সুস্বাস্থ্যৰ বাবে কোন বয়সত কিমান সময়ৰ টোপনিৰ প্ৰয়োজন, জানি লওক | How much sleep do you need by age? Details in Assamese Assam news - Assam Tv9

Sleeping Hours: সুস্বাস্থ্যৰ বাবে কোন বয়সত কিমান সময়ৰ টোপনিৰ প্ৰয়োজন, জানি লওক…

Published: 

29 Jul 2024 21:17 PM

সুস্থ শৰীৰৰ বাবে ভাল টোপনি অতি প্ৰয়োজন। কিন্তু দিনটোত কিমান সময় শুব লাগে সেয়া বয়সৰ ওপৰত নিৰ্ভৰ কৰে। বিশেষজ্ঞ সকলৰ মতে, প্ৰতিটো বয়সত টোপনি টোপনিৰ বয়স বেলেগ বেলেগ । কোন বয়সত কিমান সময় শুব লাগে, সেয়া জানি লওক...

1 / 8সুস্থ

সুস্থ শৰীৰৰ বাবে ভাল টোপনি অতি প্ৰয়োজন । কিন্তু আপুনি কিমান সময় শুব লাগে সেয়া বয়সৰ ওপৰত নিৰ্ভৰ কৰে ।

2 / 8

বিশেষজ্ঞ সকলৰ মতে, নৱজাতকৰ বাবে ১৪ৰ পৰা ১৭ ঘণ্টা টোপনি অহাটো স্বাভাৱিক। তিনিমাহ বয়সলৈকে এই টোপনি স্বাভাৱিক।

3 / 8

৪ মাহৰ পৰা ১ বছৰীয়া শিশুৰ বাবে ১২ৰ পৰা ১৬ ঘণ্টা টোপনি অহাটো স্বাভাৱিক।

4 / 8

১ বছৰৰ পৰা ২ বছৰীয়া শিশুক ১১ৰ পৰা ১৪ ঘন্টা টোপনিৰ প্ৰয়োজন।

5 / 8

৩ৰ পৰা ৫ বছৰীয়া শিশুৰ বাবে ১০ৰ পৰা ১৩ ঘণ্টা টোপনি অহাটো স্বাভাৱিক। ৬ৰ পৰা ১২ বছৰ বয়সৰ শিশুক দিনটোত ৯ ৰ পৰা ১২ ঘণ্টা টোপনিৰ প্ৰয়োজন।

6 / 8

১৩ৰ পৰা ১৭ বছৰ বয়সৰ অৰ্থাৎ কিশোৰ-কিশোৰীৰ বাবে ৮ৰ পৰা ১০ ঘণ্টা টোপনি যথেষ্ট।

7 / 8

প্ৰাপ্তবয়স্ক অৰ্থাৎ ১৮ৰ পৰা ৬০ বছৰ বয়সৰ লোকক দিনটোত ৭ ঘণ্টা টোপনিৰ প্ৰয়োজন।

8 / 8

আকৌ বয়স বৃদ্ধিৰ লগে লগে অধিক টোপনিৰ প্ৰয়োজন হয়। গতিকে ৬০-৬৫ বছৰৰ ওপৰৰ লোকে দিনটোত ৮-৯ ঘণ্টা শুব লাগে।

Follow Us On
ভাত কেৰালাত সৰ্বাধিক কি ভিটামিন থাকে? ইয়াৰ উপকাৰীতাৰ বিষয়ে জানক
ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ পানীয় অধিক উপকাৰী, জানক সবিশেষ...
আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
অনেক গুণসম্পন্ন তিতা কেৰেলাত কি ভিটামিন অধিক থাকে, জানেনে?
Exit mobile version