শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰঙালী বিহুত গাত ঘঁহা মাহ-হালধিৰ আচৰিত গুণাগুণৰ বিষয়ে সবিশেষ জানক…

ৰঙালী বিহুত মানুহে মাহ-হালধি গাত লগায়। অসমীয়া চহা জীৱনত বিহুৰ দিনা পুৱা মাহ-হালধিৰে গা ধুলে বছৰটোৰ বাবে ছালৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি এক লোক বিশ্বাস অতীজৰে পৰা চলি আহিছে। জানো আহক ইয়াৰ বিভিন্ন গুণাগুণ আৰু উপকাৰিতা বিষয়ে...

ৰঙালী বিহুত গাত ঘঁহা মাহ-হালধিৰ আচৰিত গুণাগুণৰ বিষয়ে সবিশেষ জানক…
মাহ-হালধিৰ গুণাগুণImage Credit source: shutterstock
trishna-kalita
Trishna Kalita | Updated On: 09 Apr 2025 14:47 PM

গৰু বিহুৰ দিনা পুৱাই সাতাম পুৰুষীয়া পৰম্পৰা অনুসৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নৈ-পুখুৰী, বিল আদিত গোধনক গা ধুৱা হয় । সেইদিনা গৰুক পুৱাই মূৰ, শিং আৰু গাত পিচি থোৱা মাহ-হালধি সানি দিয়া হয় । গৰুৰ গা, খুৰা আৰু শিঙত মিঠাতেল দি মাহ-হালধি সনা পৰ্বক নোৱোওৱা বুলি কোৱা হয় । গৰুক নোওৱাৰ পিছত সমীপৱৰ্তী নৈ-বিল, পুখুৰী আদিলৈ নি গা ধুওৱা হয় । তাৰ পাছত সেই মাহ-হালধি মানুহে গাত লগায়। কিছু ঠাইত মানুহ বিহু দিনাও গাত মাহ-হালধি লগোৱাৰ পৰম্পৰা আছে। অসমীয়া চহা জীৱনত বিহুৰ দিনা পুৱা মাহ-হালধিৰে গা ধুলে বছৰটোৰ বাবে ছালৰ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি বুলি এক লোক বিশ্বাস অতীজৰে পৰা চলি আহিছে।

হালধিৰ গুণাগুণ:

আমি সকলোৱে হালধিৰ উপকাৰিতাৰ বিষয়ে জানো। গৰু বিহুৰ দিনা মাহ হালধিৰে নোওৱাৰ নিয়ম পূৰ্বৰে পৰা চলি আহিছে। ই অসমীয়া সমাজৰ এক এৰাব নোৱাৰা অংগ। লাও-বেঙেনাৰ লগতে গৰুক হালধি লগোৱা হয়। গৰুক নোৱাবলৈকে অসমীয়া কৃষকে বাৰীৰ এচুকত ৰুই থয় ‘গৰু নোওৱা’ হালধি। অসমীয়া বিবাহ অনুষ্ঠানতো হালধিৰ ব্যৱহাৰ কৰা হয়। বিবাহ অনুষ্ঠানত কইনা নোওৱাৰ সময়ত আয়তীসকলে হাতে হাতে মাহ-হালধি লৈ নোৱাবলৈ ব্যৱহাৰ কৰে। হালধিৰ আছে যথেষ্ট ঔষধি গুণ। আয়ুৰ্বেদতো হালধিৰ উপকাৰিতাৰ বিষয়ে কোৱা হৈছে। হালধিত বিভিন্ন ধৰণৰ উপাদান যেনে আইৰণ, কেলছিয়াম, পটেছিয়াম, ক’পাৰ, ভিটামিন- A, B, C, D,ফাইবাৰ, মেংগানিজ, কাৰকুমিন আদি পোৱা যায় ।

  • হালধি পানীৰ সৈতে মিহলাই সমগ্ৰ দেহত সানিলে গাৰ ৰং উজ্জ্বল হয়।
  • যদি কোনো আঘাত বা ঘা-ফোঁহাৰ বাবে ছালত গাঁতৰ দৰে হয়, তেন্তে হালধিৰ লেপ লগালে শীঘ্ৰে নতুন ছাল আহে।
  • যদি শৰীৰৰ কোনো অংশত বগা দাগৰ প্ৰাৰম্ভিক লক্ষণ প্ৰকট হয় তেন্তে সেই ঠাইত হালধিৰ তেল মালিচ কৰিব লাগে।
  • প্ৰতিদিনে কেঁচা হালধি খুন্দি গাখীৰৰ সৈতে গাত সানিলে যায় ৰূপ দুগুণে চৰে।
  • খজুৱতি হোৱা ছালত হালধিৰ তেল সানিব লাগে।
  • হালধি মিহিকৈ পিহি গৰুৰ গাখীৰৰ সৈতে মিহলাই ৰাতি শোৱাৰ সময়ত মুখত লেপন লগালে মুখত পৰা ক’লা বা বগা দাগ, শালমইনা আদি দূৰ হৈ ছাল স্বচ্ছ, কোমল হৈ পৰে।

মাটিমাহৰ উপকাৰিতা:

  • মাটিমাহত ভিটামিন বি আছে যি ছালৰ বাবে অতি উপযোগী
  • মাটিমাহে ছালৰ ৰোগ ভাল কৰাত সহায় কৰে
  • মাটিমাহে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে
  • মাটিমাহৰ পানীৰে গা ধুলে ছালৰ ৰোগ ভাল হয়
  • মাটিমাহৰ পেষ্ট তৈয়াৰ কৰি ছালত লগাই ধুলে ছাল উজ্জ্বল হয়
  • মাটিমাহৰ পানীৰে মুখ ধুলে ছালৰ উজ্জ্বলতা বৃদ্ধি হয়
  •  ই চানবাৰ্ণৰ বিষ প্ৰশমিত কৰাত, টেনৰ তীব্ৰতা হ্ৰাস কৰাত আৰু ব্ৰণৰ লক্ষণবোৰ হ্ৰাস কৰাত সহায় কৰিব পাৰে।

ইয়াৰ উপৰিও মাটিমাহে চুলিৰ যত্ন সমৰ্থন কৰে আৰু শুকান, ফ্ৰিজি চুলিৰ চিকিৎসাৰ বাবে উপযোগী। মাটিমাহত ইয়াত ফেটি এচিড আৰু খনিজ পদাৰ্থৰ উচ্চ পৰিমাণ থাকে যি চুলিৰ উজ্জ্বলতা পুনৰুজ্জীৱিত কৰাত সহায় কৰে। ই চুলিৰ পৰিস্থিতি উন্নত কৰে। উফিৰ চিকিৎসা কৰিবলৈ মাটি মাহৰ পেষ্ট বনাই চুলিত প্ৰয়োগ কৰক। ই উফি আঁতৰ কৰাত সহায় কৰে আৰু চুলি শক্তিশালী, পৰিষ্কাৰ আৰু কোমল কৰাত সহায় কৰে।