5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

এটা সৰু চৰায়ে কেনেকৈ বিমান ধ্বংস কৰিব পাৰে? জানক চৰাইৰ সৈতে হোৱা বিমান সংঘৰ্ষৰ বিষয়ে…

এই বছৰৰ আটাইতকৈ ডাঙৰ বিমান দুৰ্ঘটনা শেহতীয়াকৈ দক্ষিণ কোৰিয়াত সংঘটিত হৈছে। খবৰ অনুসৰি, দুৰ্ঘটনাৰ পূৰ্বে বিমান পৰিবহণ নিয়ন্ত্ৰকে চৰাইৰ সতৰ্কবাণী প্ৰেৰণ কৰিছিল। বিমানত থকা ১৮১ জন লোকৰ ভিতৰত মাত্ৰ ২ জনহে ৰক্ষা পৰে, বাকী ১৭৯ জন লোকৰ মৃত্যু হয়। এই দুৰ্ঘটনাৰ পিছতে বাৰ্ডষ্ট্ৰাইক সম্পৰ্কে আলোচনা আৰম্ভ হৈছে। জানক চৰাইৰ সৈতে হোৱা সংঘৰ্ষ কিমান বিপজ্জনক।

এটা সৰু চৰায়ে কেনেকৈ বিমান ধ্বংস কৰিব পাৰে? জানক চৰাইৰ সৈতে হোৱা বিমান সংঘৰ্ষৰ বিষয়ে…
এটা সৰু চৰায়ে কেনেকৈ আকাশ মাৰ্গত ধ্বংস কৰিব পাৰে বিমান?
barasha-misra
Barasha Misra | Updated On: 30 Dec 2024 21:48 PM

দক্ষিণ কোৰিয়াত চলিত বৰ্ষত আটাইতকৈ ভয়াৱহ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। যেতিয়া বেংককৰ পৰা উৰা মাৰি মুআন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত জৰুৰীকালীন অৱতৰণৰ সময়ত জেজু এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাণৱেত ছিটিকি পৰাৰ লগতে বিমানবন্দৰৰ বেৰৰ সৈতে খুন্দা মৰাৰ ফলত অগ্নিদগ্ধ হৈ যায়।

এই দুৰ্ঘটনাত ১৮১ জন যাত্ৰীৰ ভিতৰত মাত্ৰ দুজন লোকৰহে জীৱন ৰক্ষা পাৰিছিল, বাকী ১৭৯ জন যাত্ৰীৰ মৃত্যু হৈছিল। দুৰ্ঘটনাৰ পূৰ্বে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লে বাৰ্ডষ্ট্ৰাইকৰ সতৰ্কবাণী প্ৰেৰণ কৰিছিল, যিটো এই দুৰ্ঘটনাৰ মূল কাৰণ আছিল। কিন্তু চৰাইৰ সৈতে হোৱা বিমান সংঘৰ্ষ কেনেকৈ ইমান বিপদজনক হৈ পৰে?

বাৰ্ডষ্ট্ৰাইক কি?

বতাহৰ গতিত বিমানত হোৱা চৰাইৰ সংঘৰ্ষ, যিটো সাধাৰণতে উৰণ বা অৱতৰণৰ সময়ত হয়। যদিও এই সৰু সৰু দুৰ্ঘটনাবোৰ সঘনাই সংঘটিত হয়, কিন্তু চৰাইয়ে বিমানখনৰ ইঞ্জিন, খিৰিকী বা আন স্পৰ্শকাতৰ অংশত খুন্দা মাৰিলে ইয়াৰ ফলত অতি গুৰুতৰ ক্ষতি হ’ব পাৰে।

ইঞ্জিন বিকল হোৱা বা চৰাইৰ আঘাতৰ বাবে বিমানখনৰ নিয়ন্ত্ৰণ হেৰুৱাৰ দৰে কাণ্ডই দুৰ্ভাগ্যজনকভাৱে মৃত্যুৰ কাৰণ হ’ব পাৰে, যিদৰে এই কাণ্ডটো সসংঘটিত হৈছিল। আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা (ICAO)ৰ এক সমীক্ষা অনুসৰি চৰাইৰ সংঘৰ্ষৰ ৯২ শতাংশ ঘটনাত কোনো ক্ষতি নহয়।

১১৯ বছৰ পূৰ্বে সংঘটিত হৈছিল প্ৰথমটো দুৰ্ঘটনা

পৃথিৱীত প্ৰথমবাৰৰ বাবে ১৯০৫ চনত চৰাইয়ে বিমানত খুন্দা মৰাৰ ঘটনা পোহৰলৈ আহে। এই কথা জনাইছে বিমান নিৰ্মাণ কৰা ৰাইট ব্রাদাৰ্ছৰ এজন ভাতৃ অৰভিল ৰাইটে। অৰভিলে পথাৰ এখনৰ ওপৰেৰে উৰি থাকোঁতে তেওঁ চৰাইৰ জাকত আবদ্ধ হৈ পৰিল। এই সময়ছোৱাত এটা চৰাইয়ে তেওঁৰ বিমানখনৰ সৈতে সংঘৰ্ষ হয়। সেই চৰাইজনী বিমানখন বিমানখনৰ ফেনত পৰি থাকিল। এক হিচাপ অনুসৰি সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ৪০ হাজাৰতকৈ অধিক বাৰ্ড ষ্ট্ৰাইকৰ ঘটনা সংঘটিত হয়।

