Historical Events on December 31: আজি ২০২৪ বৰ্ষৰ অন্তিমটো দিন, জানো আহক আজিৰ দিনটোৰ ইতিহাস

আজিৰ দিনটো বছৰৰ শেষৰটো দিন। কিছু ক্ষণ অতিবাহিত হ'লে ২০২৫ বৰ্ষৰ সূৰ্যৰ কিৰণে সকলোকে আঁকোৱালি ল'ব। ৩১ ডিচেম্বৰৰ দিনটোত বহু উল্লেখযোগ্য ঘটনা সংঘটিত হৈছে। জানো আহক ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোত ঘটা ঘটনাসমূহৰ বিষয়ে...

Historical Events on December 31: আজি ২০২৪ বৰ্ষৰ অন্তিমটো দিন, জানো আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২০২৪ বৰ্ষৰ অন্তিমটো দিন

Published: 

31 Dec 2024 15:29 PM

আজি ২০২৪ বৰ্ষৰ অন্তিমটো দিন। এই বিদায় ক্ষণত বিগত বৰ্ষৰ প্ৰতিটো ঘাট-প্ৰতিঘাট পৰিহাৰ কৰি নতুন বছৰত নতুন সংকল্প লৈ আগুৱাই যাবলৈ মন বান্ধিছে এতিয়া প্ৰতিজনে। পোৱা-নোপোৱাৰ সকলো হিচাপ বাদ দি আগুৱাব বিচাৰিছে নতুন পোহৰৰ দিশে। কিছু ক্ষণৰ পিছত সকলোকে নতুন বছৰৰ সূৰ্যৰ কিৰণে আঁকোৱালি ল’ব।

আজি ৩১ ডিচেম্বৰ গ্ৰেগৰিয়ানৰ বৰ্ষপঞ্জী অনুসৰি বছৰৰ ৩৬৫তম দিন। ইংৰাজী ২০২২ বৰ্ষৰ এই দিনটো হৈছে শেষৰটো দিন। আজিৰ দিনটোৰ পাছতেই ইংৰাজী নৱবৰ্ষ ২০২৫ আৰম্ভ হ’ব। বুৰঞ্জীৰ পাতত ৩১ ডিচেম্বৰত বহু উল্লেযোগ্য ঘটনা সংঘটিত হৈছে। এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনাৰ বিষয়ে জানো আহক-

আজি দিনটোৰ ঘটনাৱলী

বছৰৰ অন্তিম দিনঃ পুৰণিক বিদায় দি নতুনক আদৰাৰ সময়। পুৰণি বছৰটোক বিদায় দি নতুন এটা বছৰক আদৰিবলৈ সাজু সকলো। বছৰটো বিদায়ৰ প্ৰাকক্ষণত আনন্দ, ফূৰ্তিৰে এসাজ খাবলৈ প্ৰস্তুতি চলাইছে সকলোৱে। আজিৰ দিনটো ইংৰাজী কেলেণ্ডাৰৰ অন্তিমটো দিন।

১৯৪৪ – হাংগেৰীয়ে জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰেঃ  জাৰ্মানী পশ্চিম ইউৰোপৰ এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। প্ৰায় ৫০০ বছৰ ধৰি সাংস্কৃতিক, ৰাজনৈতিক, সামৰিক আৰু ৰাজনৈতিক দিশৰ পৰা জাৰ্মানী পৃথিৱীৰ এখন গুৰুত্বপূৰ্ণ দেশ বুলি পৰিগণিত হৈ আহিছে।

১৯৫৫ – সৰ্থেবাৰীক নগৰ হিচাপে ঘোষণা কৰা হয়ঃ সৰ্থেবাৰী বৰপেটা জিলাৰ পূৱ প্ৰান্তত অৱস্থিত এখন নগৰ৷ ই অসম তথা উত্তৰ-পূৱ ভাৰতৰ হস্ত-নিৰ্মিত কাঁহৰ বাচন-বৰ্তনৰ বাবে বিখ্যাত। ইংৰাজী ১৯৫৫ চনৰ ৩১ ডিচেম্বৰ তাৰিখে সৰ্থেবাৰীক এখন নগৰ হিচাপে ঘোষনা কৰে আৰু নগৰীয়া কাম-কাজবোৰ নগৰ পালিকাৰ জৰিয়তে পৰিচালিত হয়৷

২০০০ – ইউৰোপৰ ১২খন দেশত ইউৰ’ মুদ্ৰাৰ প্ৰচলন আৰম্ভ হয়ঃ ইউৰো হৈছে ইউৰোপিয়ান ইউনিয়নৰ ২৮খন সদস্য ৰাষ্ট্ৰৰ ১৯ খনেৰে গঠিত ইউৰোমণ্ডলৰ আনুষ্ঠানিক মুদ্ৰা। ইউৰোমণ্ডলৰ অন্তৰ্গত দেশসমূহ হৈছে অষ্ট্ৰিয়া, বেলজিয়াম, চাইপ্ৰাছ, এষ্ট’নিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, আয়াৰলেণ্ড, ইটালী, লেটভিয়া, লিথুৱেনিয়া, লাক্সেমবাৰ্গ, মালটা,নেদাৰলেণ্ড, পৰ্তুগাল, স্ল’ভাকিয়া, স্ল’ভেনিয়া, আৰু স্পেইন। ইউৰোপিয়ান ইউনিয়নৰ বিভিন্ন সংগঠনসমূহৰ লগতে আন চাৰিখন ইউৰোপিয়ান দেশেও আনুষ্ঠানিকভাৱে ইউৰোৰ ব্যৱহাৰ কৰে। ইউৰোপৰ বাহিৰে ইউনিয়নৰ সদস্য ৰাষ্ট্ৰৰ শাসনাধীন অঞ্চলবিশেষে ইউৰোৰ প্ৰচলন আছে।

