চৰ্দি-কাহৰ পৰা সহজে পাব উপশম, সহায় লওক এইসমূহ ঘৰুৱা বিধানৰ…

পৰিৱৰ্তিত বতৰত শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলো বয়সৰ লোকেই ভাইৰাছজনিত ৰোগত আক্ৰান্ত হ’ব পাৰে। এনে ৰোগৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ তথা ৰোগত আক্ৰান্ত হ’লেও দ্ৰুত আৰোগ্য লাভৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো অতি প্ৰয়োজনীয়। ভাইৰাছজনিত এনে ৰোগৰ পৰা উপশমত সহায়ক এনে কিছু ঘৰুৱা উপায়ৰ বিষয়ে জানো আহক।

চৰ্দি-কাহৰ পৰা সহজে পাব উপশম, সহায় লওক এইসমূহ ঘৰুৱা বিধানৰ…

প্ৰতিনিধিত্বমূলক ছবি

Published: 

25 Aug 2024 20:55 PM

বতৰ পৰিৱৰ্তনৰ লগে লগে ব্যক্তিৰ দেহত ঋতুভিত্তিক কিছুমান ৰোগে দেখা দিয়ে। প্ৰধানতঃ জ্বৰ-চৰ্দি আৰু কাহৰ দৰে ৰোগে এই সময়ত ব্যক্তিক আক্ৰমণ কৰে। সাধাৰণতে বতৰৰ পৰিৱৰ্তনৰ ফলত হোৱ্বা এনে ভাইৰাছজনিত ৰোগৰ পৰা সুৰক্ষিত হৈ থাকিবলৈ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো অত্যন্ত প্ৰয়োজনীয়। দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ কিছুমান ঘৰুৱা পদক্ষেপ গ্ৰহণ কৰিব পাৰে। তদুপৰি কিছুমান ঘৰুৱা ঔষধৰ জৰিয়তে এনে ঋতুভিত্তিক ৰোগৰ পৰা ৰক্ষা পোৱাত যথেষ্ট সহায়ক হয়।

পৰিৱৰ্তিত বতৰত শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলো বয়সৰ লোকেই ভাইৰাছজনিত ৰোগত আক্ৰান্ত হ’ব পাৰে। এনে ৰোগৰ আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ তথা ৰোগত আক্ৰান্ত হ’লেও দ্ৰুত আৰোগ্য লাভৰ বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো অতি প্ৰয়োজনীয়। ভাইৰাছজনিত এনে ৰোগৰ পৰা উপশমত সহায়ক এনে কিছু ঘৰুৱা উপায়ৰ বিষয়ে জানো আহক।

ঋতুভিত্তিক ৰোগৰ পৰা হাত সাৰিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিবলৈ প্ৰতি নিশা সামান্য হালধী কুহুমীয়া গাখীৰত মিহলাই খাব পাৰে। ইয়াৰ বাহিৰেও গাখীৰৰ লগত সামান্য দালচেনি বা  জাইফলৰ গুড়ি মিহলাই খালেও উপকাৰ লাভ কৰিব।

অসমীয়া সমাজত বনৌষধি হিচাপে শগুনী লতা বা গিলয়ৰ যথেষ্ট আদৰ আছে। এই বনৌষধিবিধে জ্বৰ, চৰ্দি আৰু কাহৰ পৰা সকাহ দিব পাৰে। আনকি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে বৰ্তমান সময়ত গিলয়ৰ টেবলেটো বজাৰত উপলব্ধ হৈছে। শগুণী লতা পৰিষ্কাৰ পানীৰে ভালদৰে ধুই তাৰ পিছত পানীত উতলাই লৈ দৈনিক পান কৰিলে ৰোগ প্রতিৰোধ কৰাত যথেষ্ট সহায়ক হয়।

চৰ্দি, জ্বৰ আৰু কাহৰ পৰা উপশম পাবলৈ ৫-৬ খিলা তুলসীৰ পাত, ২-৩ টা লং, আৰু আদাৰ সৰু টুকুৰা পানীত মিহলাই উতলাই খাব পাৰে। ইয়াৰ লগতে ৩-৪ টা জালুকো দিব পাৰে। আদা, লং আৰু জালুক থেতেলিয়াই পানীত দি তাৰ লগতে তুলসীৰ পাত দি উতলাই ল’ব। এই পানীত সামান্য ক’লা নিমখ দি খালে উপকাৰ লাভ কৰিব।

চৰ্দিৰ সময়ত নাক বন্ধ হোৱা আৰু ডিঙিৰ বিষ এক স্বাভাৱিক সমস্যা। নাক বন্ধ হোৱাৰ পৰা সকাহ পাবলৈ গৰম পানীত লং দি ইয়াৰ ভাপ ল’ব লাগে। ইয়াৰ বাহিৰেও ডিঙিৰ বিষৰ পৰা উপশম পাবলৈ পানীত নিমখ দি উতলাই লওক। এই পানী কুহুমীয়া কৰি গাৰ্গল কৰিলে উপকাৰ লাভ কৰিব।

ফাকুৱাৰ দিনা হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ! জানক ৰং খেলাটো শুভ নে অশুভ?
আৰ্থিক সমস্যাত ভুুগিছে নেকি? তেন্তে বেগত ৰাখক এই বস্তু...
ভ্ৰমণ কৰক ভাৰতৰ এই কেইখন বিখ্যাত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰ
এজন ব্যক্তিয়ে দৈনিক কিমান ঘণ্টা কাম কৰিব লাগে? বিজ্ঞানীয়ে দিলে সঠিক উত্তৰ