স্মৃতিশক্তি বৃদ্ধি কৰিব বিচাৰিছে নেকি? বিশেষজ্ঞৰ এই ৪টা টিপছ অনুসৰণ কৰক…

Boost Memory Power: অসংযত জীৱনশৈলী আৰু খাদ্যই মগজুকো প্ৰভাৱিত কৰে। যাৰ বাবে স্মৃতিশক্তি হ্ৰাস হয়। সেয়েহে, মগজু শক্তিশালী কৰাটো গুৰুত্বপূৰ্ণ, যিয়ে স্মৃতিশক্তি বৃদ্ধি কৰে। স্মৃতিশক্তি বৃদ্ধি কৰাৰ বিশেষজ্ঞৰ পৰা পৰামৰ্শ লও আহক

স্মৃতিশক্তি বৃদ্ধি কৰিব বিচাৰিছে নেকি? বিশেষজ্ঞৰ এই ৪টা টিপছ অনুসৰণ কৰক...

স্মৃতিশক্তি বৃদ্ধি কৰাৰ টিপছ

Published: 

17 Nov 2024 14:47 PM

Brain Health: ব্যস্ত জীৱনশৈলী আৰু দুৰ্বল খাদ্যভ্যাগৰ বাবে মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। চাপ, টোপনিৰ অভাৱ আৰু অস্বাস্থ্যকৰ খাদ্যই আমাৰ মগজুৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। এনে পৰিস্থিতিত, মনত ৰখা আৰু মনোযোগ দিয়া কঠিন হৈ পৰে। বৰ্তমান সঘনাই পাহৰি যোৱাৰ সমস্যাটো কেৱল বৃদ্ধসকলৰ ক্ষেত্ৰতেই নহয় যুৱসকলৰ ক্ষেত্ৰতো দেখা গৈছে।

পুষ্টিবিদ নমামি আগৰৱালৰ মতে, কেতিয়াবা কামৰ চাপ বা অধ্যয়নৰ সময়ত দীঘলীয়া সময়ৰ বাবে মনোযোগ বজাই ৰখাটো কঠিন হৈ পৰে। ই মগজুৰ উৎপাদনশীলতাক প্ৰভাৱিত কৰে। কিন্তু দৈনিক কিছুমান স্বাস্থ্যৰ বাবে উপযোগী পৰামৰ্শ অনুসৰণ কৰি আপোনাৰ মগজু শক্তিশালী কৰিব পাৰে।

ৰাতিপুৱাৰ খাদ্য

বিশেষজ্ঞসকলৰ মতে ৰাতিপুৱাৰ আহাৰ হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ। এই ক্ষেত্ৰত ৰাতিপুৱাৰ বাবে এক সন্তুলিত আৰু স্বাস্থ্যকৰ খাদ্য বাছনি কৰক। ৰাতিপুৱাৰ আহাৰত প্ৰ’টিন, ফাইবাৰ আৰু ভাল কাৰ্বোহাইড্ৰেট সমৃদ্ধ বস্তু খাব। সম্পূৰ্ণ শস্য, ডালিয়া আৰু ব্ৰাউন ৰাইচে শৰীৰ ভালে ৰখাত সহায় কৰে। লগতে এইবোৰ মগজুৰ বাবে উপকাৰী।

স্নেক্স

দিনটোত কম কম সময়ৰ ব্যৱধানত কিছু কিছু খাদ্য খোৱাটো প্ৰয়োজনীয়। ইয়াৰ বাবে গতিকে স্বাস্থ্যকৰ খাদ্য বাছনি কৰক। বাদাম বা আখৰোট ইয়াত অন্তৰ্ভুক্ত কৰিব পাৰে। ই হৈছে অমেগা-3 ফেটি এচিডৰ এক ভাল উৎস। যিয়ে আপোনাৰ মগজু সক্ৰিয় ৰাখে। আপুনি খাদ্যত আপেল, কল আৰু দৈও অন্তৰ্ভুক্ত কৰিব পাৰে।

যথেষ্ট পৰিমাণে পানী খাব

আমাৰ শৰীৰ আৰু মগজু সক্ৰিয় হৈ থাকিবলৈ পানী অতিকৈ প্ৰয়োজনীয় । বিশেষজ্ঞসকলৰ মতে, ডিহাইড্ৰেশ্যনে মগজুৰ কাৰ্যক প্ৰভাৱিত কৰিব পাৰে। গোটেই দিনটোত পৰ্যাপ্ত পৰিমাণে পানী খালে শক্তিৰ স্তৰ উন্নত হয় আৰু একাগ্ৰতাও বৃদ্ধি হ’ব। লগতে আপুনি গ্ৰীণ টি, পুদিনা আৰু তুলসীৰ চাহ অন্তৰ্ভুক্ত কৰিব পাৰে।

চেনীৰে বনোৱা বস্তু নাখাব

চেনীৰে তৈয়াৰ কৰা বস্তু খোৱাৰ পিছত আপুনি ভাগৰুৱা অনুভৱ কৰে। ই একাগ্ৰতা হ্ৰাস কৰে। ইয়াৰ পৰিৱৰ্তে আপুনি প্ৰাকৃতিক মিঠাই যেনে মৌ, খেজুৰ বা গুড় খাব পাৰে। ই আপোনাক লাহে লাহে শক্তি প্ৰদান কৰে। শীতকালত, সেইবোৰ বিভিন্ন ধৰণে অতি লাভজনক বুলি গণ্য কৰা হয়।

 

সপ্তাহৰ এই ৩টা দিনত গৰুক খুওৱাক ৰুটি, পাব আচৰিত ফলাফল!
১৪ বছৰৰ বনবাসৰ সময়ত কিয় এখন শাড়ীয়ে পিন্ধি আছিল মা সীতাই?
মানুহৰ তেজৰ সোৱাদ নিমখীয়া কিয়?
দ্ৰুত গতিত ওজন হ্ৰাস কৰিব বিচাৰিছে নেকি? তেন্তে নিশা এই বস্তুবোৰ নাখাব!