Winter Health Tips : আপোনাৰ শিশুটিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে দিয়ক এই খাদ্য…
এই সমযয়ছোৱাত শিশুৰ স্বাস্থ্যৰ ওপৰত অধিক যত্ন লোৱাটো প্ৰয়োজন । এই সময়ছোৱাত ঋতুজনিত ৰোগে যাতে শিশুৰ স্বাস্থ্যত প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শাক্তিশালি কৰাত অভিভাৱকসকলে গুৰুত্ব দিব লাগে ।
ঋতু সলনি হোৱাৰ লগে লগে এই সময়ছোৱাতে প্ৰতিখন চহৰতে প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পায় । দীপাৱলীৰ পাছতে দেশৰ বেছিভাগ চহৰত এইবাৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পোৱা দেখা গৈছিল । এই বায়ু প্ৰদূষণ হাঁপানী ৰোগত আক্ৰান্ত লোকৰ বাবে অতি বিপদজনক । প্ৰদূষণৰ লগতে বতৰ ঠাণ্ডালৈ অহাৰ বাবে এই সময়ছোৱাত আমাৰ শৰীৰত বিভিন্ন ৰোগে দেখা দিয়ে । বিশেষকৈ লোকসকল এই সময়ছোৱাত কাহ, জ্বৰ, চৰ্দি আদি ৰোগত আক্ৰান্ত হোৱা দেখা যায়।
এই সমযয়ছোৱাত শিশুৰ স্বাস্থ্যৰ ওপৰত অধিক যত্ন লোৱাটো প্ৰয়োজন । এই সময়ছোৱাত ঋতুজনিত ৰোগে যাতে শিশুৰ স্বাস্থ্যত প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শাক্তিশালি কৰাত অভিভাৱকসকলে গুৰুত্ব দিব লাগে । শিশুৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে কিছুমান ঘৰুৱা উপায়ো গ্ৰহণ কৰিব পাৰে । বিশেষকৈ অভিভাৱকসকলে এই সময়ছোৱাত শিশু খাদ্যৰ ওপৰত অধিক গুৰুত্ব দিব লাগে । শিশু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে কোনবোৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰি জানক ।
হালধিৰ পানী
যদি শিশুটিৰ বয়স ৩ বছৰৰ অধিক হয়, তেন্তে শিশুটিক হালধি পানী বা গাখীৰ খুৱাব পাৰে। হালধিত এন্টি-ইনফ্লেমেটৰী, এন্টিচেপ্টিক আৰু এন্টিবেক্টেৰিয়েল গুণ আছে। ইয়াৰ লগতে হালধি আয়ুৰ্বেদিক ঔষধ হিচাপেও ব্যৱহাৰ কৰা হয় । হালধিত এন্টিঅক্সিডেন্টো থাকে যিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ।
জাঁইফল
জাইফল এবিধ মছলা যি খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু জাঁইফলত অধিক পুষ্টিকৰ উপাদান থাকে। চৰ্দি-কাহ হোৱা শিশুক নিশ্চয়কৈ জাঁইফল খুৱাব পাৰে । ৫ বছৰৰ তলৰ শিশুক এক চামুচ গাখীৰত কুটি লোৱা জাঁইফল দিব পাৰে। ই ঠাণ্ডাত শৰীৰক ভিতৰৰ পৰা গৰম কৰি ৰাখিব পাৰে। ইয়াৰ উপাদানসমূহে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে।
মৌ আৰু আদা
কাহৰ পৰা উপশম পাবলৈ প্ৰায় সংখ্যক লোকে মৌ আৰু আদা খায় । শিশু হওক বা প্ৰাপ্তবয়স্কই হওক সকলোৰে বাবে মৌ-আদা এক ঔষধ। ই কাহৰ পৰা সকাহ দিয়াৰ উপৰিও ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে। শিশুটিক প্ৰতিদিনে আধা চামুচ মৌ আৰু আধা চামুচ আদাৰ ৰস দিব লাগে। ৰাতিপুৱা শুই উঠাৰ আগতে মৌ আৰু আদাৰ ৰস খোৱাটো ভাল।
গৰম পানী আৰু ভাপ
শিশুৰ বুকুত জমা হোৱা কফ বাহিৰ কৰিবলৈ গৰম পানী খোৱা, গৰম পানীৰ ভাপ নাকেৰে শুঙা আদি অভ্যাস কৰাব পাৰে। ইয়াৰ ফলত গৰমৰ মাজেৰে বুকুত জমা হোৱা কফ ওলাই আহিবলৈ সক্ষম হয়। ইচ্ছা কৰিলে ভাপ লওঁতে পানীত নিম বা তুলসীৰ সেউজীয়া পাতও দিব পাৰে। ইয়াত থকা এন্টি-ইনফ্লেমেটৰী আৰু এন্টিবেক্টেৰিয়েল গুণে সংক্ৰমণ ৰোধ কৰাত সহায় কৰে।