বয়স অনুযায়ী দৈনিক কিমান Makhana খাব লাগে? বিশেষজ্ঞৰ পৰা জানক সঠিক তথ্য

Makhana: মাখানা শৰীৰৰ বাবে উৎকৃষ্ট আৰু পুষ্টিকৰ খাদ্য যদিও ইয়াক সঠিক পৰিমাণত গ্ৰহণ কৰিব লাগে। আজিকালি মাখানা যথেষ্ঠ জনপ্ৰিয় হৈ পৰিছে। বয়স অনুযায়ী কিমান মাখানা খাব লাগে সেই বিষয়ে বিশেষজ্ঞসকলৰ পৰা জানক।

বয়স অনুযায়ী দৈনিক কিমান Makhana খাব লাগে? বিশেষজ্ঞৰ পৰা জানক সঠিক তথ্য

বয়স অনুযায়ী দৈনিক কিমান Makhana খাব লাগে?

barasha-misra
Published: 

31 Jan 2025 08:44 AM

মাখানাক বহুতে পদুমৰ গুটি বুলিও কয়। ই মানৱ শৰীৰৰ বাবে অতি স্বাস্থ্যকৰ আৰু পুষ্টিকৰ খাদ্য বুলি গণ্য কৰা হয়। মাখানাত প্ৰ’টিন, ফাইবাৰ, খনিজ পদাৰ্থ, আৰু এন্টিঅক্সিডেন্ট থাকে। যিয়ে শৰীৰক শক্তি প্ৰদান কৰাৰ লগতে পাচনতন্ত্ৰ সুস্থ কৰি ৰাখে। লঘু হোৱাৰ বাবে ইয়াক শিশুৰ পৰা বৃদ্ধলৈকে সকলোৰে বাবে উপকাৰী। কিন্তু বয়স অনুযায়ী কিমান মাখানা খাব লাগে জানেনে?

পুষ্টিবিদ নমামী আগৰৱালাই কয় যে, মানুহে এইবোৰ লঘু খাদ্য় বুলি ভাবি বেছিকৈ খাবলৈ আৰম্ভ কৰে। কিন্তু বেছিকৈ খোৱাটোও বিপদজনক হ’ব পাৰে। ইয়াক অতিমাত্ৰা খালে পেটৰ সমস্যা হয়। এনে ক্ষেত্ৰত বয়স অনুযায়ী কিমান মাখানা খাব লাগে সেই কথা জনাটো জৰুৰী।

৩ বছৰ আৰু তাৰ তলৰ শিশু

পুষ্টিবিদসকলে কয় যে, এই বয়সৰ শিশুক কম পৰিমাণেহে মাখানা খুৱাব লাগে। দৈনিক ৫ টা মাখানা দিব পাৰি। শিশুৰ পাচনতন্ত্ৰৰ বিকাশ আৰম্ভ হোৱা সময় এয়া। অধিক পৰিমাণে খালে পাচনতন্ত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

১০ বছৰ বয়সৰ শিশুৰ বাবে

এই বয়সলৈকে শিশুক ১৫টা গুটি মাখানা খুৱাব পৰা যায়। এই বয়সত শিশুৰ পাচনতন্ত্ৰ অলপ শক্তিশালী হৈ উঠে। ইয়াৰ ফলত শিশুৱে পুষ্টিকৰ উপাদানসমূহ শোষণ কৰিব পাৰে।

প্ৰাপ্তবয়স্কৰ বাবে

প্ৰাপ্তবয়স্কক ১৫ৰ পৰা ২০ গ্ৰাম মাখানা খাব পাৰে। কিন্তু ইয়াৰ পৰিমাণ বিভিন্ন বস্তুৰ ওপৰত নিৰ্ভৰ কৰি কম বেছি পৰিমাণে হ’ব পাৰে।

কেনেকৈ খাব?

মাখানাও পোনপটীয়াকৈ খাব পাৰে। অৱশ্যে ইয়াৰ পৰা অধিক সুফল পাবলৈ মাখানা গাখীৰত উতলাই খাব পাৰে। ইয়াক মৌ আৰু ফলৰ সৈতেও খাব পাৰে। ইয়াৰ দ্বাৰা সোৱাদ আৰু পুষ্টি দুয়োটা লাভ কৰিব।

মাখানা খোৱাৰ উপকাৰিতা

  • মাখানাত এন্টিঅক্সিডেন্ট থাকে, যিয়ে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে
  • ইয়াত কেল’ৰি কম থাকে আৰু প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যাৰ ফলত পেটটো বহুসময় ধৰি ভৰি থাকে
  • মাখানাত থকা আঁহে পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে
  • কোষ্ঠকাঠিন্যৰ বাবেও মাখানাক উপকাৰী বুলি গণ্য কৰা হয়

 

ভগৱান শিৱৰ তাণ্ডৱ নৃত্যৰ আঁৰৰ ৰহস্য জানেনে?
এডভান্টেজ আছাম ২.০ : আম্বানী-আদানীয়ে কৰিব ৫০ হাজাৰকৈ বিনিয়োগ
আপোনাৰ ছাল শুকান নেকি? তেন্তে ব্যৱহাৰ নকৰিব এইসমূহ সামগ্ৰী..
লং আৰু নহৰুৰ স্বাস্থ্যৰ উপকাৰিতা কি ? কিয় খাব লাগে ? জানক