অন্তৰ্বাসে পুৰুষৰ প্ৰজনন ক্ষমতাক প্ৰভাৱিত কৰে নেকি ? কেতিয়া কেনেধৰণৰ আণ্ডাৰৱেৰ পিন্ধিব লাগে ? কি কয় চিকিৎসকে ?

পৰিধান কৰা অন্তৰ্বাসৰৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰে। আনকি বিভিন্ন সমস্যা আৰু সংক্ৰমণো ছাল বা গোপন অংশত হ’ব পাৰে। বিশেষকৈ পুৰুষসকলে অন্তৰ্বাস বাছি লওঁতে অধিক সাৱধান হ’ব লাগে। পুৰুষে কেনেধৰণৰ অন্তৰ্বাস পৰিধান কৰিব লাগে ? এই ক্ষেত্ৰত কি কি কথা গুৰুত্ব দিব লাগে ? জানক ।

অন্তৰ্বাসে পুৰুষৰ প্ৰজনন ক্ষমতাক প্ৰভাৱিত কৰে নেকি ? কেতিয়া কেনেধৰণৰ আণ্ডাৰৱেৰ পিন্ধিব লাগে ? কি কয় চিকিৎসকে ?

প্ৰতীকী ফটো

Updated On: 

06 Apr 2025 11:43 AM

বেছি সংখ্যক মানুহে অন্তৰ্বাস বাছনি কৰাত অধিক সময় আৰু ধন খৰচ নকৰে । বিশেষকৈ পুৰুষসকলে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিয়ে । তদুপৰি অন্তৰ্বাসৰ বাছনি ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাও অনুভৱ নকৰে অধিকাংশ পুৰুষে । আনকি গুণগত মানৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ সস্তীয়া অন্তৰ্বাস ক্ৰয় কৰে পুৰুষসকলে । কিন্তু জানেনে আপোনাৰ এই অভ্যাসৰ বাবে আপুনি সমস্যাৰ সন্মুখীন হ’ব পাৰে ।

চিকিৎসক আৰু বিশেষজ্ঞৰ মতে, পুৰুষ-মহিলা উভয়ে অন্তৰ্বাস বাছনি তথা অন্তৰ্বাসৰ গুণগত মানৰ ক্ষেত্ৰত সাৱধান হ’ব লাগে। আমি পৰিধান কৰা অন্তৰ্বাসৰৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ স্বাস্থ্যৰ ওপৰত পৰে। আনকি বিভিন্ন সমস্যা আৰু সংক্ৰমণো ছাল বা গোপন অংশত হ’ব পাৰে। বিশেষকৈ পুৰুষসকলে অন্তৰ্বাস বাছি লওঁতে অধিক সাৱধান হ’ব লাগে। পুৰুষে কেনেধৰণৰ অন্তৰ্বাস পৰিধান কৰিব লাগে ? এই ক্ষেত্ৰত কি কি কথা গুৰুত্ব দিব লাগে ? জানক ।

পুৰুষৰ অন্তৰ্বাসে তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়। কেতিয়াবা পুৰুষসকলে পোপন অংশত খজুৱতি, সংক্ৰমণ, ছালৰ ৰোগ আদি সমস্যাৰ সন্মুখীন হয়। অন্তৰ্বাসৰ ভুল নিৰ্বাচনৰ বাবে প্ৰায়ে এই সমস্যাৰ সৃষ্টি হয়। বিশেষজ্ঞসকলে কয় যে, অতি টাইট, এয়াৰটাইট অন্তৰ্বাস পৰিধান কৰিলে প্ৰজনন ক্ষমতা আৰু শুক্ৰাণু উৎপাদনত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। গতিকে অন্তৰ্বাস বাছি লওঁতে অতি সাৱধান হোৱাৰ প্ৰয়োজন।

Boxers – এই ধৰণৰ আণ্ডাৰৱেৰে বায়ু প্ৰবাহৰ সুবিধা প্ৰদান কৰে। ই ঢিলা, গতিকে ই দৈনন্দিন পৰিধানৰ বাবে উপযোগী। ইয়াৰ উপৰিও এই ধৰণৰ অন্তৰ্বাসে জিৰণি লোৱাৰ বাবে উপযোগী । কিন্তু ব্যায়াম বা জিম ৱৰ্কআউটৰ সময়ত এই ধৰণৰ অন্তৰ্বাস পৰিধান কৰাটো পৰিহাৰ কৰক । কিয়নো ই কেতিয়াবা অশান্তি সৃষ্টি কৰিব পাৰে।

Briefs – খেলা-ধূলা বা ব্যায়ামৰ দৰে শাৰীৰিক কাৰ্যকলাপৰ সময়ত এই ধৰণৰ অন্তৰ্বাস পৰিধান কৰাটো উত্তম। কিন্তু দিনটোৰ বেছিভাগ সময় এই ধৰণৰ অন্তৰ্বাস পিন্ধাটো উপযোগী নহয়। যিহেতু ই শৰীৰত বায়ু প্ৰবাহ হ্ৰাস কৰে, সেয়েহে অত্যাধিক ঘাম ওলোৱা আৰু অতি উত্তাপৰ সম্ভাৱনা থাকে। ইয়াৰ ফলত পুৰুষৰ প্ৰজনন ক্ষমতাতো প্ৰভাৱ পৰে। লগতে এই ধৰণৰ অন্তৰ্বাস দীৰ্ঘদিন পিন্ধিলে তেজৰ সোঁতত প্ৰভাৱ পৰিব পাৰে।

পুৰুষৰ সামগ্ৰিক স্বাস্থ্যৰ ক্ষেত্ৰত বক্সাৰ অতি উত্তম হিচাপে বিবেচিত হৈছে । কাৰণ ই বায়ু চলাচলত সহায় কৰে আৰু ই এক আৰামদায়ক অন্তৰ্বাস। ইয়াৰ উপৰিও অন্তৰ্বাস বাছি লওঁতে কাপোৰৰ প্ৰকাৰ (আৰ্দ্ৰতা শোষণ কৰা কপাহ, মাইক্ৰ’ফাইবাৰ) আৰু গুণগত মান বিবেচনা কৰাটো অতি প্ৰয়োজনীয়। বিশেষজ্ঞসকলে কয় যে, প্ৰতিদিনে আণ্ডাৰৱেৰ সলনি কৰিব লাগে আৰু এবাৰ পিন্ধা আণ্ডাৰৱেৰ নোধোৱাকৈ পুনৰ পিন্ধিব নালাগে। বিশেষকৈ এই গৰম দিনত টাইট অন্তৰ্বাস পিন্ধাটো পৰিহাৰ কৰক।

লগতে পঢ়ক : গৰমত বৃদ্ধি পায় এই তিনিটা ৰোগৰ আশংকা ? নিজকে কেনেকৈ ৰক্ষা কৰিব ? জানক

১ টকাত লাভ কৰক ১ জিবি ডাটা, জানক কেনেকৈ পাব এই সুবিধা...
কণ্ডম ব্যৱহাৰৰ ফলত হ'ব পাৰে ডাঙৰ ক্ষতি! জানক সকলো
সপোনত ভগৱান হনুমানক দেখাটো কিহৰ সংকেত?
কেতিয়াৰ পৰা আৰম্ভ হ'ব বাবা অমৰনাথ যাত্ৰা ২০২৫?