰিছে। এনে পৰিস্থিতিৰ মানুহৰ মাজত বিভিন্ন ৰোগৰ আশংকা বৃদ্ধি হয়। যিসকল লোকে বেছি সময় ধৰি ৰদত থাকে তেওঁলোকৰ বাবে বিপদ বৃদ্ধি পায়। গতিকে গ্ৰীষ্মকালত শৰীৰৰ ঠাণ্ডা কৰি ৰখা জৰুৰী। লগতে গৰমত হ’ব পৰা ৰোগসমূহৰ পৰা আঁতৰি থকাৰ চেষ্টা কৰাও আৱশ্যক। কিছুমান ৰোগ আছে যাৰ ফলত সময়মতে চিকিৎসা নকৰিলে মৃত্যুও হ’ব পাৰে। এনে ৰোগৰ পৰা আঁতৰি থাকিবলৈ বিশেষজ্ঞই কিছুমান বিশেষ টিপছ দিয়ে।

গ্ৰীষ্মকালত আটাইতকৈ ভয়াৱহ ৰোগ হ’ল হিট ষ্ট্ৰ’ক। এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণসমূহ দেখা দিলে ইয়াক আওকান কৰিব নালাগে। হিট ষ্ট্ৰ’কৰ সময়ত চিকিৎসা নকৰিলে মৃত্যুও হ’ব পাৰে। শৰীৰ অত্যধিক গৰম হ’লে হিট ষ্ট্ৰ’কৰ সম্ভাৱনা বৃদ্ধি পায়। বহু সময় ৰ’দত থাকিলে প্ৰায়ে এনেকুৱা হয়। হিট ষ্ট্ৰ’ক হ’লে শৰীৰে নিজকে শীতল কৰি ৰখাৰ ক্ষমতা হেৰুৱাই পেলায় আৰু শৰীৰটো দ্ৰুতগতিত গৰম হৈ পৰে। গতিকে ইয়াৰ লক্ষণসমূহ চিনাক্ত কৰি সময়মতে চিকিৎসা লাভ কৰাটো অতি প্ৰয়োজনীয়।

লক্ষণ

হিট ষ্ট্ৰ’কৰ লক্ষণসমূহ অতি সাধাৰণ। ইয়াৰ সাধাৰণ লক্ষণসমূহ-

  • অত্যাধিক গৰম অনুভৱ
  • বিভ্ৰান্তি
  • বহুত ঘাম ওলোৱা
  • অচেতন অনুভৱ
  • উশাহ-নিশাহ লোৱাত অসুবিধা
  • মূৰ ঘূৰোৱা
  • বমি হোৱা
  • নিম্ন ৰক্তচাপ  আদি ইয়াৰ প্ৰধান লক্ষণ।

যদি এই লক্ষণসমূহ দেখা দিয়ে তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰিব লাহে। হিট ষ্ট্ৰ’ক হ’লে এই লক্ষণসমূহৰ কিছুমান বা সকলোবোৰ দেখা দিব পাৰে।

কেনেকৈ ৰক্ষা কৰিব নিজক

  • শৰীৰ ঠাণ্ডা কৰি ৰাখক
  • প্ৰখৰ ৰদৰ পৰা আঁতৰি থাকক
  • ঘৰ বা অফিচ বেছি গৰম হলে সেই স্থান ঠাণ্ডা কৰাৰ চেষ্টা কৰিব
  • পানী খাব
  • ডিহাড্ৰেশ্যন হব নিদিব
  • পাতল কাপোৰ পিন্ধিব
  • ইলোক্ট্ৰলাইটযুক্ত পদাৰ্থ খাব
  • তেল-মচলাযুক্ত খাদ্য খোৱাৰ পৰা বিৰত থাক
  • বিচনি, ফেন বা এচিৰ ব্যৱহাৰ কৰিব পাৰে।
  • শিশু আৰু জ্যেষ্ঠলোকসকলৰ বেছিকৈ যত্ন লোৱা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ গ্ৰীষ্মকালত গৰম পানী খাব লাগে নে নালাগে? শৰীৰত ইয়াৰ কি প্ৰভাৱ পৰে, জানক…

এইসকল লোকে নাখাব নেমুপানী! হ’ব পাৰে ভয়ংকৰ বিপদ
অসমৰ কোনবোৰ অঞ্চল সোণালী বান্দৰৰ বাসস্থান হিচাপে পৰিচিত? জানক
গ্ৰীষ্ম কালত শৰীৰটো সুস্থ কৰি ৰাখিবলৈ ৰাতিপুৱা সেৱন কৰক এই পাঁচ বিধ ডিটক্স পানীয়
ঘৰৰ এইসমূহ স্থানত কেতিয়াও নাৰাখিব ধন! হ'ব আৰ্থিক সংকট