Holi Wishes 2025: ৰংগে ফাগু খেলে চৈতন্য বনমালী… ফল্গুৎসৱত আপোনজনক দিয়ক শুভেচ্ছা বাৰ্তা
মাজত মাত্ৰ এটা দিন। সমগ্ৰ দেশবাসীয়ে উলহ-মালহেৰে পালন কৰিব ৰঙৰ উৎসৱ ফাকুৱা বা হোলী। এই দিনটোত ইজনে আনজনক ৰং সানি, হোলী গীত গাই আনন্দ কৰে আৰু আপোনজনক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে।

ফল্গুৎসৱত আপোনজনক দিয়ক শুভেচ্ছা বাৰ্তা
Happy Holi Wishes 2025: সমগ্ৰ দেশতে হোলী উৎসৱ অতি আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। হোলীৰ বাবে গোটেই বছৰটো অপেক্ষা কৰি থাকে সকলোৱে। হিন্দু কেলেণ্ডাৰ অনুসৰি, ফাগুণ মাহৰ পূৰ্ণিমা তিথি আৰম্ভ হ’ব ১৩ মাৰ্চ বৃহস্পতিবাৰে পুৱা ১০.৩৫ বজাত। পূৰ্ণিমা পিছদিনা ১৪ মাৰ্চৰ দুপৰীয়া ১২.২৩ বজাত শেষ হ’ব। গতিকে এইবাৰ হোলী ১৪ মাৰ্চত সমগ্ৰ দেশতে আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হ’ব। এই বিশেষ দিনটোত ইজনে সিজনক জনাওক শুভেচ্ছা।
হোলীৰ শুভেচ্ছা…
- আবিৰৰ পৰশে সকলোৰে জীৱন শান্তি, সমৃদ্ধি আৰু অফুৰন্ত আনন্দেৰে পৰিপূৰ্ণ কৰি তোলক, তাৰেই কামনা…
- হোলীয়ে সকলো কামতে সু-স্বাস্থ্য, সমৃদ্ধি আৰু সফলতা কঢ়িয়াই আনক।
- পবিত্ৰ হোলীৰ আৰু দৌল মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
- হোলীৰ ৰঙৰ দৰে আমাৰ সকলোৰে জীৱনবোৰ ৰঙীন হৈ পৰক, সকলোৰে মাজত একতা আৰু বন্ধুত্ব গঢ়ি উঠাৰ কামনা জনালোঁ।
- আবিৰৰ ৰঙ লাগি সকলোৰে জীৱন বৰ্ণময় হৈ উঠক তাকেই কামনা কৰিছোঁ।
- হোলী আহিছে, সুখ কঢ়িয়াই আনিছে, উপহাৰ দিছে ৰঙীন সপোন। আপুনি সদায় হাঁহি থাকক, জীৱনৰ সকলো বাধা আঁতৰি যাব।
- হোলী হৈছে বেয়াৰ ওপৰত ভালৰ বিজয়ৰ উৎসৱ, যি প্ৰতিটো মুখক হাঁহিৰে আলোকিত কৰে। এই পৱিত্ৰ উৎসৱটো হৃদয়ৰ পৰা উদযাপন কৰক।