শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ফ্লেভাৰযুক্ত কণ্ডম শৰীৰৰ বাবে কিমান বিপদজনক ? চিকিৎসকে কি কয় ?

আপুনি জানেনে যে, ফ্লেভাৰযুক্ত কণ্ডম আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী । চিকিৎসকৰ মতে, এই ধৰণৰ কণ্ডম একেবাৰেই ভাল নহয় আৰু শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে।

ফ্লেভাৰযুক্ত কণ্ডম শৰীৰৰ বাবে কিমান বিপদজনক ? চিকিৎসকে কি কয় ?
manas-borah
Manas Borah | Published: 26 Mar 2025 07:33 AM

চকলেট, ষ্ট্ৰবেৰী, আম আদি ফ্লেভাৰযুক্ত কণ্ডমৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিছে । ইয়াৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে কণ্ডমৰ চাহিদা । বহুতে গৰ্ভধাৰণ ৰোধ কৰিবলৈ সংগমৰ সময়ত কণ্ডম ব্যৱহাৰ কৰে । একেদৰে বহুতে স্বাস্থ্যজনিত নিৰাপত্তাৰ বাবে ব্যৱহাৰ কৰে কণ্ডম । বিশেষকৈ কণ্ডমে এইচআইভি দৰে মাৰাত্মক ভাইৰাচৰ পৰা ৰক্ষা কৰাত সহায় কৰে । কিন্তু আপুনি জানেনে যে, ফ্লেভাৰযুক্ত কণ্ডম আমাৰ স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী । চিকিৎসকৰ মতে, এই ধৰণৰ কণ্ডম একেবাৰেই ভাল নহয় আৰু শৰীৰৰ যথেষ্ট ক্ষতি কৰিব পাৰে।

এই ধৰণৰ ফ্লেভাৰযুক্ত কণ্ডম বজাৰলৈ কিয় আহিল ? ইয়াৰ আঁৰত কিবা বিশেষ কাৰণ আছে নেকি? চিকিৎসকে কয় যে, সোৱাদযুক্ত কণ্ডম কেৱল অৰেল যৌন সম্পৰ্কৰ বাবেহে সৃষ্টি কৰা হৈছিল। চিকিৎসকে কয় যে, অৰেল যৌন সম্পৰ্কত প্ৰায়ে যৌন সংক্ৰামক ৰোগৰ আশংকা থাকে। সেয়া ৰোধ কৰিবলৈ এই সোৱাদযুক্ত বা ফ্লেভাৰযুক্ত কণ্ডম তৈয়াৰ কৰা হৈছিল।

চিকিৎসকে কয় যে, ৰবৰত বিশেষ সোৱাদ যোগ কৰিবলৈ বিশেষ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। কিন্তু এই কণ্ডম ব্যৱহাৰ কৰি যৌন সম্পৰ্ক স্থাপন কৰিলে গোপন অংগত প্ৰভাৱিত কৰে । ই শৰীৰত সমস্যা সৃষ্টি কৰিব পাৰে ।

চিকিৎসকে কয় যে, সোৱাদযুক্ত কণ্ডমে মহিলাৰ যৌনাংগত সমস্যাৰ সৃষ্টি কৰিব পাৰে। লগতে ই মহিলাৰ শৰীৰত প্ৰৱেশ কৰি আন সমস্যাৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে । কেৱল মহিলাই নহয়, কণ্ডম ব্যৱহাৰ কৰি যৌন সম্পৰ্ক স্থাপন কৰিলে পুৰুষৰো যৌনাংগত বিভিন্ন ৰোগৰ সম্ভাৱনা বৃদ্ধি পাবপাৰে।

গতিকে, যদিও এই ধৰণৰ কণ্ডম অৰেল যৌন সম্পৰ্কৰ বাবে ব্যৱহাৰ কৰা হয়, তথাপিও ইয়াক যৌন সম্পৰ্কৰ বাবে একেবাৰে ব্যৱহাৰ কৰা নহয়। পাৰিলে এই ধৰণৰ কণ্ডম যৌন সম্পৰ্কৰ সময়ত ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক । বিশেষজ্ঞৰ মতে, গন্ধহীন বা কোনো ফ্লেভাৰ নথকা কণ্ডম যৌন সম্পৰ্কৰ বাবে উপযুক্ত।