Holi wishes: আপোনজনক এনেদৰে প্ৰেৰণ কৰক ৰঙৰ উৎসৱ হোলীৰ শুভ বাৰ্তা…
Holi Wishes: ৰঙৰ উৎসৱ ফাকুৱালৈ মাজত মাত্ৰ এটা দিন বাকী। সমগ্ৰ দেশবাসীয়ে পালন কৰিবলৈ সাজু ৰঙৰ উৎসৱ ফাকুৱা। ইতিমধ্যে হোলীক লৈ বিভিন্নজনৰ সম্পন্ন হৈছে প্ৰস্তুতি।

হোলীৰ শুভেচ্ছা
মাত্ৰ ১ টা দিন পাছতেই সমগ্ৰ দেশবাসীয়ে পালন কৰিব ৰঙৰ উৎসৱ ফাকুৱা। এই সময়চোৱাত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰো বিভিন্ন ঠাইত দৌলযাত্ৰা বা হোলীৰ আন অনুষ্ঠানসমূহ অনুষ্ঠিত হয়। হোলী মানেই যেন আনন্দ, হোলী মানেই যেন একতা, ৰং, আৰু ফাগুণৰ এজাক দেহ মন সাত মাৰি নিয়া বতাহ। ফাগুণক যেনেকৈ প্ৰেমৰ সৈতে সংযোগ কৰা হয়, হোলীকো তেনেকৈ ৰং, একতা আৰু আনন্দৰ উৎসৱ বুলি কোৱা হয়। ঠাইভেদে হোলীৰ নিয়ম বেলেগ বেলেগ। কিন্তু হোলীক লৈ মানুহৰ মনত থকা আবেগ একেই।
হোলী কেতিয়া (Holi date)
হিন্দু পঞ্জিকা অনুসৰি ১৩ মাৰ্চ বৃহস্পতিবাৰৰ পৰা পুৱা ১০:৩৫ বজাৰ পৰা ফাগুন মাহৰ পূৰ্ণিমা আৰম্ভ হ’ব। এই তিথি ১৪ মাৰ্চ দুপৰীয়া ১২:২৩ বজাত শেষ হ’ব। এনে পৰিস্থিতিত ২০২৫ চনৰ ১৪ মাৰ্চত হ’ব ৰঙৰ উৎসৱ হোলী।
হোলীৰ সময়ত বিভিন্নজনে কৰ্মসূত্ৰে বা আন কোনো কাৰণত ঘৰৰ পৰা আঁতৰত থাকে। তেনেস্থলত আপোনজন বা বন্ধুবৰ্গক ভাৰ্চুৱেলী হোলীৰ শুভেচ্ছা জনোৱা হয়। হোলীৰ দৰে শুভ ক্ষণত আপুনিও তলত দিয়া ধৰণে আপোনজনক শুভ বাৰ্তা প্ৰেৰণ কৰিব পাৰে-
- ফাগুণ মানে ৰং, ফাগুণ মানে প্ৰেম, ফাগুণ মানে আনন্দ।সকলোলৈ হোলীৰ বহুত শুভেচ্ছা।
- ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত বহুত শুভেচ্ছা। আশা কৰো হোলীৰ ৰঙে ৰঙীণ কৰি তোলক আপোনাৰ জীৱন।
- হোলীৰ বহুত বহুত শুভেচ্ছা। ফাকুৱাৰ ৰঙে সুদৃঢ় কৰক সুখ-শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এনাজৰী। Happly holi
- ৰংগে ফাগু খেলে চৈতন্য বনমালী। দুই হাতে ফাগুৰ গুণ্ডা সিঞ্চত মুৰাৰি।। সকলোলৈ ফাকুৱাৰ শুভেচ্ছা।
- ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত বহুত শুভেচ্ছা। আশা কৰো, হোলীৰ ৰঙৰ সমাহাৰে সকলোৰে জীৱন শান্তি, সম্প্ৰীতি আৰু অনাবিল আনন্দেৰে উপচাই তোলক।
- আবিৰৰ ৰঙত ৰঙীন হওক সকলোৰে মন-প্ৰাণ। সকলোলৈ ফাকুৱাৰ বহুত শুভেচ্ছা।
- হোলীৰ শুভেচ্ছা থাকিল। আশা কৰো,পৃথিৱীৰ সকলো আনন্দ আপোনাৰ ওচৰলৈ আহক।
- হোলীৰ বহুত বহুত শুভেচ্ছা। আশা কৰো পৃথিৱীখন হোলীৰ ৰঙৰ দৰে সুন্দৰ হৈ জিলিকি উঠক। Happy Holi
- এই হোলীয়ে আপোনাৰ জীৱনলৈ শান্তি, সুখ, আৰু আনন্দৰ সকলো ৰং কঢ়িয়াই আনক! আপোনালৈ হোলীৰ বহুত শুভেচ্ছা।
- আহক আমি সকলোৱে হৃদয়ত প্ৰেম, ঐক্য আৰু বন্ধুত্বৰ ৰং অংকন কৰি ৰঙৰ উৎসৱ উদযাপন কৰো। সকলোলৈ হোলীৰ শুভেচ্ছা।
-
আবিৰৰ ৰঙে বৰ্ণিল কৰক সকলোৰে মন ৷ সুখ-সমৃদ্ধিৰে ভৰি পৰক জীৱন ৷ সকলোলৈ ফাকুৱাৰ বহুত শুভেচ্ছা।
- ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত শুভেচ্ছা। উৎসৱৰ এই মধুৰ সময়ে সকলোৰে জীৱন সুখ,শান্তি আৰু সমৃদ্ধিৰে ৰঙীন কৰি তোলক।
- Happly holi…হোলীৰ ৰঙে আপোনাৰ জীৱনটোক আনন্দ, প্ৰেম, আৰু সীমাহীন সুখেৰে ভৰাই তোলাক। হোলীৰ বহুত বহুত শুভেচ্ছা।
- হোলী মানে আনন্দ, আৰু ৰং। আশা কৰো হোলীৰ ৰঙৰ দৰে ধুনীয়া হৈ পৰক আপোনাৰ জীৱন। ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত বহুত শুভেচ্ছা।
- আপোনাক আৰু আপোনাৰ পৰিয়াললৈ হোলীৰ বহুত শুভেচ্ছা। আহক আমি সকলোৱে আনন্দ আৰু প্ৰেমেৰে হোলী উদযাপন কৰো।
অন্য খবৰ পঢ়কঃ Holi 2025 date: হোলী কেতিয়া? ৰঙৰ উৎসৱ ফাকুৱাৰ সৈতে ৰাধা-কৃষ্ণৰ কি সম্পৰ্ক জানেনে? সবিশেষ