মাত্ৰ একাপ চাহেই দিব মেদবহুলতাৰ পৰা সমাধানৰ পথ! এই যাদুকৰী চাহ কৰি লওক দৈনন্দিন সংগী

ওজন নিয়ন্ত্ৰণৰ বাবে আমি বিভিন্ন পন্থা অৱলম্বন কৰোঁ। খাদ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ লগতে বিভিন্ন ধৰণৰ শাৰীৰিক ব্যায়াম কৰোঁ বা জিমলৈ যাওঁ। পিছে বহু চেষ্টাৰ পিছতো ওজন হ্ৰাস কৰাত শৰীৰৰ চৰ্বি কেতিয়াবা ভবাৰ দৰে হ্ৰাস নহ’বও পাৰে। ওজন নিয়ন্ত্ৰণৰ বাবে বিশেষজ্ঞসকলে দিছে এবিধ বিশেষ চাহ খোৱাৰ পৰামৰ্শ। এই যাদুকৰী চাহবিধ আপোনাৰ ওজন নিয়ন্ত্ৰণৰ চেষ্টাত হ’ব ফলপ্ৰসূ সমাধান।

মাত্ৰ একাপ চাহেই দিব মেদবহুলতাৰ পৰা সমাধানৰ পথ! এই যাদুকৰী চাহ কৰি লওক দৈনন্দিন সংগী

অশ্বগন্ধা চাহে কৰিব ওজন নিয়ন্ত্ৰণ

Published: 

07 Feb 2025 19:40 PM

সাম্প্ৰতিক সময়ত ওজন বৃদ্ধিৰ সমস্যা যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। এই সমস্যাই যুৱক-যুৱতীসকলকো বাৰুকৈয়ে চিন্তিত কৰি তুলিছে। প্ৰধানতঃ অস্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভ্যাসৰ বাবেই এতিয়া বহু লোক ওজন বৃদ্ধিৰ সমস্যাত ভুগিবলগা হৈছে। ক্ৰমশঃ বাঢ়ি অহা ওজন নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে মেদবহুলতাৰ সমস্যাই জুমুৰি দিব পাৰে। মেদবহুলতাৰ ফলত শৰীৰত নানা ৰোগে আক্ৰমণ কৰিব পাৰে। সেয়ে প্ৰথম অৱস্থাতে ওজন নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয় হৈ পৰে।

ওজন নিয়ন্ত্ৰণৰ বাবে আমি বিভিন্ন পন্থা অৱলম্বন কৰোঁ। খাদ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ লগতে বিভিন্ন ধৰণৰ শাৰীৰিক ব্যায়াম কৰোঁ বা জিমলৈ যাওঁ। পিছে বহু চেষ্টাৰ পিছতো ওজন হ্ৰাস কৰাত শৰীৰৰ চৰ্বি কেতিয়াবা ভবাৰ দৰে হ্ৰাস নহ’বও পাৰে। কিছুমান ঘৰুৱা পদ্ধতিৰেও আমি তেতিয়া ওজন নিয়ন্ত্ৰণৰ চেষ্টা চলাব পাৰোঁ। বিশেষজ্ঞসকলে তেনে এক সহজ ঘৰুৱা পদ্ধতি আমাৰ ওজন নিয়ন্ত্ৰণৰ ফলপ্ৰসূ উপায় হিচাপে চিহ্নিত কৰিছে।

ইয়াৰ বাবে অৱশ্যে আপুনি কোনো পৰিশ্ৰমো কৰিব নালাগে। ওজন নিয়ন্ত্ৰণৰ বাবে বিশেষজ্ঞসকলে দিছে এবিধ বিশেষ চাহ খোৱাৰ পৰামৰ্শ। এই যাদুকৰী চাহবিধ আপোনাৰ ওজন নিয়ন্ত্ৰণৰ চেষ্টাত হ’ব ফলপ্ৰসূ সমাধান। আমি সকলোৱে জানো যে আয়ুৰ্বেদত অশ্বগন্ধাক অন্যতম মহৌষধ হিচাপে গণ্য কৰা হয়। অশ্বগন্ধাই অনিদ্ৰা দূৰ কৰাত আৰু মাইগ্ৰেইনৰ পৰা উপশম লাভ কৰাত যথেষ্ট সহায় কৰে।

আনকি উচ্চ ৰক্তচাপত ভুগি থকা লোকসকলৰ বাবেও অশ্বগন্ধা যথেষ্ট উপকাৰী। এই অশ্বগন্ধাই আপোনাক ওজন নিয়ন্ত্ৰণতো সহায় কৰিব। অশ্বগন্ধাৰ চাহে আপোনাৰ ওজন হ্ৰাসৰ চেষ্টাত যাদুৰ দৰে সহায় কৰিব। চাওঁ আহক অশ্বগন্ধাৰ চাহ খোৱাৰ সঠিক উপায়-

প্ৰথমে এটা পাত্ৰত পানী উতলাই লওক। তাৰ পিছত সেই পানীত অশ্বগন্ধা যোগ কৰক। এতিয়া অলপ সময় উতলাই লওক। তাৰ পিছত সেই পানীত ডালচেনি আৰু মৌ মিহলাই লওক। এইদৰে প্ৰতিদিনে পুৱা খাব। এই অভ্যাসৰ ফল আপুনি কিছুদিনৰ ভিতৰতে দেখিবলৈ পাব।

অশ্বগন্ধাত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। এই এন্টিঅক্সিডেন্ট শৰীৰক বিষমুক্ত কৰাত সহায় কৰে আৰু ফলত সহজে চৰ্বি হ্ৰাস পাব। অশ্বগন্ধা চাহ নিয়মিতভাৱে সেৱন কৰিলে পাচন শক্তি উন্নত হয়। ফলত দেহত চৰ্বি বৃদ্ধি নহয়। কেৱল সেয়াই নহয়, অশ্বগন্ধা চাহে আমাৰ শৰীৰত শক্তি যথেষ্ট বৃদ্ধি কৰে।

হাজাৰজনৰ হিয়া ভাঙি কোন কোন অভিনেতা-অভিনেত্ৰীয়ে মাঘতে ঘঁহিলে মাহ-হালধি?
ছোৱালীসকলে খুব ভাল পায় প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ এইবোৰ পদ্ধতি
Propose Day ত কিদৰে আপোনাৰ প্ৰিয়জনক নিজৰ ফালে আকৰ্ষিত কৰিব? কেনেকৈ দিব প্ৰেমৰ প্ৰস্তাৱ
লতা মংগেশকাৰে প্ৰথম কোনখন ছবিত কণ্ঠদান কৰিছিল, জানক সবিশেষ