শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Holi Wishes: এইদৰে আপোনজনক জনাওক দৌল উৎসৱ আৰু ফাকুৱাৰ শুভেচ্ছা…

Holi Celebrations 2025: এইবাৰ ১৪ মাৰ্চত সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হৈছে হোলী উৎসৱ। ৰঙৰ এই উৎসৱত বহু আনন্দ কৰা হয়। আপুনিও সকলো ক্ষোভ পাহৰি আজিৰ দিনটোত সকলোকে অভিনন্দন জনাওক। যদি আপুনিও আপোনাৰ আপোনজনক এই হোলীৰ শুভেচ্ছা জনাব বিচাৰে তেন্তে ইয়াত দিয়া উক্তিৰ সহায় ল'ব পাৰে।

Holi Wishes: এইদৰে আপোনজনক জনাওক দৌল উৎসৱ আৰু ফাকুৱাৰ শুভেচ্ছা…
হোলীৰ শুভেচ্ছা
trishna-kalita
Trishna Kalita | Updated On: 14 Mar 2025 08:43 AM

Holi 2025 Wishes in Assamese: হোলী কেৱল ৰঙৰ উৎসৱ নহয়, সুখ, প্ৰেম আৰু ভাতৃত্ববোধৰ প্ৰতীক। প্ৰতি বছৰে ফাগুন মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা এই উৎসৱে বেয়াৰ ওপৰত ভালৰ জয় আৰু নতুন জীৱনৰ আৰম্ভণিৰ বাৰ্তা বহন কৰে। আজিৰ দিনটোত মানুহে পাৰস্পৰিক ক্ষোভ, মান-অভিমান পাহৰি ইজনে সিজনক ৰং আৰু গুলাল লগাই মিঠাই বিতৰণ কৰি সাৱটি ধৰি শুভকামনা জনায়। এইবাৰ ১৪ মাৰ্চত সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা হৈছে হোলী উৎসৱ। ৰঙৰ এই উৎসৱত বহু আনন্দ কৰা হয়। আপুনিও সকলো ক্ষোভ পাহৰি আজিৰ দিনটোত সকলোকে অভিনন্দন জনাওক। যদি আপুনিও আপোনাৰ আপোনজনক এই হোলীৰ শুভেচ্ছা জনাব বিচাৰে তেন্তে ইয়াত দিয়া উক্তিৰ সহায় ল’ব পাৰে।

শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে এই উৎসৱৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰে। উত্তৰৰ পৰা দক্ষিণলৈকে সকলো ঠাইতে অতি আড়ম্বৰেৰে পালন কৰা হয় হোলী। ২০২৫ চনত আৰু অধিক বিশেষ হ’ব পাৰে এই বৰ্ণিল হোলী উৎসৱ। যদি আপুনি কেৱল ‘হপি হোলী’ বা “ফাকুৱা শুভেচ্ছা” বুলি কোৱাৰ পৰিৱৰ্তে কিছুমান সুন্দৰ উক্তিৰে আপোনজনক শুভকামনা জনাব পাৰে। এই হৃদয়স্পৰ্শী বাৰ্তাৰে হোলীৰ শুভেচ্ছা জনাই আপোনাৰ বন্ধু-বান্ধৱী, পৰিয়াল আৰু আপোনজনৰ মুখত হাঁহি বিৰিঙাব পাৰে । গতিকে আহক, এই হোলীত আপোনাৰ আপোনজনলৈ পঠিয়াব পৰাকৈ কিছু উত্তম উক্তিৰ আভাস লও…

 

দৌল উৎসৱ আৰু ফাকুৱাৰ শুভেচ্ছা

  1. সকলোকে পবিত্ৰ দৌল উৎসৱ আৰু ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
  2. হোলী উৎসৱে আপোনাৰ জীৱনত নতুন উদ্যম আৰু সুখ কঢ়িয়াই আনক।
  3. ৰঙেৰে ভৰা হোলীয়ে আপোনাৰ জীৱন ৰঙীন কৰি তোলক।
  4. হোলীৰ শুভেচ্ছা থাকিল! আপোনাৰ প্ৰতিটো দিন ৰং আৰু সুখেৰে উপচি পৰক।
  5. এই হোলীয়ে আপোনাৰ মুখত হাঁহি, হৃদয়ত সুখ আৰু জীৱনত সফলতা কঢ়িয়াই আন।
  6. ৰঙৰ এই উৎসৱে শান্তি,সম্প্ৰীতিৰ লগতে সকলোৰে জীৱন ৰঙীন আৰু সমৃদ্ধিশালী কৰি তোলক।
  7. আবিৰৰ ৰঙে সকলোৰে মন-প্ৰাণ ৰঙীন কৰক, সকলোৰে জীৱনলৈ কঢ়িয়াই আনক আনন্দৰ লহৰ।
  8. ৰঙৰ উৎসৱে আমাৰ জীৱন ৰঙীণ কৰি কঢ়িয়াই আনক আনন্দ, শান্তি আৰু সমৃদ্ধিৰ নতুন বাৰ্তা।
  9. পবিত্ৰ দৌল উৎসৱৰ শুভক্ষণত আনন্দ, সম্প্ৰীতি আৰু সৌহাৰ্দ্যৰে পৰিপূৰ্ণ হৈ উঠক সকলোৰে জীৱন।
  10. এই পবিত্ৰ উৎসৱে হৃদয়ত প্ৰেমৰ ৰং ভৰাই দিয়ে, ভাতৃত্ববোধৰ বন্ধন গঢ়ি তোলে আৰু সমাজত একতাৰ বার্তা প্ৰবাহিত কৰক।
  11. সকলোৱে মিলিজুলি আনন্দেৰে উদযাপন কৰক ৰঙৰ উৎসৱ ফাকুৱা!
  12. ৰঙৰ উৎসৱ ফাকুৱাই সুদৃঢ় কৰক সুখ, শান্তি, সম্প্ৰীতি আৰু মৰম এনাজৰী!

লগতে পঢ়ক: অসমত কেতিয়া, কোনে আৰম্ভ কৰিছিল দৌল উৎসৱৰ পৰম্পৰা? জানক ক’ত কেনেদৰে উদযাপন কৰা হৈছে …