Holi 2025: ঘৰত সহজতে পোৱা প্ৰাকৃতিক সামগ্ৰীৰে বনাওক ফাকুৱাৰ ৰং, নহ’ব ছালৰ ক্ষতি
সকলোৱে অতি উছাহেৰে উদযাপন কৰে ৰঙৰ উৎসৱ ফাকুৱা। কিন্তু এই সময়ছোৱাত বিভিন্ন ধৰণৰ আবিৰ ব্যৱহাৰ কৰা হয়। বজাৰত উপলব্ধ ৰঙসমূহ বনাবলৈ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। এনে পৰিস্থিতিত ঘৰতে এইবোৰ বস্তুৰ পৰা প্ৰাকৃতিক ৰং তৈয়াৰ কৰিব পাৰিব।

ফাকুৱা
সমগ্ৰ দেশতে উদযাপন কৰা হয় ফাকুৱা। এই দিনটোত মানুহে ইজনে সিজনৰ ওপৰত ৰং সানে। এই দিনটো আনন্দ আৰু মিলনৰ প্ৰতীক। বিশেষকৈ শিশু আৰু যুৱক-যুৱতীসকলৰ মাজত ফাকুৱা খেলাৰ প্ৰতি এক সুকীয়া উৎসাহ দেখা যায়। ল’ৰা-ছোৱালীয়ে বেলুন, পিছকাৰী আৰু ৰঙেৰে বহু দিন আগৰে পৰা হোলী খেলিবলৈ আৰম্ভ কৰে।
কিন্তু আজিকালি বজাৰত বহু ধৰণৰ ৰং উপলব্ধ। যিবোৰ বনাবলৈ ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয়। এনে পৰিস্থিতিত এই ৰঙে ছাল আৰু স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। গতিকে কেৱল প্ৰাকৃতিক আৰু জৈৱিক ৰঙেৰেও আপুনি হোলী খেলিব পাৰে ।
বিট
বিটৰ পৰা ঘৰতে গভীৰ ৰঙা ৰং বনাব পাৰি। ইয়াৰ বাবে আপুনি প্ৰয়োজন অনুসৰি বিট ধুই সৰু সৰুকৈ কাটি চেকনিৰে চেকি লওক। তাৰ পৰা ৰস উলিয়াই কপাহী কাপোৰেৰে মেৰিয়াই ৰ’দত শুকুৱাব দিয়ক। শুকোৱাৰ পিছত মিক্সাৰত পিহি মিহি গুড়ি বনাব। যিটো প্ৰাকৃতিক ৰঙা ৰং হৈ পৰিব।
পালেং শাক
পালেঙৰ পৰা সেউজীয়া ৰং প্ৰস্তুত কৰাটো এটা ভাল বিকল্প। প্ৰথমে পালেঙৰ পাত ভালদৰে ধুই উতলাই লওক। উতলাৰ পিছত পালেংখিনি ভালদৰে শুকুৱাই মিক্সাৰত পিহি গুড়ি কৰি লওক।
গাজৰ
গাজৰৰ পৰা কমলা ৰং বনোৱাটো অতি সহজ। ইয়াৰ বাবে গাজৰ ভালদৰে ধুই কুটি ৰ’দত শুকুৱাই লওক। তাৰ পিছত ভালদৰে গুৰি কৰি লওক।
হালধি
হালধীৰ ৰং প্ৰাকৃতিকভাৱে হালধীয়া আৰু ইয়াৰ এন্টি-বেক্টেৰিয়েল আৰু এন্টি-ইনফ্লেমেটৰী গুণ আছে, যিবোৰ ছালৰ বাবে অতি উপকাৰী। হোলীত হালধীয়া ৰঙৰ বাবে হালধি ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ বাবে ভালকৈ পিহি গুড়ি বনাওক।
গোলাপৰ পাহি
গোলাপৰ পাহিৰেও ঘৰতে প্ৰাকৃতিক ৰং বনাব পাৰে। ইয়াক বনাবলৈ বৰ সহজ। সতেজ গোলাপৰ পাহি ভালদৰে ধুই শুকুৱাই লওক। তাৰ পিছত পাহিবোৰ মিহিকৈ পিহি গুড়ি বনাব। এইদৰে গুলপীয়া পাউদাৰ ব্যৱহাৰ কৰি হোলীৰ সময়ত ৰং খেলিব পাৰে।
নাৰ্জি ফুল
নাৰ্জি ফুল সাধাৰণতে হালধীয়া আৰু কমলা ৰঙৰ। প্ৰথমে ফুলবোৰ সঠিকভাৱে ছিঙি তাৰ পাহিবোৰ পৃথক কৰক। পানীত ধুই শুকুৱাই গুৰি কৰি লওক।