বতৰৰ পৰিৱৰ্তনৰ ফলত হ’ব পাৰে চৰ্দি-কাহৰ দৰে সমস্যাঃ এনে ঘৰুৱা উপায়েৰে পাব সকাহ
লাহে লাহে এতিয়া বতৰ কিছু গৰম হ’বলৈ আৰম্ভ কৰিছে। অৱশ্যে পুৱা আৰু নিশাৰ সময়ত এতিয়াও বতৰ কিছু ঠাণ্ডা হৈ আছে। সাধাৰণতে বতৰৰ এনে পৰিৱৰ্তিত সময়ত চৰ্দি, ডিঙিৰ বিষ কাহ আদি কিছুমান ঋতুজনিত ৰোগ হোৱা দেখা যায়। এনে পৰিস্থিতিত বাৰে বাৰে এল’পেথিক ঔষধ সেৱন কৰাতকৈ সকাহৰ বাবে কিছুমান ঘৰুৱা ঔষধ ব্যৱহাৰ কৰিব পাৰে।

প্ৰতিনিধিত্বমূলক ছবি
সমাপ্তিৰ দিশে ফেব্ৰুৱাৰী মাহ আৰু তাৰ সমান্তৰালকৈ শীতৰ সময়ো প্ৰায় শেষ হোৱাৰ দিশে আগবাঢ়িছে। লাহে লাহে এতিয়া বতৰ কিছু গৰম হ’বলৈ আৰম্ভ কৰিছে। অৱশ্যে পুৱা আৰু নিশাৰ সময়ত এতিয়াও বতৰ কিছু ঠাণ্ডা হৈ আছে। সাধাৰণতে বতৰৰ এনে পৰিৱৰ্তিত সময়ত চৰ্দি, ডিঙিৰ বিষ কাহ আদি কিছুমান ঋতুজনিত ৰোগ হোৱা দেখা যায়। এনে পৰিস্থিতিত বাৰে বাৰে এল’পেথিক ঔষধ সেৱন কৰাতকৈ সকাহৰ বাবে কিছুমান ঘৰুৱা ঔষধ ব্যৱহাৰ কৰিব পাৰে। শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে এই ঔষধসমূহ ব্যৱহাৰ কৰিব পাৰে। এনে ঘৰুৱা ঔষধসমূহত নাথাকে পাৰ্শ্বক্ৰিয়াৰ কোনো ভয়।
সাধাৰণতে আমাৰ ঘৰৰ পাকঘৰতে ঔষধি গুণেৰে ভৰপূৰ বহু সামগ্ৰী থাকে। এই ঘৰুৱা সামগ্ৰীসমূহে সৰু সৰু কিছুমান স্বাস্থ্যজনিত সমস্যাৰ পৰা সকাহত অত্যন্ত ফলপ্ৰসূ বিবেচিত হয়। এই ঔষধবোৰে ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰে আৰু এইদৰে ভাইৰাছজনিত ৰোগৰ পৰা দেহক ৰক্ষা কৰে। যদি আপুনিও বতৰৰ এনে পৰৱৰ্তনৰ বাবে কাহ, ডিঙিৰ বিষ আদি ৰোগত ভুগিছে, তেতিয়াহ’লে আপুনিও এনে ঘৰুৱা উপায়ৰ সহায় ল’ব পাৰে।
পৰিৱৰ্তিত বতৰত চৰ্দি আৰু কাহৰ পৰা হাত সাৰিবলৈ শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে প্ৰতি নিশা শুবলৈ যোৱাৰ পূৰ্বে একাপ কুহুমীয়া গাখীৰৰ সৈতে সামান্য হালধি আৰু জালুক মিহলাই সেৱন কৰিব লাগে। ইয়াৰ ফলত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হৈ থাকিব আৰু ইয়াৰ উপৰিও স্বাস্থ্যজনিত আন বহুতো উপকাৰো লাভ কৰিব।
চৰ্দিৰ বাবে এই সময়ত নাক বন্ধ হৈ পৰে। এই অৱস্থাই আক্ৰান্ত লোকজনক যথেষ্ট অসুবিধাত পেলায়। ইয়াৰ পৰা সকাহ পাবলৈ শুবলৈ যোৱাৰ পূৰ্বে গৰম পানীত নিমখ মিহলাই ইয়াৰ ভাপ নাকত ল’ব লাগে। ইয়াৰ উপৰিও সৰিয়হৰ তেল এটোপাল নাকৰ ফুটাত দিলেও সকাহ লাভ কৰিব। শিশুৰ ক্ষেত্ৰত এনে সমস্যা হ’লে কিছু আজৱাইন অলপ ভাজি লৈ কপাহী কাপোৰেৰে মেৰিয়াই গোন্ধ ল’বলৈ দিব পাৰে।
কাহৰ পৰা সকাহ পাবলৈ ৬-৭ টা লং ফুল (ওপৰৰ অংশ) কেৰাহীত সামান্য গৰম কৰি শুবলৈ যোৱাৰ পূৰ্বে আগতে খাব লাগে। যদি শুকান কাহ হয়, তেতিয়া জালুকৰ গুড়ি মৌৰ লগত খাব লাগে। আদাৰ ৰস আৰু মৌৱেও কাহৰ পৰা উপশম দিয়ে। যদি বতৰ পৰিৱৰ্তনৰ বাবে ডিঙিৰ বিষ হয়, তেন্তে ইয়াৰ পৰা সকাহ পোৱাৰ আটাইতকৈ উত্তম উপায় হ’ল কুহুমীয়া নিমখীয়া পানীৰে গাৰ্গল কৰা। আদা, তুলসী, নেমু আদিৰে তৈয়াৰী গৰম চাহে ডিঙিৰ বিষ, কাহ, চৰ্দিৰ পৰা উপশম দিয়ে।