ওজন কমাবলৈ সহায় কৰিব, ৰাতিপুৱা সেৱন কৰক ঘৰতে বনোৱা এই পানীয়…

ওজন হ্ৰাস কৰাটো এটা কঠিন কাম যদিও সেয়া অসম্ভৱ নহয়। মাত্ৰ কিছু কষ্ট আৰু কিছু ধৈৰ্য থাকিব লাগিব। যদি আপুনি ওজন হ্ৰাসৰ প্ৰচেষ্টা কৰে, তেন্তে আপুনি আপোনাৰ ৰুটিনত ঘৰতে বনোৱা কিছুমান পানীয় অন্তৰ্ভুক্ত কৰিব পাৰে যিবোৰ ওজন হ্ৰাস কৰাত অতি সহায়ক।

ওজন কমাবলৈ সহায় কৰিব, ৰাতিপুৱা সেৱন কৰক ঘৰতে বনোৱা এই পানীয়...

ওজন হ্ৰাস কৰা পানীয়

Updated On: 

15 Jan 2025 06:59 AM

ওজন বৃদ্ধিয়ে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি কৰে । ইয়াৰ বাহিৰেও অতিৰিক্ত ওজনৰ বাবে দৈনন্দিন জীৱনত বহুতো সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। যেনেকৈ আপোনাৰ প্ৰিয় পোছাক ফিটিং নহয়, শৰীৰটো আকৃতিহীন দেখাৰ বাবে আত্মবিশ্বাস হেৰুৱাই পেলোৱা আদি সমস্যা সন্মুখীন হয়। আজিকালি মেদবহুলতাৰ সমস্যা যুৱক-যুৱতীসকলৰ মাজতো দেখা যায়। বৰ্তমান সকলোৱে ফিট হৈ থাকিব বিচাৰে আৰু ইয়াৰ বাবে মানুহে শাৰীৰিক কাৰ্যকলাপ কৰে। ওজন নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ বিপাকীয় ক্ৰিয়া ভাল হোৱাটো গুৰুত্বপূৰ্ণ আৰু ভাল খাদ্যাভ্যাসৰ দ্বাৰাহে এইটো সম্ভৱ।

ওজন হ্ৰাস কৰাটো এটা কঠিন কাম যদিও সেয়া অসম্ভৱ নহয়। মাত্ৰ কিছু কষ্ট আৰু কিছু ধৈৰ্য থাকিব লাগিব। যদি আপুনি ওজন হ্ৰাসৰ প্ৰচেষ্টা কৰে, তেন্তে আপুনি আপোনাৰ ৰুটিনত ঘৰতে বনোৱা কিছুমান পানীয় অন্তৰ্ভুক্ত কৰিব পাৰে যিবোৰ ওজন হ্ৰাস কৰাত অতি সহায়ক।

আমলখি পানীয় ফলপ্ৰসূ

আমলখিত এনে এক ফল যিটো এন্টিঅক্সিডেন্টৰে সমৃদ্ধ, সেয়েহে ইয়াৰ কেৱল এটাই নহয় বহুতো উপকাৰী গুণ আছে। যদি আপুনি ওজন কমাব বিচাৰে তেন্তে প্ৰতিদিনে ৰাতিপুৱা এটা আমলখি, ক’লা নিমখ, চাৰিৰ পৰা পাঁচটা জালুক, আদাৰ সৰু টুকুৰা আৰু চাৰি-পাঁচটা নৰসিংহ পাত অলপ পানীত পিহিব লাগে। এই পানীয়টো ফিল্টাৰ কৰি পান কৰক। ইয়াৰ ফলত ওজন কমি যাব আৰু একে সময়তে ছালখন চিকচিকিয়া হৈ পৰিব আৰু চুলিও সৰিবলৈ বন্ধ হৈ যাব।

নেমু আৰু মৌ পানীয়

ওজন কমাবলৈ মৌ আৰু নেমুৰ পানীয়ও অতি ফলপ্ৰসূ। ৰাতিপুৱা খালী পেটত নেমুৰ ৰস আৰু এচামুচ মৌ মিহলি কুহুমীয়া পানীত খাব লাগে। ইয়াৰ ফলত আপোনাৰ শক্তি বৃদ্ধি পাব আৰু লগতে শৰীৰত বিষমুক্ত হ’ব।

ওজন কমাবলৈও জিৰা পানীয় ফলপ্ৰসূ

যদি আপুনি ওজন হ্ৰাস কৰাটো বিচাৰে তেন্তে জিৰা পানীয় বনাই ৰাতিপুৱা পান কৰিব পাৰে। ই বিপাকীয় ক্ৰিয়া ভাল কৰে। ইয়াৰ বাবে এচামুচ জিৰা এগিলাচ পানীত ৰাতি তিয়াই থব। এই পানী ৰাতিপুৱা উতলাই লওক। কুহুমীয়া অৱস্থাত ফিল্টাৰ কৰি পান কৰক।

হালধি আৰু জালুকৰ পানীয়

জালুকে চৰ্বি জ্বলোৱাত সহায় কৰে, আনহাতে হালধিত থকা কাৰকুমিন যৌগটোৱে ওজন কমাবলৈ সহায় কৰে। ওজন কমোৱাত সহায় কৰাৰ লগতে এই পানীয়ই শৰীৰক বিষমুক্ত কৰে। কেঁচা হালধি এটা সৰু টুকুৰা থেতেলিয়াই ল’ব আৰু লগতে পাঁচটা জালুক থেতেলিয়াই দিব। আঢ়ৈ কাপ পানীত দুয়োটা বস্তু ভালদৰে উতলাই লওক। ৰাতিপুৱা এই পানীয় খাব লাগে।

সন্ন্যাসীসকলে কিয় চুলি নাকাটে? ইয়াৰ আঁৰত আছে বিশেষ কাৰণ...
ভোগালী বিহুত খোৱা চিৰা-দৈৰ জলপানৰ উপকাৰিতাৰ বিষয়ে জানেনে?
মাঘ বিহুত মাহ কৰাই আৰু পঁইতা ভাত খোৱাৰ পৰম্পৰাৰ বিষয়ে জানেনে?
উৰুকাৰ নিশা চুৰি কৰা পৰম্পৰাৰ বিষয়ে জানেনে?