সুস্থ দেহৰ আধাৰ মেগনেছিয়ামঃ দেহৰ ভিতৰত এই পদাৰ্থৰ প্ৰভাৱ জানিলে চমকি উঠিব আপুনি…
শৰীৰৰ বাবে অন্যতম এক প্ৰয়োজনীয় উপাদান হৈছে মেগনেছিয়াম। দেহৰ পেশী শিথিল কৰি তোলাৰ পৰা আৰম্ভ কৰি টোপনিৰ মান উন্নত কৰালৈকে আন বহু কাৰণত মেগনেছিয়ামক ‘অলৌকিক খনিজ’ বুলি কোৱা হয়। মেগনেছিয়ামে দেহৰ ভিতৰত নানা দিশত অত্যন্ত প্ৰভাৱ পেলায়।

এক সুস্থ, সবল আৰু নিৰোগী দেহৰ বাবে বহু পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়। শৰীৰৰ বাবে অন্যতম এক প্ৰয়োজনীয় উপাদান হৈছে মেগনেছিয়াম। দেহৰ পেশী শিথিল কৰি তোলাৰ পৰা আৰম্ভ কৰি টোপনিৰ মান উন্নত কৰালৈকে আন বহু কাৰণত মেগনেছিয়ামক ‘অলৌকিক খনিজ’ বুলি কোৱা হয়। মেগনেছিয়ামে দেহৰ ভিতৰত নানা দিশত অত্যন্ত প্ৰভাৱ পেলায়। চাওঁ আহক মেগনেছিয়ামৰ এনে কিছু চমকিত উপকাৰিতা-
ৰক্তচাপ নিয়ন্ত্ৰণত মেগনেছিয়ামে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মেগনেছিয়ামে ৰক্তবাহী নলীবোৰ শিথিল কৰি তোলাৰ লগতে ৰক্তবাহী নলীৰ মসৃণ পেশীত কেলচিয়াম আৰু পটাছিয়ামৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে। ভেছ’ডিলেচন নামেৰে জনাজাত এই প্ৰক্ৰিয়াই ৰক্তবাহী নলীৰ ভিতৰত প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰি ৰক্তচাপ কমোৱাত সহায় কৰে।
মেগনেছিয়ামে পটাছিয়াম, আৰু ছডিয়ামৰ লগতে ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বজাই ৰাখে। ফলত অতিৰিক্ত ছডিয়াম শৰীৰত জমা নহয়। অতিৰিক্ত ছডিয়াম উচ্চ ৰক্তচাপৰ এটা প্ৰধান কাৰণ। মেগনেছিয়ামে এঞ্জিওটেনচিন II ৰ ক্ৰিয়াত বাধা দিয়ে। এই হৰম’নে ৰক্তবাহী নলী সংকুচিত কৰে। ৰক্তবাহী নলীৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰি মেগনেছিয়ামে হৃদযন্ত্ৰৰ কামৰ বোজা হ্ৰাস কৰে।
দীৰ্ঘদিনীয়া প্ৰদাহৰ ফলত উচ্চ ৰক্তচাপ হয়। মেগনেছিয়ামে C-reactive protein (CRP)ৰ দৰে প্ৰদাহজনিত পদাৰ্থৰ মাত্ৰা হ্ৰাস কৰে, যিয়ে পৰোক্ষভাৱে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। মেগনেছিয়ামে কৰ্টিছল আৰু এড্ৰিনেলিনৰ দৰে ষ্ট্ৰেছ হৰম’নৰ নিৰ্গমন হ্ৰাস কৰে। মেগনেছিয়াম কোষ্ঠকাঠিন্য দূৰ কৰাৰ ক্ষেত্ৰতো যথেষ্ট প্ৰয়োজনীয়।
পাচনতন্ত্ৰৰ সমস্যাৰ বাবে মেগনেছিয়াম অক্সাইড অতি ফলপ্ৰসূ। মেগনেছিয়াম ট’ৰেটে মেগনেছিয়াম আৰু ট’ৰিনৰ সংমিশ্ৰণেৰে হৃদযন্ত্ৰক সুস্থ কৰি ৰাখে আৰু ৰক্তচাপ হ্ৰাস কৰে। মেগনেছিয়াম মেলেটত মেলিক এচিড থাকে, যি শক্তি উৎপাদন আৰু পেশীৰ শিথিলতাত সহায় কৰে।
এনে দিশসমূহৰ প্ৰতি লক্ষ্য ৰাখি বিশেষজ্ঞসকলে দৈনন্দিন খাদ্যত পাতল সেউজীয়া খাদ্য, বাদামজাতীয় খাদ্য, গোটা শস্য, মাহজাতীয় শস্য অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়ে। দুগ্ধজাত সামগ্ৰী আৰু চৰ্বিযুক্ত মাছ খাব পাৰে। সাধাৰণতে প্ৰাপ্তবয়স্ক পুৰুষক প্ৰতিদিনে ৪০০-৪২০ মিলিগ্ৰাম মেগনেছিয়াম আৰু প্ৰাপ্তবয়স্ক মহিলাক ৩১০-৩২০ মিলিগ্ৰাম মেগনেছিয়ামৰ প্ৰয়োজন হয়।
অৱশ্যে চিকিৎসকৰ পৰামৰ্শ অবিহনে অধিক মাত্ৰাত গ্ৰহণ কৰা উচিত নহয়। মনত ৰাখিব, অতিৰিক্ত মেগনেছিয়াম গ্ৰহণ কৰিলে হাইপাৰমেগনেছিয়াম হ’ব পাৰে। ইয়াৰ ফলত বমি, ডায়েৰিয়া, হৃদস্পন্দন অনিয়মিত হোৱা, নিম্ন ৰক্তচাপ আদি সমস্যা হ’ব পাৰে।