এই ৪টা কাৰকে দুৰ্ঘটনাৰ ভয়াৱহতা নিৰ্ণয় কৰে

আপুনি কেতিয়াবা ভাবিছেনে, বিমানৰ লগত চৰাইৰ সংঘৰ্ষ হ’লে কিমান বল উৎপন্ন হয়? এক প্ৰতিবেদন অনুসৰি ১.৮ কেজি ওজনৰ চৰাই এটাই তীব্ৰ বেগত উৰি থকা বিমানৰ লগত খুন্দা মাৰিলে প্ৰায় ৩.৫ লাখ নিউটন বল উৎপন্ন হয়।

এইদৰে বুজিব, যদি ০.৩৬৫ মিটাৰ বেৰেল থকা বন্দুকৰ পৰা প্ৰতি ছেকেণ্ডত ৭০০ মিটাৰ বেগত ৪০ গ্ৰামৰ গুলী এটা নিক্ষেপ কৰা হয়, তেন্তে ইয়াৰ পৰা ২,৬৮৪ নিউটন বলৰ উৎপন্ন হয়। অৰ্থাৎ বিমানত খুন্দা মৰা চৰাই এটাই বন্দুকৰ গুলীতকৈ ১৩০ গুণ বেছি বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে!

বাৰ্ড ষ্ট্ৰাইকৰ তীব্ৰতা চাৰিটা মূল কাৰকৰ ওপৰত নিৰ্ভৰ কৰে: চৰাইটোৰ ওজন, ইয়াৰ আকাৰ, উৰণৰ গতি আৰু আঘাতৰ দিশ। এবিচি বিজ্ঞানৰ এক প্ৰতিবেদনত কোৱা হৈছে যে, ২৭৫ কিলোমিটাৰ বেগেৰে উৰি থকা বিমানৰ সৈতে সংঘৰ্ষ হোৱাটো ১৫ মিটাৰ উচ্চতাৰ পৰা ১০০ কেজিৰ বেগ মাটিত পেলোৱাৰ দৰেই।

বেছিভাগ দুৰ্ঘটনা কেতিয়া হয়?

বিমান সুৰক্ষা অনুসৰি বেছিভাগ বিমান দুৰ্ঘটনা উৰণৰ সময়ত আৰু তাৰ পিছত অৱতৰণৰ সময়ত সংঘটিত হয়। যোৱা বছৰ ১০৯টা দুৰ্ঘটনা সংঘটিত হৈছিল, ইয়াৰে ৩৭টা টেক অফৰ সময়ত আৰু ৩০টা লেণ্ডিঙৰ সময়ত সংঘটিত হৈছিল। ভাৰততো বিমানৰ সৈতে চৰাইৰ সংঘৰ্ষৰ ঘটনা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। যোৱা বছৰৰ ডিচেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে চৰাইৰ আক্ৰমণৰ সৈতে জড়িত তথ্য প্ৰকাশ কৰিছিল। ইয়াৰ মতে ২০২৩ চনত বিমানৰ সৈতে চৰাইৰ সংঘৰ্ষৰ ১১৪৩টা ঘটনা সংঘটিত হৈছিল। ২০২২ চনতো একেধৰণৰ কাণ্ড সংঘটিত হৈছিল। ইয়াৰ পূর্বে ২০২১ চনত ৭৮৬টা আৰু ২০২০ চনত ৬৫৮টা ৰোগী ধৰা পৰে৷

চৰাইৰ আঘাতৰ আশংকা কেতিয়া বৃদ্ধি পায়?

বিমানবন্দৰৰ আশে-পাশে চৰাইৰ সংখ্যা বেছি হ’লে বাৰ্ড ষ্ট্ৰাইকৰ আশংকা বৃদ্ধি পায়। বেছিভাগ বিমানবন্দৰ মুকলি ঠাইত অৱস্থিত আৰু বাৰিষাৰ সময়ত পানীৰ ডোঙা গঠনৰ ফলত পোক-পৰুৱা আৰু অন্যান্য সৰু সৰু জীৱৰ সৃষ্টি হয়, যিয়ে চৰাইক আকৰ্ষণ কৰে। তদুপৰি আইচিএঅ’ (আন্তঃৰাষ্ট্ৰীয় অসামৰিক বিমান পৰিবহণ সংস্থা)ৰ মতে, বাৰ্ড ষ্ট্ৰাইকৰ বেছিভাগেই জুলাই আৰু আগষ্ট মাহত সংঘটিত হয়।

বিমানবন্দৰৰ ওচৰত লেণ্ডফিল বা আৱৰ্জনা পৰিশোধন প্লাণ্ট থাকিলেও চৰাইৰ সংখ্যা বৃদ্ধি পাব পাৰে, কিয়নো এই ঠাইবোৰে খাদ্য আৰু আশ্ৰয়ৰ সুবিধা প্ৰদান কৰে। এই সকলোবোৰ কাৰণতে বিশেষকৈ চৰাইৰ জনবসতি ঘন অঞ্চলত চৰাইৰ আঘাতৰ আশংকা বাঢ়ি যায়।

Latest News