শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Holi 2025 Wishes: কাইলৈ ফাকুৱা, প্ৰিয়জনক প্ৰেৰণ কৰক ফাকুৱাৰ শুভবাৰ্তা

হিন্দু পঞ্জিকা অনুসৰি এইবাৰ ফাগুন মাহৰ পূৰ্ণিমাৰ তিথি ১৩ মাৰ্চৰ পৰা পুৱা ১০:৩৫ বজাৰ পৰা আৰম্ভ হ’ব। এই তিথি পিছদিনা অৰ্থাৎ ১৪ মাৰ্চৰ নিশা ১২:২৩ বজাত শেষ হ’ব। এনে পৰিস্থিতিত ১৩ মাৰ্চত হ’ব হোলিকা দহন। হোলিকা দহনৰ পিছদিনা হোলী উৎসৱ পালন কৰা হয়। সেয়ে এইবাৰ ১৪ মাৰ্চত ৰঙৰ উৎসৱ হোলী অনুষ্ঠিত হ’ব।

Holi 2025 Wishes: কাইলৈ ফাকুৱা, প্ৰিয়জনক প্ৰেৰণ কৰক ফাকুৱাৰ শুভবাৰ্তা
কাইলৈ ফাকুৱা
barasha-misra
Barasha Misra | Updated On: 13 Mar 2025 23:23 PM

ফাকুৱা ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰা ৰঙৰ উৎসৱ। ফাকুৱাক হোলী, দৌলোৎসৱ, ফল্গুউৎসৱ, ফাগুৱা, ফাকু, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ’ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। এই উৎসৱ প্ৰাচীন মদন পূজাৰ এক আনুষংগিক উৎসৱ। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণ বা বিষ্ণুৰ উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়।

এই বিশেষ দিনটোত আপুনি আপোনজনক দিয়ক শুভেচ্ছা…

  1. ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আবিৰৰ ৰঙেৰে ৰাঙলী হৈ পৰক সকলোৰে জীৱন। তাৰেই কামনাৰে হোলীৰ শুভেচ্ছা জনালোঁ।
  2. আহক আমি এই হোলী মৰম আৰু আনন্দৰ ৰঙেৰে উদযাপন কৰো।
  3. ৰঙৰ উৎসৱে আপোনাৰ জীৱনত আনন্দ, সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক।
  4. হোলীৰ ৰঙে আপোনাৰ জীৱনক উজ্জ্বল কৰি তোলক আৰু আপোনাৰ হৃদয়খন মৰম আৰু সুখেৰে ভৰাই তোলক। আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ
  5. হোলীত ইজনে সিজনক বুজি পোৱা আৰু ভালপোৱাৰ সময়। সকলোলৈ হোলীৰ শুভেচ্ছা জনালোঁ। জীৱনৰ ৰং উপভোগ কৰক!
  6. ‘ৰঙে ফাগু খেলে চৈতন্য বনমালী, দুহাতে ফাগুৰ গোন্ধ সিঞ্চন্ত মুৰাৰী’… ফাকুৱাৰ ৰঙেৰে উপচি পৰক সকলোৰে জীৱন। হিংসা-বিদ্বেষ আঁতৰ হৈ সমন্বয়ৰ এনাজৰী সুদৃঢ় হওক। ফাকুৱাৰ শুভেচ্ছা জনালোঁ