কোৰোনাৰ দৰে একে লক্ষণ! চীনত বৃদ্ধি HMPV ৰোগীৰ সংখ্যা, জানক এই ভাইৰাছৰ বিষয়ে…
HMPV: কোৰোনা ভাইৰাছৰ পাছত চীনত আন এক ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। তথ্য অনুসৰি জানিব পৰা মতে, এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ লক্ষণ কোৰোনাৰ দৰে একেই।
প্ৰায় ৫ বছৰ পূৰ্বে চীনত কোৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছিল আৰু পৰৱৰ্তী সময়ত সমগ্ৰ বিশ্বত ই বিধ্বংসী ৰূপ ধাৰণ কৰিছিল। কোৰোনাই বিশ্বত কোটি কোটি মানুহৰ প্ৰাণ লৈছিল। কিন্তু এতিয়া পুনৰ আন এটা ভাইৰাছ চীনত বিয়পি পৰাৰ খবৰ আহি পৰিছে। উদ্বেগজনক কথা এয়াই যে, এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ লক্ষণ কোৰোনা ভাইৰাছৰ সৈতে মিল আছে।এই ভাইৰাছৰ নাম হিউমেন মেটাপনিউমোভাইৰাছ (human metapneumovirus), এই ভাইৰাছত আক্ৰান্ত ৰোগীৰ দেহতো কাহ, চৰ্দি, উশাহ-নিশাহ লোৱাত অসুবিধা আদি লক্ষণে দেখা দিয়ে।
চীন চিডিচিয়ে কয় যে হিউমেন মেটাপনিউমো ভাইৰাছৰ ৰোগী দেশখনত দিনক দিনে বৃদ্ধি পাইছে। বিশেষকৈ ৫ বছৰৰ তলৰ শিশুৰ ক্ষেত্ৰত এই ভাইৰাছৰ প্ৰকোপ বেছি দেখা গৈছে। ইয়াৰোপৰি যিসকলৰ শ্বাস- প্ৰশ্বাসজনিত সমস্য আছে সেই লোকসকলৰ অধিকাংশই এই ভাইৰাছত আক্ৰান্ত হৈছে। এই ভাইৰাছ অতি সহজে এজনৰ পৰা আনজনলৈ বিয়পি পৰে, সেয়ে চীনৰ স্বাস্থ্য বিভাগ এই ভাইৰাছ প্ৰতিৰোধৰ বাবে বিভিন্ন পৰীক্ষা চলাই আছে।
চীনৰ একাংশ সংবাদ মাধ্যমে দাবী কৰিছে যে এই ভাইৰাছৰ ফলত দেশখনত জৰুৰীকালীন সদৃশ পৰিৱেশৰ সৃষ্টি হৈছে। এই ভাইৰাছ কিমান বিপদজনক, ইয়াৰ প্ৰভাৱ ভাৰতৰ ওপৰত পৰিব নেকি, এই সম্পৰ্কে জানিবলৈ টিভি৯ ৰ সংবাদদাতাই বিশেষজ্ঞৰ পৰা কিছু মত গ্ৰহণ কৰে। তলত ইয়াৰ সবিশেষ উল্লেখ কৰা হ’ল-
হিউমেন মেটাপনিউমো ভাইৰাছ কি ?
মহামাৰী বিশেষজ্ঞ ডাঃ যুগল কিশোৰে কয় যে, হিউমেন মেটাপনিউমো ভাইৰাছ (HMPV) এনে এটা ভাইৰাছ যাৰ লক্ষণ সাধাৰণ চৰ্দিৰ দৰে। কিন্তু ই হাঁওফাঁওত প্ৰভাৱ পেলায়। কেতিয়াবা নিউমোনিয়া, হাঁপানী বা ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD) আদি ৰোগত আক্ৰান্ত ৰোগীৰ বাবে ই বিপদজনক হ’ব পাৰে। সাধাৰণতে শিশুসকল এই ভাইৰাছত বেছিকৈ আক্ৰান্ত হয়। ইয়াৰ ফলত শিশুৰ কাহ, চৰ্দি, জ্বৰ আদি হয়।
পৃথিৱীৰ ১০ ৰ পৰা ২০ শতাংশ শিশুৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ HMPV ৰ বাবে হয়। কিন্তু প্ৰায় ৫%ৰ পৰা ১৬% শিশুৰ নিউমোনিয়া হোৱাৰ আশংকা থাকে। নিউমোনিয়া হৈছে এক বিপজ্জনক ৰোগ, যি সময়ত নিৰাময় নকৰিলে মাৰাত্মক হৈ পৰে। এনে পৰিস্থিতিত শিশুৰ নিউমোনিয়া হ’লে বিশেষ যত্ন লোৱা দৰকাৰ।
চীনত বিয়পি পৰা এই ৰোগ কিমান বিপদজনক
দিল্লীৰ জিটিবি হাস্পতালৰ চিকিৎসা বিভাগৰ ডাঃ অজিত কুমাৰে কয় যে হিউমেন মেটাপনিউমো ভাইৰাছ কোনো নতুন ৰোগ নহয়। ই এটা পুৰণি ৰোগ। ২০০১ চনত প্ৰথমবাৰৰ বাবে ইয়াক চিনাক্ত কৰা হৈছিল। এই ভাইৰাছ সকলো সময়তে হ’ব পাৰে। এই ভাইৰাছে বিশেষকৈ ৫ বছৰৰ তলৰ শিশুক প্ৰভাৱিত কৰে। এনে পৰিস্থিতিত ভাৰতত আতংকিত হোৱাৰ প্ৰয়োজন নাই।
লগতে অজিত কুমাৰে কয় যে,এই ভাইৰাছ অতি সহজে সংক্ৰমণ হয় যদিও ই বিপদজক নহয়। উল্লেখ্য যে, হিউমেন মেটানিউমো ভাইৰাছৰ চিকিৎসাত কোনো এন্টিভাইৰেল ঔষধ নাই। বেছিভাগ মানুহৰে কেৱল লক্ষণৰ ভিত্তিত চিকিৎসা কৰা হয়।
ভাৰতত নিৰ্দেশনা
উল্লেখ্য যে, শেহতীয়াকৈ এই ভাইৰাছ সন্দৰ্ভত ভাৰত চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে। শ্বাস-প্ৰশ্বাসজনিত লক্ষণ আৰু ইনফ্লুৱেঞ্জা ৰোগীক তীক্ষ্ণ দৃষ্টিৰে নিৰীক্ষণ কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে। নেচনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰলক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছে চৰকাৰে। এই ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰ সম্পূৰ্ণ সাজু বুলি জানিব দিয়ে। স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ ডাঃ অনিল গোৱালে কয় যে, এই ভাইৰাছত আক্ৰান্ত ৰোগী অস্বাভাৱিকভাৱে বৃদ্ধি হোৱা নাই যদিও লেবৰ সংখ্যা বৃদ্ধি কৰা হ’ব।