শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

High Blood Pressure Diet: উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ ৰোগীয়ে কি খাদ্য গ্ৰহণ কৰিব লাগে ?

যদি আপুনি আপোনাৰ খাদ্যাভ্যাসৰ যত্ন লয় তেন্তে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা যায়। উচ্চ ৰক্তচাপত ভুগি থকা ৰোগীৰ বাবে স্বাস্থ্যসন্মত আৰু সুষম খাদ্য পৰিকল্পনা অতি প্ৰয়োজনীয়।

High Blood Pressure Diet: উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ ৰোগীয়ে কি খাদ্য গ্ৰহণ কৰিব লাগে ?
উচ্চ ৰক্তচাপ কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব ?
manas-borah
Manas Borah | Published: 15 Feb 2025 09:33 AM

উচ্চ ৰক্তচাপৰ সমস্যা বৰ্তমান সময়ত একেবাৰে সাধাৰণ হৈ পৰিছে । উচ্চ ৰক্তচাপে হৃদযন্ত্ৰৰ স্বাস্থ্যৰ ওপৰতো প্ৰভাৱ পেলায় । উচ্চ ৰক্তচাপে এজন লোকৰ হাৰ্ট এটেকৰ সম্ভাৱনাও বৃদ্ধি কৰে । সাধাৰণতে যদি আপোনাৰ ৰিডিং ১৩০/৮০ মিলিমিটাৰ পাৰা (mm Hg) বা তাতকৈ অধিক হয়, তেন্তে ইয়াক উচ্চ ৰক্তচাপ বুলি কোৱা হয় ।

ৰোগীক উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে ঔষধ দিয়া হয় । কিন্তু যদি আপুনি আপোনাৰ খাদ্যাভ্যাসৰ যত্ন লয় তেন্তে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পৰা যায়। উচ্চ ৰক্তচাপত ভুগি থকা ৰোগীৰ বাবে স্বাস্থ্যসন্মত আৰু সুষম খাদ্য পৰিকল্পনা অতি প্ৰয়োজনীয়। এই ডায়েট প্লেনে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। এগৰাকী উচ্চ ৰক্তচাপ থকা ৰোগীয়ে ৰাতিপুৱাৰ আহাৰত ওটচ বা দাইলৰ লগতে ফলমূল আৰু বাদাম খাব পাৰে । কম চৰ্বিযুক্ত গাখীৰ বা দৈও খাব পাৰে ।

উচ্চ ৰক্তচাপৰ ৰোগীয়ে দুপৰীয়া কি খাব লাগে?

উচ্চ ৰক্তচাপৰ ৰোগীয়ে দুপৰীয়াৰ আহাৰত শাক-পাচলি আৰু ফল-মূল সেৱন কৰিব লাগে। গোটা শস্যৰ ৰুটি খাব পাৰে আৰু কম চৰ্বিযুক্ত প্ৰটিন খাদ্যৰ তালিকাত ৰাখিব পাৰে । উচ্চ ৰক্তচাপৰ ৰোগীয়ে মাংস, দুগ্ধজাত সামগ্ৰী, প্ৰচেছড খাদ্য, ফাষ্ট ফুড আৰু উচ্চ চুগাৰযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে। ইয়াৰ বাহিৰেও আপুনি চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে আৰু আপোনাৰ খাদ্য পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিব লাগে । কিন্তু মনত ৰাখিব যে, খাদ্য পৰিকল্পনা সময়মতে পালন কৰক আৰু ইয়াত অসাৱধান নহ’ব।

ব্যায়াম গুৰুত্বপূৰ্ণ

উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিবলৈ খাদ্যৰ লগতে ব্যায়াম কৰাটোও গুৰুত্বপূৰ্ণ। ইয়াৰ বাবে আপুনি যোগাসন আৰু ধ্যানও কৰিব পাৰে। নিয়মিতভাৱে ৰক্তচাপ পৰীক্ষা কৰক আৰু যদি আপুনি ঔষধ খাই আছে তেন্তে আপুনি নিয়মিতভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব থাকিব ।