শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Holi 2025 Wishes: আবিৰৰ ৰঙে ৰঙীন কৰি তোলক সকলোৰে মন….আপোনজনলৈ প্ৰেৰণ কৰক হোলীৰ শুভেচ্ছা

হোলীৰ এই পবিত্ৰ সময় আনন্দৰে উদযাপন কৰিবলৈ আপোনাৰ বন্ধু-বান্ধৱী আৰু আপোনজনক ৰঙৰ উৎসৱৰ শুভেচ্ছা জনাব পাৰে। হোলীৰ দিনা সামাজিক পুৱাৰ পৰাই শুভেচ্ছা বাৰ্তা প্ৰেৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয়। যদি আপুনিও আপোনাৰ আপোনজনক হোলীৰ শুভেচ্ছা জনাব বিচাৰে তেন্তে ইয়াত উল্লেখ কৰা বাৰ্তাসমূহ আপোনাৰ বাবে উপযোগী হ'ব পাৰে।

Holi 2025 Wishes: আবিৰৰ ৰঙে ৰঙীন কৰি তোলক সকলোৰে মন….আপোনজনলৈ প্ৰেৰণ কৰক হোলীৰ শুভেচ্ছা
হোলীৰ শুভেচ্ছা
trishna-kalita
Trishna Kalita | Updated On: 12 Mar 2025 22:01 PM

Holi 2022 Wishes in Hindi : পাৰস্পৰিক খং- অভিযোগ দূৰ কৰি প্ৰেম আৰু সম্প্ৰীতি বৃদ্ধি কৰা এক উৎসৱ হোলী। এইবাৰ ১৪ মাৰ্চত শুকুৰবাৰে উদযাপন কৰা হ’ব হোলী। এই সময়ত মানুহে ইজনে সিজনক আলিংগন কৰে, ৰঙেৰে হোলী খেলে। সম্প্ৰীতি বৃদ্ধি কৰা এই উৎসৱৰ জিলিকনি বহু আগতেই দৃশ্যমান হৈ পৰে।

প্ৰকৃততে এই হোলী উৎসৱ একাদশীৰ পৰা আৰম্ভ হয়, যাৰ উদযাপন হোলীৰ পিছত ৰং পঞ্চমীলৈকে দেখা যায়। মূলতঃ ১৩ আৰু ১৪ মাৰ্চত হোলী উদযাপন কৰা হ’ব। শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে হোলীক লৈ উৎফুল্লিত হৈ পৰা দেখা যায়। সুখ, মজা আৰু ৰঙৰ উৎসৱ, যিটো মানুহে বন্ধু-বান্ধৱ আৰু আত্মীয়ৰ সৈতে উদযাপন কৰে। এই উপলক্ষে খঙাল বন্ধুসকলকো শান্তি দিয়া হয়।

হোলীৰ এই পবিত্ৰ সময় আনন্দৰে উদযাপন কৰিবলৈ আপোনাৰ বন্ধু-বান্ধৱী আৰু আপোনজনক ৰঙৰ উৎসৱৰ শুভেচ্ছা জনাব পাৰে। হোলীৰ দিনা সামাজিক পুৱাৰ পৰাই শুভেচ্ছা বাৰ্তা প্ৰেৰণৰ প্ৰক্ৰিয়া আৰম্ভ হয়। যদি আপুনিও আপোনাৰ আপোনজনক হোলীৰ শুভেচ্ছা জনাব বিচাৰে তেন্তে ইয়াত উল্লেখ কৰা বাৰ্তাসমূহ আপোনাৰ বাবে উপযোগী হ’ব পাৰে।

  1. আবিৰৰ ৰঙে ৰঙীন কৰি তোলক সকলোৰে মন ৷ সুখ-সমৃদ্ধিৰে ভৰি পৰক জীৱন ৷ সকলোলৈকে দৌলোৎসৱ তথা ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলো ৷
  2. ৰঙৰ উৎসৱৰ এই মধুৰ সময়ে সকলোৰে জীৱন সুখ,শান্তি আৰু সমৃদ্ধিৰে ৰঙীন কৰি তোলক,তাকেই কামনা কৰিছোঁ।
  3. প্ৰতিটো খোজতে সুখী হৈ থাকক, জীৱনৰ প্ৰতিটো মুহূৰ্তই আনন্দৰে অতিবাহিত কৰক, হোলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
  4. ৰঙৰ উৎসৱে আনিছে বসন্ত আগমনৰ বতৰা, ৰঙেৰে ভৰি পৰক আপোনাৰ পৃথিৱী,শুভ হোলী!
  5. এয়া ৰঙৰ উৎসৱ, প্ৰেমেৰে ভৰি পৰক সকলো সম্পৰ্ক, ফাকুৱাৰ ৰঙেৰে ৰঙীন হৈ পৰক প্ৰতিটো পল, হোলীৰ শুভেচ্ছা যাচিলো।
  6. আপোনাৰ সকলো সপোন পূৰ হওক, জীৱনৰ সকলো বাধা আঁতৰি যাওক,হোলীৰ পবিত্ৰ ক্ষণ সুখ উপচি পৰক আপোনাৰ জীৱন, হোলীৰ আন্তৰিক শুভেচ্ছা।
  7. হোলীৰ এই জীপাল উৎসৱে আপোনাৰ জীৱনলৈ শান্তি আৰু সম্প্ৰীতি কঢ়িয়াই আনক।
  8. হোলীত ৰঙেৰে বিলাওক প্ৰেমৰ বতৰা, সুখ আৰু আনন্দৰ ৰঙেৰে উদযাপন কৰক এই হোলী।
  9. আবিৰৰ ৰং সানি ফাগুনী বাটেৰে আহিল ‘ফাকুৱা’। লগত আনিছে বসন্ত আগমনৰ বতৰা, আপোনালৈ হোলীৰ শুভেচ্ছা।
  10. ফাগুন মানেই ফাকুৱা। ফাগুন মানেই পলাশ, মদাৰ, শিমলু ফুলাৰ অঘোষিত প্ৰতিযোগিতা। আপোনাক জনালো হোলীৰ শুভেচ্ছা।