খাদ্য প্লাষ্টিকৰ পাত্ৰত ৰখাটো কিমান বিপদজনক ? কি কি ৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে ?
বজাৰৰ পৰা সামগ্ৰী কিনাই হওক বা খাদ্য সংৰক্ষণৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়ালৈকে প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি পাবলৈ ধৰিছে । কিন্তু স্বাস্থ্যৰ বাবে ই কিমান বিপদজনক হ’ব পাৰে জানেনে?

প্ৰতীকী ফটো
আজিকালি প্লাষ্টিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। সকলো কামতে প্লাষ্টিকৰ ব্যাপক ব্যৱহাৰ হয়। বজাৰৰ পৰা সামগ্ৰী কিনাই হওক বা খাদ্য সংৰক্ষণৰ পৰা আৰম্ভ কৰি ৰন্ধা-বঢ়ালৈকে প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি পাবলৈ ধৰিছে । কিন্তু স্বাস্থ্যৰ বাবে ই কিমান বিপদজনক হ’ব পাৰে জানেনে?
এপ’ল’ হাস্পতালৰ জ্যেষ্ঠ পৰামৰ্শদাতা তথা আভ্যন্তৰীণ চিকিৎসাৰ চিকিৎসক ডাঃ সঞ্চায়ন ৰায়ে কয় যে, খাদ্য প্লাষ্টিকত ৰাখিলে স্বাস্থ্যৰ বহু ক্ষতি হ’ব পাৰে। প্লাষ্টিকত থকা ৰাসায়নিক পদাৰ্থ যেনে বিচফেনল এ (BPA) আৰু ফ্থালেট আদি খাদ্যৰ লগত মিহলি হৈ শৰীৰত প্ৰৱেশ কৰিব পাৰে। এই ৰাসায়নিক পদাৰ্থবোৰে হৰম’নৰ ভাৰসাম্য বিঘ্নিত কৰিব পাৰে, যাৰ ফলত বহু ৰোগৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। এই ৰোগসমূহৰ ভিতৰত কেন্সাৰ, ডায়েবেটিছ, মেদবহুলতা, থাইৰয়ডৰ সমস্যা আৰু প্ৰজনন সমস্যাৰ দৃষ্টি হোৱাৰ সম্ভাৱনা থাকে।
ইয়াৰ উপৰিও খাদ্য প্লাষ্টিকত ৰখাৰ ফলত খাদ্যত থকা পুষ্টিকৰ উপাদান হ্ৰাস পাব পাৰে, যাৰ বাবে আমাৰ শৰীৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান নাপায়। খাদ্য প্লাষ্টিকত ৰাখিলে আমাৰ শৰীৰত মাইক্ৰ’প্লাষ্টিকৰো প্ৰৱেশ ঘটিব পাৰে, যাৰ ফলত আমাৰ পাচনতন্ত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াৰ উপৰিও খাদ্য প্লাষ্টিকত ৰাখিলে আমাৰ শৰীৰত অক্সিডেটিভ ষ্ট্ৰেছও বৃদ্ধি পায়, যাৰ ফলত আমাৰ শৰীৰৰ কোষবোৰৰ ক্ষতি হ’ব পাৰে। গতিকে প্লাষ্টিকৰ সলনি কাঁচ বা অন্যান্য নিৰাপদ বিকল্প সামগ্ৰী বা পাত্ৰ ব্যৱহাৰ কৰিব লাগে।
ইফালে, ডাঃ বিনীত তালৱাৰে কয় যে, প্লাষ্টিক গৰম কৰিলে বিচফেনল-এ (বিপিএ) আৰু ফ্থালেটৰ দৰে বিপজ্জনক ৰাসায়নিক পদাৰ্থ নিৰ্গত হয়, যিবোৰ খাদ্যৰ লগত মিহলি হ’লে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ’ব পাৰে। বহু গৱেষণাৰ পৰা দেখা গৈছে যে, দীৰ্ঘদিন ধৰি প্লাষ্টিকত ৰখা বা ৰন্ধা খাদ্য খালে কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যদি আপুনি ইয়াক ৰন্ধা-বঢ়া আৰু পেকিংৰ বাবে ব্যৱহাৰ কৰে তেন্তে ই কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।