আজিৰ দিনটোত জন্ম হোৱা মহান লোকসকল

  • ১৮৬৯ চনৰ আজিৰ দিনটোতে হেনৰি মেটিশ্ব, ফৰাচী চিত্ৰশিল্পীগৰাকীৰ জন্ম হয়।
  • ১৮৯৯ চনৰ আজিৰ দিনটোতে শ্ৰীকৃষ্ণ নাৰায়ণ ৰতনঝংকাৰ, হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এজন বিশিষ্ট পণ্ডিত আৰু শিক্ষকজনৰ জন্ম হয়।
  • ১৯০৭ চনৰ আজিৰ দিনটোতে অসমীয়া সাহিত্যিক আনন্দ চন্দ্ৰ বৰুৱাৰ জন্ম হয়। তেওঁক “বকুল বনৰ কবি” নামেৰে জনা যায়। কলেজীয়া দিনৰেপৰা কবিতা লিখিবলৈ আৰম্ভ কৰা বৰুৱাৰ প্ৰথম কবিতা লক্ষ্মীনাথ বেজবৰুৱা সম্পাদিত ‘বাঁহী’ত প্ৰকাশ পায়। সাংবাদিকতা আৰু শিক্ষকতাও কৰা বৰুৱাক ১৯৬৯ চনৰ অসম সাহিত্য সভাৰ বৰপেটা অধিবেশনৰ সভাপতি নিৰ্বাচন কৰা হৈছিল। ১৯৭০ চনত তেওঁক পদ্মশ্ৰী উপাধি প্ৰদান কৰা হৈছিল।
  • ১৯২৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক শ্ৰীলাল শুক্লাৰ জন্ম হয়।
  • ১৯২৩ চনৰ আজিৰ দিনটোতে বলবীৰ সিং, ভাৰতীয় ফিল্ড হকী ক্ৰীড়াবিদগৰাকীৰ জন্ম হয়।
  • ১৯৩৮ চনৰ আজিৰ দিনটোতে বাসুদেৱ দাসগুপ্ত, ভাৰতীয় ছুটি গল্পকাৰ আৰু উপন্যাসিকগৰাকীৰ জন্ম হয়।
  • ১৯৭৯ চনৰ আজিৰ দিনটোতে অংশু জামচেংপা, ভাৰতীয় পৰ্বতাৰোহীগৰাকীৰ জন্ম হয়।

আজিৰ দিনটোত মৃত্যু হোৱা মহান ব্যক্তি

  • ২০১৮ – কাদেৰ খান, ভাৰতীয়-কানাডিয়ান অভিনেতা, চিত্ৰনাট্যকাৰ, কমেডিয়ান আৰু বোলছবি পৰিচালক।
  • ২০১৯ – ৰত্ন ওজা, অসমীয়া কবি, গীতিকাৰ, নাট্যকাৰ তথা মঞ্চ আৰু চলচ্চিত্ৰ শিল্পী।
  • ১৯৫৬ চনৰ আজিৰ দিনটোতে মধ্য প্রদেশৰ প্ৰথম মুখ্যমন্ত্ৰী পণ্ডিত ৰবি শংকৰ শুক্লাৰ দিল্লীত মৃত্যু হয়।

এই দিনটোত কি দিৱস পালন কৰে?

আজেৰবাইজানীৰ আন্তৰ্জাতিক একাত্মতা দিৱসঃ আজেৰবাইজান হৈছে দক্ষিণ কাউকাছাছ অঞ্চলৰ এখন ৰাষ্ট্ৰ। ই দক্ষিণ পশ্চিম এছিয়া আৰু দক্ষিণ পূৱ ইউৰোপৰ সন্ধিস্থলত অৱস্থিত। ইয়াৰ পূৱত কাস্পিয়ান সাগৰ, উত্তৰে ৰাছিয়া, দক্ষিণ-পশ্চিমত জাৰ্জিয়া, পশ্চিমে আৰ্মেনিয়া আৰু দক্ষিণ সীমান্তত ইৰাণ আছে। নাখচিভান বহিক্ষেত্ৰৰ উত্তৰ আৰু পূৱ দিশত আৰ্মেনিয়া, দক্ষিণ আৰু পশ্চিম দিশত ইৰাণ, আৰু উত্তৰ-পশ্চিমৰ এটা সৰু অঞ্চলৰ সীমাত তুৰস্ক আছে।

 

উজ্বল ছালৰ বাবে হালধি ব্যৱহাৰ কৰা ভাল নে বেয়া? কি কয় বিশেষজ্ঞই...
পুৰণি পাৰ্চটো পেলাই দিয়াৰ পূৰ্বে কৰক এই কাম, অন্যথা আহিব আৰ্থিক সংকট!
আপেলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
দেশৰ এই স্থানত আমিষ খাদ্যৰ ওপৰত আছে নিষেধাজ্ঞা, নিয়ম ভংগ কৰিলে ভুগিব শাস্তি