টোপনি হ’ব পাৰে ওজন বৃদ্ধিৰ কাৰণ, জানক চিকিৎসকে কি কয়…
Weight Gain cause: আজিকালি প্ৰায়ভাগ লোকে ওজন বৃদ্ধিৰ সমস্যাত ভোগে। ওজন বৃদ্ধিৰ অন্যতম কাৰণ টোপনিও। এই সন্দৰ্ভত বিশেষজ্ঞই কৈছে যে কেনেকৈ টোপনি ওজন বৃদ্ধিৰ কাৰণ হ'ব পাৰে।

আজিৰ সময়ত ওজন বৃদ্ধি বা মেদবহুলতা সাধাৰণ হৈ পৰিছে। ওজন বৃদ্ধিৰ কাৰণ বহু কেইটা হ’ব পাৰে। যদি আপুনি ওজন নিয়ন্ত্ৰণ কৰিব বিচাৰে তেন্তে টোপনিৰ ওপৰত গুৰুত্ব দিয়াও দৰকাৰ। টোপনিৰ সম্পৰ্ক শৰীৰৰ ওজনৰ সৈতে থাকে। শুৱাৰ ফলত শৰীৰে জিৰণি লাভ কৰে লগতে সেই সময়ত কিছুমান হৰম’নো বাহিৰ হয়। এই হৰম’নৰ সম্পৰ্ক শৰীৰৰ ওজনৰ সৈতে থাকে। যদি এই হৰম’নৰ পৰিমাণ আপোনাৰ শৰীৰত বেছি হয় তেন্তে টোপনি কম হয়। যদি ভাল টোপনি নহয় তেন্তে ওজন বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকে।
এই সন্দৰ্ভত দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অজয় কুমাৰে কয় যে, টোপনিৰ সময়ত আমাৰ শৰীৰত কৰ্টিছল নামৰ হৰম’ন এটা নিৰ্গত হয়। পুৱা সাৰ পোৱাৰ সময়ত এই কৰ্টিছল হৰম’ন সৰ্বোচ্চ মাত্ৰাত থাকে। ইয়াৰ পিছত দিনটোৰ ভিতৰত এই হৰম’ন ক্ৰমান্বয়ে কমি যায়। যদিহে এই হৰম’ন সম্পূৰ্ণৰূপে কমি নাযায় তেতিয়া টোপনি নাহে। এই হৰম’নটোৱেই ওজন বৃদ্ধিৰ প্ৰধান কাৰণ। ইয়াৰোপৰি টোপনি কম হোৱাৰ ফলত ভোক বেছিকৈ লাগে, তেনে ক্ষেত্ৰত ওজন দ্ৰুতগতিত বৃদ্ধি পায়।
পাচন ক্ৰিয়াত প্ৰভাৱ
টোপনি কম হ’লে ইয়াৰ প্ৰভাৱ পাচনক্ৰিয়াত পৰে। যাৰ বাবে ওজন বৃদ্ধিৰ সমস্যা সৃষ্টি হয়। ইয়াৰ উপৰিও কম টোপনিয়ে শৰীৰত হৰম’নৰ ভাৰসাম্যহীনতাও সৃষ্টি কৰে। কম টোপনিৰ বাবে লেপ্টিন আৰু গ্ৰেলিন হৰম’নৰ ভাৰসাম্যহীন হৈ পৰে। লেপ্টিন হৰমনে তৃপ্তিৰ অনুভৱ সৃষ্টি কৰে আৰু ঘ্ৰেলিন যিয়ে ভোক বৃদ্ধি কৰে। তেনে অৱস্থাত কম টোপনিৰ ফলত লেপ্টিন হ্ৰাস পায় আৰু ঘ্ৰেলিন বৃদ্ধি পায়। তেনে অৱস্থাত ব্যক্তিয়ে অধিক খাদ্য গ্ৰহণ কৰে আৰু ই ওজন বৃদ্ধিৰ কাৰণ হৈ পৰে।
ভাগৰুৱা
টোপনি কম হ’লে গোটেই দিনটো ভাগৰুৱা হৈ পৰে। যাৰ বাবে আপুনি ব্যায়াম বা শাৰীৰিক কাৰ্যকলাপ হ্ৰাস কৰে। ইয়াৰ ফলত ওজনো বৃদ্ধি পায়। কম টোপনি পোৱাটোৱেও মানসিক চাপ বৃদ্ধি কৰে। মানসিক চাপ বৃদ্ধিয়ে ওজনত প্ৰভাৱ পেলায়। বিশেষজ্ঞসকলৰ মতে কম টোপনি অহা লোকৰ বি এম আই আৰু মেদবহুলতা বৃদ্ধি পোৱাৰ সম্ভাৱনা বেছি।
ভাগৰুৱা
যাৰ বাবে মানুহ এলেহুৱা হৈ পৰে। ই ওজন বৃদ্ধিৰো কাৰণ হৈ পৰে। কম টোপনিয়ে মানসিক চাপ বৃদ্ধি কৰে। মানসিক চাপ বৃদ্ধিয়ে ওজন বৃদ্ধিত প্ৰভাৱ পেলায়। বিশেষজ্ঞৰ মতে, বি এম আই আৰু মেদবহুলতা বৃদ্ধি পোৱাৰ সম্ভাৱনা বেছি।
গৱেষণা
কিছুমান গৱেষণাত পোহৰলৈ আহিছে যে টোপনি নাহিলে ওজন বৃদ্ধি পায়। ওজন বৃদ্ধিৰ এটা গুৰুত্বপূৰ্ণ কাৰণ টোপনি। আনহাতে ভাল টোপনি আহিলে মানুহৰ ওজন কমি যায় আৰু মানসিক চাপ কম হয়।