শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গ্ৰীষ্মকালত ছালৰ খজুৱতি বা ঘামচিৰ পৰা সকাহ পাবলৈ অৱলম্বন কৰক ঘৰুৱা, সহজ উপায়

গৰম অহাৰ লগে লগে ছালৰ সমস্যা আৰম্ভ হয়। ইয়াৰ ভিতৰত খজুৱতি আৰু ঘামচি সাধাৰণতে দেখা যায়। গৰমৰ দিনত ছালত খজুৱতি আৰু ঘামচি ওলোৱাৰ ফলত বহু লোকে অসুবিধা পায়। যদি আপুনিও ইয়াৰ ভুক্তভোগী, তেন্তে কিছুমান ঘৰুৱা উপায়েৰে খজুৱতি আৰু ঘামচিৰ পৰা সকাহ পাব পাৰে।

গ্ৰীষ্মকালত ছালৰ খজুৱতি বা ঘামচিৰ পৰা সকাহ পাবলৈ অৱলম্বন কৰক ঘৰুৱা, সহজ উপায়
ছালৰ খজুৱতি বা ঘামচিৰ ঘৰুৱা উপায়
trishna-kalita
Trishna Kalita | Published: 28 Mar 2025 09:32 AM

গ্ৰীষ্মকালত ছালৰ বহু ধৰণৰ সমস্যা আহি পৰে।ইয়াৰে আটাইতকৈ সাধাৰণ সমস্যা হ’ল খজুৱতি আৰু ঘামচি। যেতিয়া উষ্ণতা বৃদ্ধি পায় আৰু অত্যধিক ঘাম ওলায় তেতিয়া ছালৰ ছিদ্ৰবোৰ বন্ধ হৈ পৰে, যাৰ ফলত শৰীৰত সৰু সৰু ফোহা সদৃশ আৰু খজুৱতি আৰম্ভ হয়। বিশেষকৈ ডিঙি, পিঠি, মুখ, বাহুৰ তলৰ অংশ আৰু উৰুত এই সমস্যা বেছিকৈ দেখা দিয়ে। এই সমস্যাবোৰৰ বাবে মানুহে প্ৰায়ে বজাৰত পোৱা, পাউদাৰ, ক্ৰীম বা লোচন ব্যৱহাৰ কৰে। কিন্তু এইবোৰত থকা ৰাসায়নিক পদাৰ্থই ছালত পাৰ্শ্বক্ৰিয়া কৰিব পাৰে।

এনে পৰিস্থিতিত প্ৰাকৃতিক আৰু ঘৰুৱা ঔষধেই সৰ্বোত্তম, যিয়ে ছালত কোনো ক্ষতি নোহোৱাকৈ শীতলতা আৰু সকাহ প্ৰদান কৰে। যদি আপুনিও গ্ৰীষ্মকালত ছালৰ এলাৰ্জী, খজুৱতি আৰু ঘামচিৰ ফলত অসুবিধা পায়, তেন্তে আমি আপোনাৰ বাবে কিছুমান সহজ আৰু ঘৰুৱা উপায় লৈ আহিছো, যিবোৰ চেষ্টা কৰি আপুনি ঘামচি আৰু খজুৱতিৰ পৰা সকাহ পাব পাৰে।

১) চন্দনৰ পেষ্ট লগাব

চন্দন এবিধ প্ৰাকৃতিক শীতল এজেণ্ট, যিয়ে ছালৰ জ্বলা-পোৰা, খজুৱতি আৰু ঘামচি নিমিষতে নোহোৱা কৰে। চন্দন প্ৰয়োগ কৰিলে ঘামৰ ফলত হোৱা ঘামচি সোনকালে ভাল হয় আৰু ছালখন শীতল হৈ থাকে। ইয়াক প্ৰয়োগ কৰিবলৈ এচামুচ চন্দনৰ গুড়িত গোলাপ জলৰ মিহলাই পেষ্ট বনাব লাগে। সেই পেষ্ট ঘামচি আৰু খজুৱতি হোৱা ঠাইত লগাই ১৫-২০ মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুব দিব। দিনটোত ১-২ বাৰ ব্যৱহাৰ কৰিলে সকাহ পাব।

২) মুলতানি মিট্টি ব্যৱহাৰ কৰক

ছালৰ গৰম আৰু জ্বলন শান্ত কৰিবলৈ মুলতানি মিট্টি সৰ্বোত্তম উপায়। ই কেৱল ঘামৰ ফলত বন্ধ হৈ থকা ছিদ্ৰবোৰ মুকলি কৰাই নহয়, খজুৱতি আৰু ঘামচিও আঁতৰায়। ইয়াৰ বাবে ২ চামুচ মুলতানি মিট্টি ঠাণ্ডা পানী বা গোলাপ জলৰ লগত মিহলাই পেষ্ট বনাওক। তাৰ পাছত সেই পেষ্ট লগাই ১৫-২০ মিনিট শুকুৱাবলৈ দিব। ইয়াৰ পিছত ঠাণ্ডা পানীৰে ধুব। দিনটোত এবাৰ ব্যৱহাৰ কৰক।

৩) বৰফ লগাব

গ্ৰীষ্মকালত ঘামচি আৰু খজুৱতিৰ পৰা সকাহ পাবলৈ বৰফ লগোৱাটোৱেই আটাইতকৈ সহজ আৰু ফলপ্ৰসূ সমাধান। ই ছালখন ঠাণ্ডা কৰে আৰু জ্বলন, ৰঙা পৰা আৰু খজুৱতি কমায়। ইয়াৰ বাবে ২-৩ টা বৰফৰ টুকুৰা পৰিষ্কাৰ কাপোৰেৰে মেৰিয়াই খজুৱতি বা ঘামচি হোৱা ঠাইত ৫-১০ মিনিট লাহে লাহে ঘঁহি দিব। দিনটোত ২-৩ বাৰ এনে কৰিলে তৎক্ষণাত সকাহ পাব।

৪) এলোভেৰা ফলপ্ৰসূ

এলোভেৰাৰ এন্টি-ইনফ্লেমেটৰী আৰু শীতল গুণ আছে, যিয়ে ঘামচি, খজুৱতি আৰু জ্বলন সোনকালে ভাল হোৱাত সহায় কৰে। ইয়াৰ উপৰিও ই ছালত হাইড্ৰেট কৰে, যাৰ ফলত নতুন ঘামচি ওলোৱা ৰোধ হয়। ঘামচি আৰু খজুৱতিৰ বাবে সতেজ এলোভেৰা জেল উলিয়াই আক্ৰান্ত ঠাইত লগাব লাগে। ১৫-২০ মিনিটৰ পিছত ঠাণ্ডা পানীৰে ধুব। দিনটোত দুবাৰ ব্যৱহাৰ কৰিব পাৰে।

৫) তিয়হ

তিয়হ গ্ৰীষ্মকালত শৰীৰক শীতল কৰি ৰখাৰ সৰ্বোত্তম উপায়। ই ছালখনক হাইড্ৰেট কৰে আৰু খজুৱতি আৰু গৰমৰ পৰা সকাহ দিয়াত উপকাৰী। ইয়াক ব্যৱহাৰ কৰিবলৈ ঠাণ্ডা তিয়হ এটা লৈ পাতলকৈ কাটি লওক। এই টুকুৰাবোৰ খজুৱতি বা ঘামচি ওলোৱা ঠাইত ১০-১৫ মিনিট ৰাখিব। ইয়াৰ পিছত ঠাণ্ডা পানীৰে ধুব। দিনটোত দুবাৰকৈ এই কাম কৰিব পাৰে।